অসম

assam

Urvashi Rautela latest news: চুলি কাটি এইবাৰ ইৰাণৰ মহিলাৰ সমৰ্থনত নামিল উৰ্ৱশী ৰৌতেলা

By

Published : Oct 17, 2022, 5:32 PM IST

সোমবাৰে উৰ্ৱশী ৰৌতেলাই ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰে য’ত তেওঁৰ চুলি কাটি থকা দেখা গৈছে (urvashi support iranian women by chopping hair) । মাহছা আমিনীৰ মৃত্যুৰ পিছত সৃষ্টি হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত তেওঁৰ এই পদক্ষেপেৰে প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াইছে । ইৰাণৰ মহিলাসকলে নৈতিকতা আৰক্ষীৰ বিৰুদ্ধে মাত মাতি থকাৰ সময়তে তেওঁ সমৰ্থন আগবঢ়াইছে ।

Urvashi Rautela
মহিলাৰ সমৰ্থনত নামিল উৰ্ৱশী ৰৌতেলা

চিটাৰা ডেস্ক, 17 অক্টোবৰ :নিজকে অনলাইনত "উৎপীড়ন"ৰ ভুক্তভোগী বুলি অনুভৱ কৰি নিজৰ পৰিস্থিতিক মাহছা আমিনীৰ সৈতে তুলনা কৰাৰ পিছত উৰ্ৱশী ৰৌতেলাই মাহছা আমিনীৰ মৃত্যুত প্ৰতিবাদত নিহত হোৱা ইৰাণী মহিলা আৰু যুৱতীসকলৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে চুলি কাটি ইনষ্টাগ্ৰামত পোষ্ট শ্বেয়াৰ কৰিছে ।

সোমবাৰে উৰ্ৱশীয়ে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰে য’ত তেওঁৰ চুলি কাটি থকা দেখা গৈছে (Urvashi chops hair supportting iranian women) । ফটোখনৰ সৈতে তেওঁ এটা বাৰ্তা লিখিছে - "CHOPPED MY HAIR OFF! ইৰাণৰ নৈতিকতা আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱাৰ পিছত মাহছা আমিনীৰ মৃত্যুত প্ৰতিবাদত নিহত হোৱা ইৰাণী মহিলা আৰু যুৱতীৰ সমৰ্থনত আৰু উত্তৰাখণ্ডৰ 19 বছৰীয়া ছোৱালী অংকিতা ভাণ্ডাৰীৰ লগতে সকলো ছোৱালীৰ বাবে মোৰ চুলি কাটিছো" ৷

"বিশ্বজুৰি মহিলাসকলে ইৰাণ চৰকাৰৰ বিৰুদ্ধে চুলি কাটি প্ৰতিবাদত একত্ৰিত হৈছে । মহিলাক সন্মান কৰক । মহিলা বিপ্লৱৰ বাবে এক গোলকীয় প্ৰতীক । চুলিক নাৰীৰ সৌন্দৰ্য্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয় । ৰাজহুৱা স্থানত চুলি কাটি ইয়াৰ দ্বাৰা মহিলাসকলে দেখুৱাইছে যে তেওঁলোকে সমাজৰ সৌন্দৰ্য্যৰ মানদণ্ডৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে আৰু তেওঁলোকে কেনেকৈ সাজ-পোছাক পিন্ধিব, আচৰণ কৰিব বা জীয়াই থাকিব সেই বিষয়ে অন্য কাকো সিদ্ধান্ত ল’বলৈ নিদিয়ে,” তেওঁ লগতে কয় ।

উৰ্ৱশীয়ে শেষত কয়, "এবাৰ মহিলাসকলে একত্ৰিত হ'লে আৰু এগৰাকী মহিলাৰ বিষয়ক সমগ্ৰ নাৰীজাতিৰ বিষয় হিচাপে বিবেচনা কৰিলে, নাৰীবাদে এক নতুন মাত্ৰা লাভ কৰিব" ৷ উৰ্ৱশীয়ে ফটো শ্বেয়াৰ কৰাৰ লগে লগে নেটিজেনসকলে অনুমান কৰিব পাৰে যে তেওঁ ভগৱান ভেংকটেশ্বৰ স্বামীৰ তিৰুপতি মন্দিৰত আছে । ফটো শ্বেয়াৰ কৰাৰ লগে লগে এইটোও প্ৰশ্ন উত্থাপন হয় যে এইয়া তেওঁৰ পূৰ্বৰ ভ্ৰমণৰ ফটো নেকি । আপোনালোকক জনাও যে অভিনেত্ৰীগৰাকীয়ে যোৱা বছৰ তেওঁৰ ভায়েক যশৰাজ ৰৌতেলাৰ সৈতে তিৰুপতি মন্দিৰ দৰ্শন কৰিছিল । তলত তেওঁৰ আগৰ তিৰুপতি ভ্ৰমণৰ ফটো দিয়া হৈছে-

উৰ্ৱশী বৰ্তমান অষ্ট্ৰেলিয়াত আছে আৰু তেওঁ তাত থকাৰ কথা প্ৰকাশ কৰাৰ পিছৰে পৰা নেটিজেনসকলে তেওঁক "ঋষভ পাণ্টক অনুসৰণ" কৰা বুলি ট্ৰ'ল কৰি আছে । ইয়াৰ পূৰ্বে ইনষ্টাগ্ৰামত তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু মানুহক "উৎপীড়ন" বন্ধ কৰিবলৈ কৈছিল । অৱশ্যে, নেটিজেনে তেওঁক পুনৰ ট্ৰ'ল কৰে কিয়নো তেওঁ নিজৰ পৰিস্থিতিক মাহছা আমিনীৰ সৈতে তুলনা কৰিছে - যি এগৰাকী ইৰাণী ছোৱালী যাক 13 ছেপ্টেম্বৰত তেহৰাণত "অনুপযুক্ত" পোছাক পিন্ধাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু গ্ৰেপ্তাৰ কৰাৰ তিনিদিন পিছতে জিম্মাত থকা অৱস্থাত তেওঁৰ মৃত্যু হৈছিল ।

মাহছা আমিনীৰ মৃত্যুৰ পিছতে বিক্ষোভ আৰু নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষৰ সৃষ্টি হয় য’ত বহুতে প্ৰাণ হেৰুৱাব লগা হৈছে (protests over the death of Mahsa Amini) । নৰৱেস্থিত ইৰাণ মানৱ অধিকাৰ সংগঠনটোৱে প্ৰকাশ কৰা অনুসৰি মাহছা আমিনীৰ মৃত্যুক লৈ দেশজোৰা প্ৰতিবাদত 100 ৰো অধিক লোক নিহত হৈছে । আমিনীৰ মৃত্যুক লৈ প্ৰতিবাদত হিজাব আঁতৰাই বিক্ষোভ উত্থাপন কৰি বিপুল সংখ্যক ইৰাণৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু মহিলাসকল ওলাই আহিছে ।

লগতে পঢ়ক:Elnaaz Norouziচেক্ৰেড গেমছ খ্যাত এলনাজ নৰৌজী নামিল ইৰাণৰ মহিলাৰ সমৰ্থনত

ABOUT THE AUTHOR

...view details