অসম

assam

Urvashi Rautela Trolled: পৱন কল্যাণক অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী বুলি কৈ ট্ৰলৰ সন্মুখীন উৰ্বশী ৰাউটেলা

By

Published : Jul 28, 2023, 2:19 PM IST

পুনৰ ছ’চিয়েল মিডিয়াত ট্ৰ’ল হ’ল উৰ্বশী ৰাউটেলা । পৱন কল্যাণক অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কৈ ট্ৰল হ’ল অভিনেত্ৰীগৰাকী ।

Urvashi Rautela brutally trolled for calling Pawan Kalyan CM of Andhra Pradesh
ট্ৰ’ল হ’ল উৰ্বশী ৰাউটেলা

চিটাৰা ডেস্ক, 28 জুলাই: পেছাদাৰী জীৱনতকৈ ব্যক্তিগত জীৱনৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে উৰ্বশী ৰাউটেলাই । প্ৰায়ে নিজৰ ব্যক্তিগত জীৱনৰ বাবে লাইমলাইটত থাকে অভিনেত্ৰীগৰাকী ৷ কেতিয়াবা যদি পোষ্টৰ বাবে কেতিয়াবা আকৌ পোষ্টৰ কেপচনৰ বাবে সমালোচনাৰ সন্মুখীন হয় অভিনেত্ৰীগৰাকী ৷ শেহতীয়াকৈ উৰ্বশীয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছিল আৰু ইয়াৰ পিচতেই ছ’চিয়েল মিডিয়াত বেয়াকৈ সমালোচনাৰ সন্মুখীন হয় উৰ্বশী ৷ কিন্তু কি আছিল সেই পোষ্টটোত জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

কিয় ট্ৰল হ’ল উৰ্বশী ৰাউটেলা

উৰ্বশী ৰাউটেলা আৰু পৱন কল্যাণক একেলগে দেখা যাব ব্ৰ’ দ্য অৱতাৰ ছবিখনত । এই ছবিখন আজি ছবিগৃহত মুক্তি লাভ কৰিছে । ছ’চিয়েল মিডিয়াত পৱন কল্যাণৰ সৈতে এখন ছবি শ্বেয়াৰ কৰিছে উৰ্বশীয়ে, য’ত কেপচনত উৰ্বশীয়ে অভিনেতাজনক মুখ্যমন্ত্ৰী বুলি অভিহিত কৰিছে ।

উৰ্বশীৰ টুইট

পৱন কল্যাণ আৰু সাই ধৰম তেজৰ ব্ৰ’ ছবিখনত উৰ্বশী ৰাউটেলাৰ এটি বিশেষ গীত আছে । ছবিখনৰ প্ৰি-ৰিলিজ ইভেণ্টত উৰ্বশীয়ে দুয়োৰে সৈতে এখন ছবি শ্বেয়াৰ কৰিছিল । ফটোখন শ্বেয়াৰ কৰাৰ সময়ত তেওঁ লিখিছে, অন্ধ্ৰ প্ৰদেশৰ সন্মানীয় মুখ্যমন্ত্ৰী পৱন কল্যাণৰ সৈতে আমাৰ ছবি #BroTheAvatar ত পৰ্দাত স্থান শ্বেয়াৰ কৰি মই সুখী । কাইলৈ ​​২৮ জুলাইত বিশ্বজুৰি মুক্তি পাবলগীয়া এই ছবিখনত এজন অহংকাৰী মানুহক মৃত্যুৰ পিচত নিজৰ ভুল শুধৰণিৰ দ্বিতীয়টো সুযোগ দিয়া হৈছে ।

ইয়াৰ পিচতে ট্ৰল হ’ল উৰ্বশী

এই টুইটৰ পিছৰে পৰাই ছ’চিয়েল মিডিয়াত উৰ্বশীক ট্ৰল কৰা হয় ৷ এজন ব্যৱহাৰকাৰীয়ে লিখিছে - মুখ্যমন্ত্ৰী... এই মহিলাগৰাকীৰ না সৌন্দৰ্য আছে,না জ্ঞান আছে ৷ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে – তেওঁলোকক কোনে ক’ব ? একে সময়তে একাংশ লোকে পৱন কল্যাণৰ পুৰণি ভিডিঅ’টো শ্বেয়াৰ কৰিছে।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে উৰ্বশীক তেওঁৰ পৰৱৰ্তী ছবিত পাৰবীন বাবীৰ চৰিত্ৰত দেখা যাব । এই বিষয়ে তেওঁ নিজেই ছ’চিয়েল মিডিয়াত তথ্য শ্বেয়াৰ কৰিছিল । উৰ্বশীৰ ছবি ব্ৰ’ দ্য অৱতাৰৰ কথা ক’বলৈ গ’লে ই তামিল ছবি বিনোদয়া সীতমৰ পুনৰ্নিৰ্মাণ ।

লগতে পঢ়ক:Sara Ali Khan Office Space: অমৰনাথ যাত্ৰাৰ পৰা উভতি আহি ছাৰা আলী খানে ক্ৰয় কৰিলে অফিচ, দাম শুনিলে আচৰিত হ’ব আপুনি

ABOUT THE AUTHOR

...view details