অসম

assam

Jinping Biden Meet : চীন-আমেৰিকাই সহযোগিতাৰ সৈতে প্ৰতিযোগিতা বজাই ৰাখিবলৈ চেষ্টা কৰি আছে

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 5:16 PM IST

বুধবাৰে আমেৰিকা-চীন সম্পৰ্ক সুস্থিৰ কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰপতি জো বাইডেন আৰু ঝি জিনপিঙৰ মাজত এখন সন্মিলন অনুষ্ঠিত হৈছে । এগৰাকী প্ৰাক্তন কূটনীতিবিদে প্ৰকাশ কৰে যে দুয়োখন দেশৰ মাজত অৱনতি হোৱা সম্পৰ্কৰ মাজতে আমেৰিকা আৰু চীন উভয়ে কিছু কাৰ্যকৰী সন্তুলনৰ বাবে চেষ্টা কৰিব । ইটিভি ভাৰতৰ চন্দ্ৰকলা চৌধুৰীৰ প্ৰতিবেদন ।

চীন আৰু আমেৰিকাই সহযোগিতাৰ সৈতে প্ৰতিযোগিতা বজাই ৰাখিবলৈ চেষ্টা কৰি আছে
Jinping Biden Meet

ইণ্টাৰনেচনেল ডেস্ক, ১৫ নৱেম্বৰ : চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং বৰ্তমান আমেৰিকা ভ্ৰমণত আছে । ২১ সদস্য দেশৰ এছিয়া-প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক সহযোগিতা ফ'ৰামৰ (APEC) বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাত উপস্থিত হৈছে জিনপিং । উল্লেখ্য যে ছয় বছৰৰ ভিতৰত তেওঁৰ এইটো হৈছে প্ৰথম আমেৰিকা ভ্ৰমণ । আনহাতে, এই ভ্ৰমণ এনেকুৱা এক অভূতপূৰ্ব সময়ত আহিছে, যিটো সময়ত বিশ্বই গাজাৰ ওপৰত চলি থকা ইজৰাইলৰ আক্ৰমণৰ বিষয়ত ভূ-ৰাজনৈতিক অনিশ্চয়তাৰ দিশে লক্ষ্য কৰি আছে ।

আনহাতে, এই বৈঠক সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত অনিল ত্ৰিগুণায়টে কয় যে আমেৰিকা আৰু চীন দুয়ো পক্ষই অৱনতি ঘটা সম্পৰ্কৰ মাজত কিছু ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰি আছে । "আমেৰিকা আৰু চীনে গভীৰ আদৰ্শগত পাৰ্থক্য থকা সত্ত্বেও তেওঁলোকৰ 'সহযোগিতাৰ সৈতে প্ৰতিযোগিতা' দৃষ্টান্তক প্ৰত্যক্ষ সংঘাতমূলক পৰিস্থিতিলৈ অৱনমিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ যথাসম্ভৱ চেষ্টা কৰি আছে ।"

"তেওঁলোকৰ মাজত এটা উপলব্ধি আছে যে সম্ভৱত জি-২ (দুখন দেশৰ গ্ৰুপ) দৃষ্টিভংগীয়ে কিছু কাৰ্যকৰী সন্তুলন সৃষ্টি কৰিবলৈ সক্ষম হ'ব । কিন্তু যেতিয়ালৈকে মৌলিক পাৰ্থক্য আৰু প্ৰতিযোগিতামূলক ভূ-ৰাজনৈতিক স্বাৰ্থক প্ৰকৃততে সমাধান কৰা নহয়, তেতিয়ালৈকে ইয়া পুনৰ সংঘাতৰ লক্ষণৰ ওচৰলৈ পিছলি যোৱাৰ আশংকা থাকে ।" ত্ৰিগুণায়টে কয় ।

তেওঁ উল্লেখ কৰে যে ইণ্ডো-পেচিফিক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে এক অগ্ৰাধিকাৰৰ লগতে চিন্তাৰ বিষয় হৈ আছে । "মোৰ দৃষ্টিত ভাৰতৰ বাবে এই বুজাবুজিৰ কোনো প্ৰত্যক্ষ পৰিণাম নহ'ব, কিয়নো এই ক্ষেত্ৰত বহু অন্তৰ্নিহিত প্ৰত্যাহ্বান আছে ।" ত্ৰিগুণায়টে কয় ।

জি-২ বা 'গ্ৰুপ অব টু'ত চীন আৰু আমেৰিকাৰ মাজত এটা প্ৰস্তাৱিত অনানুষ্ঠানিক বিশেষ সম্পৰ্ক আছিল । বিশ্বৰ দুখন আটাইতকৈ প্ৰভাৱশালী আৰু শক্তিশালী দেশ হিচাপে আমেৰিকাৰ ৰাজনৈতিক চক্ৰৰ ভিতৰত এক জি-২ সম্পৰ্ক গঢ়ি তোলাৰ পৰামৰ্শ দিয়া হৈছে, য'ত আমেৰিকা আৰু চীনে একেলগে গোলকীয় সমস্যাৰ সমাধান কৰিব ।

উল্লেখ্য যে ২১ সদস্য ৰাষ্ট্ৰৰ এছিয়া-প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক সহযোগিতা (APEC) গোটৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ পূৰ্বে জিনপিঙে আমেৰিকাৰ স্থানীয় সময়মতে বুধবাৰে পুৱা ছান ফ্ৰান্সিস্কোৰ ওচৰত বাইডেনক সাক্ষাৎ কৰে । ছান ফ্ৰান্সিস্কোলৈ প্ৰস্থান কৰাৰ পূৰ্বে বাইডেনে কয় যে তেওঁৰ লক্ষ্য হৈছে কেৱল দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰা । "আমি চীনৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰা নাই । আমি যি কৰিবলৈ চেষ্টা কৰি আছোঁ সেয়া হৈছে সম্পৰ্কটো ভালৰ বাবে সলনি কৰা ।" বাইডেনে হোৱাইট হাউছত সাংবাদিকৰ আগত কয় ।

লগতে পঢ়ক :Jinping to Attend APEC Summit : এপিইচি সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ছান ফ্ৰান্সিস্কোত উপস্থিত জিনপিং

ABOUT THE AUTHOR

...view details