ETV Bharat / international

হৰদীপ নিজ্জাৰৰ হত্যাত জড়িত সন্দেহজনক অভিযুক্তই লাভ কৰিছিল ছাত্ৰ ভিছা - Nijjar Murder Latest Update

author img

By ANI

Published : May 9, 2024, 10:05 AM IST

Nijjar Murder Case : দিনে দিনে নতুন তথ্য উন্মোচন হ’বলৈ ধৰিছে হৰদীপ নিজ্জাৰৰ হত্যাকাণ্ডৰ ৷ এই ঘটনাত অভিযুক্ত হিচাপে নাম সাঙোৰ খোৱা এজন ব্যক্তিয়ে প্ৰকাশ কৰিছে কেতবোৰ ভিডিঅ’ ৷ য’ত প্ৰকাশ পাইছে প্ৰকৃত সত্য ৷

Nijjar Murder Case
হৰদীপ নিজ্জাৰৰ হত্যা (ETV Bharat Assam)

নিউজ ডেস্ক, 9 মে’ : শিখ বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ কেইটামান চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷ এই ঘটনাত নাম সাঙোৰ খোৱা এগৰাকী ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ত কৈছে যে তেওঁ অধ্যয়নৰ বাবে প্ৰয়োজনীয় ভিছা লৈ প্ৰৱেশ কৰিছিল কানাডাত ৷ যি এক দীঘলীয়া প্ৰক্ৰিয়াৰ লগতে প্ৰয়োজন হৈছিল দীৰ্ঘসময়ৰ ৷

2019 চনত ইণ্টাৰনেটত প্ৰকাশিত এটা ভিডিঅ’ত এই হত্যাকাণ্ডৰ সন্দেহজনক অভিযুক্ত কৰণ ব্ৰাৰে কৈছিল যে তেওঁ ভাটিণ্ডাত এথিকৱৰ্কছ ইমিগ্ৰেচন চাৰ্ভিচেছৰ জৰিয়তে ছাত্ৰ ভিছাৰ বাবে আবেদন কৰিছিল ৷ ইয়াৰ কিছুদিনৰ পাচতে তেওঁ ভিছা লাভ কৰাৰ কথা জানিব পৰা যায় ৷

পঞ্জাবৰ এক সংবাদ মাধ্যমে বিষয় সন্দৰ্ভত প্ৰকাশ কৰা অনুসৰি, ভাটিণ্ডাৰ উত্তৰে অৱস্থিত কোটকাপুৰাৰ এখন চহৰৰ পৰা এথিকৱৰ্কছৰ ফেচবুকত আপলোড কৰা হৈছিল ব্ৰাৰৰ এখন ফটোৰ লগতে উক্ত ভিডিঅ’টো ৷ এই ভিডিঅ’ৰ তলত বহুজনে ভিছা লাভ কৰাৰ বাবে তেওঁক অভিনন্দন জনাই কমেণ্ট কৰিছিল ৷

ইফালে প্ৰব্ৰজন, শৰণাৰ্থী বিভাগৰ মন্ত্ৰী মাৰ্ক মিলাৰে সন্দেহজনক লোকসকলে কেনেকৈ কানাডাত প্ৰৱেশ কৰিলে, সেই সন্দৰ্ভত কোনো প্ৰশ্নৰ উত্তৰ দিবলৈ অপাৰগতা প্ৰকাশ কৰে ৷ কিন্তু ইণ্টাৰনেটত লাভ কৰা পোষ্টৰ ভিত্তিত ব্ৰাৰে হত্যাকাণ্ডৰ তিনি বছৰ পূৰ্বেই অধ্যয়নৰ বাবে লাভ কৰা ভিছা লৈ কানাডাত উপস্থিত হৈছিল বুলি ক’ব পৰা যায় ৷

ব্ৰাৰৰ আন এক ফেচবুক পেজ অনুসৰি, তেওঁ 2020 চনৰ 30 এপ্ৰিলত কেলগাৰীৰ বো ভেলী কলেজত পঢ়া-শুনা আৰম্ভ কৰাৰ পাচত একে বছৰৰে 4 মে’ত এডমণ্টনলৈ স্থানান্তৰ হয় ৷ অৱশ্যে এই পৰ্যন্ত বিষয়টোৰ সন্দৰ্ভত উত্থাপিত কোনো প্ৰশ্নৰে সদুত্তৰ দিয়া নাই কানাডাৰ অনুপ্ৰৱেশ, শৰণাৰ্থী আৰু নাগৰিকত্ব প্ৰদানকাৰী বিভাগে ৷

শুকুৰবাৰে এডমণ্টনত কৰণ ব্ৰাৰ(22), কৰণপ্ৰীত সিং(28) আৰু কমলপ্ৰীত সিং(২২) ক কানাডা আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আটক কৰিছিল ৷ মঙলবাৰে তিনিওকে ব্ৰিটিছ কলম্বিয়াৰ চাৰেৰ আদালতত হাজিৰ কৰোৱা হয় ৷

সেই সময়ত আদালতত উপস্থিত হৈছিল ব্ৰিটিছ কলম্বিয়াৰ শিখ সম্প্ৰদায়ৰ লোকসকল ৷ তিনিওগৰাকী সন্দেহযুক্ত অভিযুক্ত আদালতত প্ৰৱেশ কৰাৰ পাচতে খালিস্তানপন্থী প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে আদালত চৌহদ ৷

লক্ষণীয়ভাৱে, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰত চৰকাৰৰ এজেণ্টসকলক নিজ্জাৰ হত্যাকাণ্ডৰ অভিযুক্ত হিচাপে দাবী কৰাৰ পাচতে ভাৰত-কানাডাৰ মাজৰ সম্পৰ্কত কিছু ফাঁট মেলে ৷ অৱশ্যে ভাৰত চৰকাৰে এই অভিযোগ অযুক্তিকৰ আৰু ভিত্তিহীন বুলি একেমুখে নস্যাৎ কৰে ৷

উল্লেখ্য যে, ২০২০ চনত ভাৰতৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ নিয়াই নিজ্জাৰক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল ৷ নিজ্জাৰক বিগত বৰ্ষৰ জুন মাহত গুৰুদ্বাৰৰ পৰা ওলাই অহাৰ সময়তে কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে ৷ চলিত বৰ্ষৰ মাৰ্চত এই হত্যাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাত দেখা গৈছিল যে নিজ্জাৰক কোনো আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল ৷ যাক কণ্ট্ৰাক্ট কিলিং বুলি কোৱা হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

যোৱা সপ্তাহত কানাডা আৰক্ষীয়ে এই হত্যাত জড়িত তিনিজন সন্দেহজনক ব্যক্তিৰ ফটো আৰু তেওঁলোকে ব্যৱহাৰ কৰা বাহনখনৰ ফটো প্ৰকাশ কৰিছিল ৷ তাৰ পিছতে আৰক্ষীয়ে এই তিনিজন ব্যক্তিক নিজ্জাৰৰ হত্যাত জড়িত থকাৰ সন্দেহত আটক কৰে ৷

লগতে পঢ়ক : খালিস্তানপন্থী নিজ্জাৰক হত্যাৰ সন্দেহত গ্ৰেপ্তাৰ 3 ভাৰতীয় নাগৰিক - Nijjar Murder Latest Update

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.