অসম

assam

খ্ৰীষ্টমাছ পাৰ্টী কৰি 100 গৰাকী কৰ্মচাৰী অসুস্থ

By ANI

Published : Dec 26, 2023, 9:08 AM IST

খ্ৰীষ্টমাছ পাৰ্টীত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পিচতে খাদ্যৰ বিষক্ৰিয়া হৈ প্ৰায় 100 গৰাকী এয়াৰবাছৰ কৰ্মচাৰী অসুস্থ হৈ পৰে (100 Airbus employees fall ill ) ৷

100 Airbus employees fall ill in France after company Christmas party
খ্ৰীষ্টমাছ পাৰ্টী কৰি 100 গৰাকী কৰ্মচাৰী অসুস্থ

নেশ্যনেল ডেস্ক, 26 ডিচেম্বৰ :ডিচেম্বৰ মাহৰ আৰম্ভণিতে ফ্ৰান্সৰ এখন এয়াৰবাছ সহায়ক প্ৰতিষ্ঠানত খ্ৰীষ্টমাছৰ পাৰ্টী কৰি 100 গৰাকী কৰ্মচাৰী অসুস্থ হৈ পৰাৰ খবৰ পোহৰলৈ আহিছে ৷ এই ঘটনা সন্দৰ্ভত ইউৰোপীয় এৰ’নেটিক্স কোম্পানীৰ মুখপাত্ৰগৰাকীয়ে জনোৱা অনুসৰি, কোম্পানীটোৰ দ্বাৰা আয়োজিত এটা খ্ৰীষ্টমাছ পাৰ্টীত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পিচতে খাদ্যৰ বিষক্ৰিয়া হৈ প্ৰায় 100 গৰাকী এয়াৰবাছৰ কৰ্মচাৰী অসুস্থ হৈ পৰে ৷ মুখপাত্ৰগৰাকীয়ে কি খাদ্য গ্ৰহণৰ বাবে এই ঘটনা সংঘটিত হয় তাৰ সবিশেষ জানিবলৈ দিয়া নাই ৷

যোৱা 15 ডিচেম্বৰত এই ঘটনাটো সংঘটিত হৈছিল ৷ অৱশ্যে এয়াৰবাছৰ কৰ্মচাৰীসকলে কোনো গুৰুতৰ ৰোগত ভোগা নাছিল ৷ মুখপাত্ৰজনে নিশ্চিত কৰা অনুসৰি যোৱা 18 ডিচেম্বৰৰ পৰা কিছু কৰ্মচাৰীয়ে পুনৰ কাৰ্যালয়ত যোগদান কৰিছে যদিও ইয়াৰে কিছু কৰ্মচাৰী এতিয়াও অসুস্থ হৈয়েই আছে ৷

2022 চনৰ জানুৱাৰীত স্থাপন কৰা হৈছিল এয়াৰবাছ আটলাণ্টিক নামৰ এই প্ৰতিষ্ঠানখন ৷ এইটো সম্পূৰ্ণ মালিকানাধীন এয়াৰবাছ সহায়ক প্ৰতিষ্ঠান । মুঠ 5 খন দেশত এয়াৰবাছ আটলাণ্টিকৰ শাখা কাৰ্যালয় আছে ৷ পাঁচখন দেশত এতিয়ালৈ প্ৰায় ১৩,০০০ কৰ্মচাৰী কৰ্মৰত হৈ আছে ৷ ফ্ৰান্সস্থিত মুখ্য কাৰ্যালয়টোত দুৰ্ভাগ্যজনকভাৱে বৰদিন উদযাপনত মধ্যাহ্ন ভোজন গ্ৰহণৰ পিচত এই ঘটনা সংঘটিত হয় ৷ ফ্ৰান্সৰ স্বাস্থ্য কৰ্তৃপক্ষই জনোৱা অনুসৰি কৰ্মচাৰীসকলক পৰীক্ষা কৰি কি খাদ্য খোৱাৰ বাবে এই ঘটনা সংঘটিত হৈছে তাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

এয়াৰবাছৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, "আমাৰ কৰ্মচাৰীসকলৰ স্বাস্থ্য সন্দৰ্ভত আমি চিন্তিত ৷ আমি এই খাদ্য বিষক্ৰিয়াৰ আঁৰৰ কাৰণ জানিবলৈ চেষ্টা কৰি আছো ৷ ভৱিষ্যতে এনে ঘটনা যাতে পুনৰাই নহয় তাৰ বাবে আমি চকু ৰাখিম ৷ আমি এআৰএছ স্বাস্থ্য সংস্থাৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিছো ।"

লগতে পঢ়ক:প্ৰতি বছৰে সমগ্ৰ বিশ্বতে উদযাপন কৰা বৰদিনৰ আঁৰৰ কাহিনী কি জানেনে ?

ABOUT THE AUTHOR

...view details