অসম

assam

বিশ্ব গঁড় দিৱস 2021: 'Keep The Five Alive'

By

Published : Sep 22, 2021, 8:17 AM IST

World Rhino Day 2021: Keep The Five Alive
বিশ্ব গঁড় দিৱস 2021: 'Keep The Five Alive'

সমগ্ৰ বিশ্বতে গড়ৰ পাঁচোটা প্ৰজাতিৰ সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে 22 ছেপ্তেম্বৰৰ দিনটো গড় দিৱস হিচাপে পালন কৰা হয় ৷ পৃথিৱীৰ ৫ টা গঁড়ৰ প্ৰজাতি আফ্ৰিকা আৰু এছিয়াত বাস কৰে ৷ 2021 চনৰ বিশ্ব গঁড় দিৱসৰ বিষয়বস্তু হ’ল- 'Keep The Five Alive' অৰ্থাৎ গড়ৰ পাঁচোটা প্ৰজাতিকে জীয়াই ৰাখক ৷

নিউজ ডেস্ক, 22 ছেপ্তেম্বৰ : আজি বিশ্ব গড় দিৱস ৷ সমগ্ৰ বিশ্বতে গড়ৰ পাঁচোটা প্ৰজাতিৰ সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে 22 ছেপ্তেম্বৰৰ দিনটো গড় দিৱস হিচাপে পালন কৰা হয় ৷ গঁড়ৰ এই পাঁচটা প্ৰজাতি হ’ল- সুমাত্ৰীয় গঁড়, এশিঙীয়া গঁড়, ক’লা গঁড়, জাভান গঁড়, আৰু শুকুলা গঁড় ৷

বিশ্ব গঁড় দিৱস 2021: 'Keep The Five Alive'

এই বিশেষ দিনটোৱে বিভিন্ন দায়িত্বশীল সংস্থাসমূহ, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনবোৰ (এন জি অ’), চিৰিয়াখানাসমূহ তথা নাগৰিক সমাজলৈ তেওঁলোকৰ নিজৰ সুকীয়া সুকীয়া পদ্ধতিত গঁড় প্ৰজাতিটোৰ বাবে উৎসৱ উদ্‌যাপন কৰিবলৈ এক সুযোগ আনি দিয়ে ৷ ইয়াৰ উপৰিও সাধাৰণ লোকৰ মাজতো পৰিৱেশ তন্ত্ৰত গঁড়ৰ প্ৰয়োজনীয়তা, কেনদৰে গঁড়ৰ যতন ল’ব লাগে লগতে গঁড় সুৰক্ষাক সমৰ্থন সন্দৰ্ভত সজাগতা বৃদ্ধি কৰে ৷

বিশ্ব গড় দিৱসৰ ইতিহাস :

২০১০ চনত এইটো স্পষ্ট হৈছিল যে গঁড় কূলৰ দূৰ্দশাৰ বিষয়ে বিশ্বজুৰি লোকসকল অৱগত নাছিল ৷ বহু লোকে আনকি এইটোও জনা নাছিল যে এই ৰাজকীয় প্ৰাণীবিধক সম্পূৰ্ণৰূপে হেৰুৱাৰ পথত আগুৱাই আগুৱাই আমি কিমানদূৰ পালোহি ৷ সেই সময়ত প্ৰজাতিটোৰ অৱস্থা ইমানেই সংকটজনক আছিল যে সমগ্ৰ বিশ্বজুৰি মুঠ ৩০ হাজাৰটাতকৈও কম সংখ্যক গঁড়হে বাচি অছিলগৈ ৷

বিশ্ব গঁড় দিৱস 2021: 'Keep The Five Alive'

সেয়ে বিশ্বত বাচি থকা গঁড় কেইটাক সুৰক্ষা প্ৰদান কৰাৰ প্ৰচেষ্টাৰে দক্ষিণ আফ্ৰিকাৰ ডব্লিউ ডব্লিউ এফে (WWF) বিশ্ব গড় দিৱসৰ ঘোষণা কৰে আৰু পৰৱৰ্তী কালত এই প্ৰচেষ্টাই অভূতপূৰ্ৱ সফলতা লাভ কৰে ৷ বিশ্ব গঁড় দিৱসত গড়বোৰক লৈ উৎসৱ উদ্‌যাপন কৰা হয় আৰু এই প্ৰজাতিটোৱে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ বিষয়ে জনমাসনত সচতেনতা জাগ্ৰত কৰোৱা হয় ৷

বিগত কিছু বছৰত চোৰাং চিকাৰী, নগৰিকৰণ আৰু প্ৰদূষণ আদিয়ে গঁড়ৰ প্ৰজাতিটোলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ যাৰ ফলত গঁড়ৰ নিৰ্দিষ্ট প্ৰজাতি কেইটামানক সম্পূৰ্ণৰূপে বিপন্নতাৰ শাৰীলৈ থেলি দিয়া হৈছে আৰু আনহাতে অন্য প্ৰজাতি কেইটাক অতি সংকটজনক অৱস্থাত বিলুপ্ত হোৱাৰ পথত তেনেকৈয়ে এৰি দিয়া হৈছে ৷

পৃথিৱীৰ ৫ টা গঁড়ৰ প্ৰজাতি আফ্ৰিকা আৰু এছিয়াত বাস কৰে

জাভান গঁড় (ৰাইণ’ছেৰছ ছ’ণ্ডাইকাছ)- সংকটজনকভাৱে বিপন্ন (আই ইউ ছি এন)

সুমাত্ৰীয় গঁড় (ডাইছেৰোৰিনাছ সুমাত্ৰেনছিছ)- সংকটজনকভাৱে বিপন্ন (আই ইউ ছি এন)

ক’লা গঁড় (ডাইছেৰছ বাইকৰ্ণিছ)- সংকটজনকভাৱে বিপন্ন (আই ইউ ছি এন)

শুকুলা গঁড় (ছিৰাট’থেৰিয়াম ছিমাম)- ভাবুকিৰ সন্মুখীন হৈ আছে (আই ইউ ছি এন)

এশিঙীয়া গঁড় (ৰাইণ’ছেৰছ ইউনিকৰ্ণিছ)- সংকটাপন্ন (আই ইউ ছি এন)

বিশ্ব গঁড় দিৱস 2021: 'Keep The Five Alive'

2021 চনৰ বিশ্ব গঁড় দিৱসৰ বিষয়বস্তু হ’ল-'Keep The Five Alive' অৰ্থাৎ গড়ৰ পাঁচোটা প্ৰজাতিকে জীয়াই ৰাখক ৷

বিশ্ব গঁড় দিৱস 2021ৰ উদ্দেশ্য :

জলবায়ু পৰিৱৰ্তন, চিকাৰ, প্ৰাকৃতিক বাসস্থানৰ বিভ্ৰান্তি আদি বিভিন্ন কাৰণত গঁড়ৰ প্ৰজাতিসমূহ প্ৰায় বিলুপ্ত হ’বলৈ ধৰিছে ৷ সেইবাবে এই দিনটোত এই বিশেষ প্ৰাণীবিধৰ বিষয়ে সজাগতা বৃদ্ধি কৰাই বিশ্ব গড় দিৱস 2021ৰ উদ্দেশ্য ৷

কোন কেইবিধ প্ৰজাতিৰ গঁড় বিলুপ্তিৰ পথত ?

ইতিহাসলৈ উভতি চালে গঁড়ৰ প্ৰায় 100 বিধ প্ৰজাতিৰ কথা জানিবলৈ পোৱা যায় ৷ কিন্তু সময়ৰ সোঁতত তাৰ অধিকাংশই বিলুপ্ত হৈ পৰিল ৷ ইয়াৰ বিপৰীতে গঁড়ৰ আন পাঁচটা প্ৰকাৰ অৰ্থাৎ জাভান গঁড়, সুমাত্ৰীয় গঁড়, ক’লা গঁড়, শুকুলা গঁড়, এশিঙীয়া গঁড়ো এতিয়া ক্ৰমাৎ বিলুপ্তপ্ৰায় প্ৰজাতিৰ অন্তৰ্ভূক্ত হৈছে ৷ আফিক্ৰাত শুকুলা গঁড় বিলুপ্ত হোৱা বুলি ধাৰণা কৰা হৈছিল ৷ কিন্তু এতিয়া সুৰক্ষিত অভয়াৰণ্যত এই প্ৰজাতিবিধক বিকশিত কৰা হৈছে ৷ ইয়াৰ বিপৰীতে পশ্চিমীয়া ক'লা গঁড় আৰু উত্তৰ বগা গঁড়বোৰ শেহতীয়াকৈ বনাঞ্চলত বিলুপ্ত হৈ গৈছে ।

বিশ্ব গঁড় দিৱস 2021: 'Keep The Five Alive'

ভাৰতৰ গঁড়ৰ বৰ্তমানৰ অৱস্থা :

বিশ্ব বন্যজীৱৰ পোষকতা কৰা সংস্থা “ৱৰ্ল্ড ৱাইড ফান্ড ফৰ নেছাৰ—ইণ্ডিয়া” (ডব্লিউ ডব্লিউ এফ- ভাৰত)ৰ মতে ১৯০৫ চনৰ ৭৫ টা গঁড়ৰ পৰা ২০১২ চনত ২৭০০ টালৈ ভাৰতীয় গঁড়ৰ (ৰাইন’ছেৰছ ইুনিকৰ্ণিছ) সংখ্যা বৃদ্ধি পায় ৷ বৰ্তমান এই সংখ্যা ২০২০ চনত ৩৬০০ টাৰ পাৰ হৈছে ৷

ডব্লিউ ডব্লিউ এফ (WWF)- ভাৰতৰ তথ্য মতে ২০১২ চনত ৯১ শতাংশ ভাৰতীয় গঁড় কেৱল অসমত বাস কৰিছিল ৷ অসমত মূলতঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতেই গঁড় দেখিবলৈ পোৱা যায় ৷ অৱশ্যে কিছু সংখ্যক গঁড় পবিতৰা অভয়াৰণ্যতো পোৱা যায় ৷ অসমৰ মুঠ গঁড়ৰ ৯১ শতাংশ আৰু ভাৰতৰ মুঠ গঁড়ৰ ৮০ শতাংশ গঁড় কাজিৰঙাত বাস কৰে ৷ ২০১৫ চনত কাজিৰঙা উদ্যানৰ কৰ্তৃপক্ষই চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছিল যে উদ্যান খনত ২৪০১ টা গঁড়ৰ বসতি আছে ৷

বিশ্ব গঁড় দিৱস 2021: 'Keep The Five Alive'

উদ্যানখনে গঁড়ৰ সৰ্বমুঠ বহন ক্ষমতা ইতিমধ্যেই চুইছে আৰু হয়তো অধিক গঁড়ৰ সংখ্যা বহন কৰিবলৈ সক্ষম নহ’বও পাৰে ৷ এই ভাবুকিটোৰ প্ৰতি লক্ষ্য ৰাখি এক কাৰ্য সমাপন কৰিব পৰা যায় যে ঘনবসতিপূৰ্ণ এলেকাবোৰ যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা পবিতৰা অভয়াৰণ্য আদিৰ পৰা নি সংৰক্ষিত এলেকাবোৰত সংস্থাপন কৰিব পৰা যায় যাতে তাত এই প্ৰজাতিটোৱে বংশ বৃদ্ধি কৰিব পাৰে ৷

২০০৮ চনৰ পৰা ২০১২ চনৰ ভিতৰত আই আৰ ভি ২০২০ ৰ অধীনত ১৮ টা গঁড় মানস ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত কৰা হৈছিল ৷ গঁড় স্থানান্তৰিত কৰাৰ এই প্ৰচেষ্টা এতিয়াও চলাই থকা হৈছে ৷ গঁড়ৰ সংখ্যা ক্ৰমবৰ্দ্ধমানভাৱে বৃদ্ধি পাই থকাৰ এই পৰিঘটনা, এশিঙীয়া গঁড়ৰৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত তৎপৰতাৰে চলাই থকা ক্ৰমবৰ্দ্ধিত প্ৰচেষ্টাটোৰেই এক ইংগিত ৷

ভাৰতত এশিঙীয়া গঁড় পোৱা ঠাই কেইখন-

দুধুৱা ৰাষ্ট্ৰীয় উদ্যান, উত্তৰ প্ৰদেশ

মানস ৰাষ্ট্ৰীয় উদ্যান, অসম

ওৰাং ৰাষ্ট্ৰীয় উদ্যান, দৰং আৰু শোণিতপুৰ জিলা, অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অসম

পবিতৰা অভয়াৰণ্য, অসম

জলদাপুৰ ৰাষ্ট্ৰীয় উদ্যান, পশ্চিম বংগ

গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যান, পশ্চিম বংগ

ABOUT THE AUTHOR

...view details