অসম

assam

একাধিক বোমা বিস্ফোৰণে জোকাৰি গ’ল কাবুলৰ বিমান বন্দৰ

By

Published : Aug 26, 2021, 9:58 PM IST

Updated : Aug 26, 2021, 10:58 PM IST

একাধিক বোমা বিস্ফোৰণে জোকাৰি গ’ল কাবুলৰ বিমান বন্দৰ
একাধিক বোমা বিস্ফোৰণে জোকাৰি গ’ল কাবুলৰ বিমান বন্দৰ ()

বৃহস্পতিবাৰে কাবুলৰ বিমান বন্দৰৰ ওচৰতে কমেও দুটা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷ আফগানিস্তানৰ পৰা চলি থকা স্থানান্তৰৰ প্ৰচেষ্টা(evacuation effort from Afghanistan)ৰ মাজতে সংঘটিত হোৱা এই বিস্ফোৰণটোত শিশুসহ কমেও ১৩ জন লোক নিহত হৈছে ৷

ইন্টাৰনেশ্বনেল ডেস্ক, 26 আগষ্ট :আফগানিস্তানৰ পৰা চলি থকা স্থানান্তৰৰ প্ৰচেষ্টা(evacuation effort from Afghanistan)ৰ মাজতে বৃহস্পতিবাৰে কাবুলৰ বিমান বন্দৰৰ ওচৰতে কমেও দুটা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷ হতাহত সকলৰ ভিতৰত অসামৰিক লোক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰ্ভিছ মেম্বাৰ সকল আছিল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ জন কাৰ্বিয়ে((United States Department of Defense spokesman) জনাইছে যে, এটা বিস্ফোৰণ বিমানবন্দৰৰ এবে গেটৰ ওচৰত আৰু আনটো ওচৰৰ বেৰন হোটেলৰ ওচৰত সংঘটিত হৈছিল ।

একাধিক বোমা বিস্ফোৰণে জোকাৰি গ’ল কাবুলৰ বিমান বন্দৰ

আন দুজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াই এই বিস্ফোৰণত আত্মঘাতি বোমাৰু(Suicide bomber) জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে ৷ "আমি নিশ্চিত কৰিব পাৰোঁ যে, এবে গেটত হোৱা বিস্ফোৰণ এটা জটিল আক্ৰমণৰ ফলস্বৰূপে হৈছিল; যাৰ ফলত কেইবাজনো আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অসামৰিক লোক হতাহত হৈছিল," কিৰ্বিয়ে এক টুইটযোগে এইদৰে কয়। তেওঁ লগতে কয়, "আমি এবে গেটৰ পৰা মাত্ৰ কিছু দূৰত অৱস্থিত বেৰন হোটেলত বা তাৰ আশে-পাশে কমেও আন এটা বিস্ফোৰণ সংঘটিত হোৱাৰ কথাও নিশ্চিত কৰিব পাৰোঁ । "

এজন তালিবান সন্ত্ৰাসবাদীয়ে প্ৰকাশ কৰা মতে, বিস্ফোৰণটোত শিশুসহ কমেও ১৩ জন লোক নিহত হৈছে আৰু বহুতো তালিবান ৰক্ষীও আহত হৈছে ।

এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াই সংবাদ মাধ্যমক জনাইছে যে, আঘাতপ্ৰাপ্ত সকলৰ ভিতৰত প্ৰায় তিনিজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰ্ভিছ মেম্বাৰ আছিল, আৰু প্ৰাৰম্ভিক তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । কাবুলত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে "এটা ডাঙৰ বিস্ফোৰণ" হোৱাৰ কথা উল্লেখ কৰে আৰু ইয়াৰ লগতে গুলীচালনাৰ ঘটনাৰ খবৰ পোৱাৰ কথাও উল্লেখ কৰিছে ।

হোৱাইট হাউচ(White house)ৰ এজন বিষয়াই জনোৱা অনুসৰি, ৰাষ্ট্ৰপতি জ’ বিডেনক(President Joe Biden) এই বিস্ফোৰণৰ বিষয়ে ইতিমধ্যে অৱগত কৰা হৈছে । বিডেনে আফগানিস্তানৰ পৰিস্থিতি সম্পৰ্কে নিৰাপত্তা বিষয়াসকলৰ সৈতে এক বৈঠকত আছিল, য'ত আমেৰিকা যুক্তৰাষ্ট্ৰই 20 বছৰীয়া যুদ্ধ সমাপ্ত কৰাৰ চূড়ান্ত পদক্ষেপ লোৱাৰ দিশত অৱতীৰ্ণ হৈছে ৷

লগতে পঢ়ক :আফগানিস্তানত থকা মাৰ্কিন নাগৰিকক আমেৰিকালৈ উভতিবলৈ অনুমতি তালিবানৰ

Last Updated :Aug 26, 2021, 10:58 PM IST

ABOUT THE AUTHOR

...view details