অসম

assam

জাপানত ভূমিকম্পত মৃতকৰ সংখ্য 57 লৈ বৃদ্ধি, উদ্ধাৰ অভিযান অব্যাহত

By ANI

Published : Jan 3, 2024, 8:01 AM IST

জাপানত 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমানেও বৃদ্ধি হৈ আছে ৷ জাপানৰ সংবাদমাধ্যম এন এইচ কে ৱৰ্ল্ডৰ মতে বৰ্তমানলৈকে মৃত্যু হোৱা লোকৰ সংখ্য 57 লৈ বৃদ্ধি পাইছে (7.5 magnitude earthquake in Japan)

earthquake in japan increases death toll rescue operation continues
জাপানত হোৱা ভূমিকম্পৰ ফলত মৃতকৰ সংখ্য 57 লৈ বৃদ্ধি

ইন্টাৰনেশ্যনেল ডেস্ক , 3 জানুৱাৰী :সোমবাৰে জাপানত ৰিখটাৰ স্কেলত 7.5 প্ৰাৱল্যৰ প্ৰৱল ভূঁইকপে জোঁকাৰি যোৱাৰ পাচত বিস্তৰ ক্ষতি সাধন হৈছে দেশখনৰ বিভিন্ন চহৰ ৷ বৰভূঁইকপৰ ফলত নিহতৰ সংখ্যাও বৃদ্ধি পাইছে ৷ জাপানৰ সংবাদমাধ্যম এন এইচ কে ৱৰ্ল্ডে ইশিকাৱা প্ৰিফেকচাৰৰ বিষয়াসকলৰ উদ্ধৃতি দি কয় যে, সোমবাৰে দেশখনক হোৱা 7.5 প্ৰাৱল্যৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়া 57 লৈ বৃদ্ধি পাইছে । প্ৰৱল ভূমিকম্পটোৱে ইশিকাৱাৰ কেন্দ্ৰীয় প্ৰান্তৰ নোটো উপদ্বীপক জোকাৰি গৈছিল ৷

ভূমিকম্পৰ পিছত 24 ঘণ্টাতকৈও অধিক সময়ৰ বাবে নোটো উপদ্বীপৰ উত্তৰ অঞ্চলটোলৈ পৰ্যটকক যোৱাত কিছু বাধা প্ৰদান কৰা হৈছিল ৷ ইফালে, ভূমিকম্পৰ ফলত ছুনামি হ’ব পাৰে বুলি সতৰ্কতা জাৰি কৰিছিল জাপানৰ বতৰ বিজ্ঞান সংস্থাই ৷ মঙলবাৰে জাপান বতৰ বিজ্ঞান সংস্থাই দেশখনৰ পশ্চিম উপকূলৰ কিছু অংশত সম্ভাৱনা থকা সকলো ছুনামি পৰামৰ্শ বাতিল কৰে ।

দেশখনৰ অগ্নি নিৰ্বাপক বিভাগৰ বিষয়াসকলে জনোৱা অনুসৰি, ৱাজিমা চহৰত ঘৰসহ 25 টা অট্টালিকা খহি পৰিছে ৷ এন এইচ কে ৱৰ্ল্ডে জনোৱা অনুসৰি, ভূমিকম্পৰ পাছতে ৱাজিমা চহৰৰ মূল কেন্দ্ৰত থকা কাৱাই টাউনত সোমবাৰে সংঘটিত হোৱা অগ্নিকাণ্ডত বিস্তাৰৰ ক্ষতি হৈছে ৷ অগ্নিনিৰ্বাপক বাহিনীয়ে বৰ্তমানেও জুই নিৰ্বাপনৰ চেষ্টা কৰি আছে ৷ বৰ্তমানলৈকে ব্যৱসায় প্ৰতিষ্ঠান আৰু ঘৰসহ প্ৰায় 200 টা অট্টালিকা জুইত জাহ গৈছে ৷ উক্ত চহৰখন পৰ্যটনস্থলীৰ বাবে জনাজাত আছিল ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে জনাইছে যে, ভূমিকম্পটো সোমবাৰে স্থানীয় সময় অনুসৰি বিয়লিৰ ভাগত প্ৰায় 4.10 বজাত ইশিকাৱা প্ৰান্তৰ নোটো উপদ্বীপত 10 কিলোমিটাৰ গভীৰতাত হৈছিল ৷

লগতে পঢ়ক :জাপানত ভূমিকম্পত নিহত ৩০, ছুনামিৰ সতৰ্কবাণী

ABOUT THE AUTHOR

...view details