অসম

assam

লৰেন্স বিষ্ণোইৰ ভাবুকিৰ পিচতে মুম্বাই আৰক্ষীয়ে ভাইজানৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰিলে পদক্ষেপ

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 12:26 PM IST

Updated : Nov 29, 2023, 2:43 PM IST

Salman Khan Security Review: দেওবাৰে পুনৰবাৰ গেংষ্টাৰ লৰেন্স বিষ্ণোইয়ে ফেচবুক পোষ্টৰ জৰিয়তে ছলমান খানক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত মুম্বাই আৰক্ষীয়ে অভিনেতাগৰাকীৰ নিৰাপত্তাৰ পৰ্যালোচনা কৰে ।

Salman Khan Y plus security reviewed amid new threat by gangster Lawrence bishnoi
মুম্বাই আৰক্ষীয়ে ভাইজানৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰিছে পদক্ষেপ

চিটাৰা ডেস্ক, 29 নৱেম্বৰ: গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ আন এক ভাবুকিৰ পিচতে মঙলবাৰে মুম্বাই আৰক্ষীয়ে ছলমান খানক দিয়া নিৰাপত্তাৰ পৰ্যালোচনা কৰে । লগতে 'টাইগাৰ ৩' অভিনেতাজনক সজাগ হৈ থাকিবলৈও পৰামৰ্শ দিয়ে । গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ ভাবুকিৰ পিচত অভিনেতাজনক ইতিমধ্যেই মুম্বাই আৰক্ষীয়ে ৱাই-প্লাছ নিৰাপত্তা প্ৰদান কৰিছিল।

ফেচবুক পোষ্টৰ জৰিয়তে ভাবুকি ছলমান খানৰ

দেওবাৰে গিপ্পি গ্ৰেৱালৰ কানাডাৰ বাসগৃহৰ বাহিৰত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা ৷ এই ঘটনাৰ দায়িত্ব বিষ্ণোইয়ে ফেচবুক পোষ্টৰ জৰিয়তে স্বীকাৰ কৰিছিল । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ফেচবুক একাউণ্টো ভাৰতৰ বাহিৰত খোলা হৈছিল । ফেচবুক পোষ্টটোত লিখা আছিল, “আপুনি ছলমান খানক আপোনাৰ ভাতৃ বুলি গণ্য কৰে, কিন্তু এতিয়া আপোনাৰ ‘ভাতৃ’য়ে আপোনাক বচাবলৈ সময় আহি পৰিছে । এই বাৰ্তা ছলমান খানৰ বাবেও – দাউদে আপোনাক বচাব বুলি ভ্ৰমত নাথাকিব, কোনেও আপোনাক বচাব নোৱাৰে ।”

লগতে লিখা আছিল, ‘‘সিধু মুছেৱালাৰ মৃত্যুত আপোনাৰ (গিপ্পি) নাটকীয় প্ৰতিক্ৰিয়া আমাৰ দৃষ্টি গোচৰ হৈছে, আমি সকলোৱে জানো তেওঁ কেনেকুৱা ব্যক্তি আছিল আৰু তেওঁৰ অপৰাধী ব্যক্তিৰ লগত সংযোগ আছিল ৷ এতিয়া আপুনি আমাৰ লক্ষ্যত আছে । এইটো এটা ট্ৰেইলাৰ বুলি ধৰি লওক, সমগ্ৰ ছবিখন বাকী আছে । অচিৰেই মুক্তি পাব ছবিখন ৷ ইচ্ছা কৰিলে যিকোনো দেশলৈ পলায়ন কৰিব পাৰে, কিন্তু মনত ৰাখিব, মৃত্যুৰ বাবে কোনো ভিছাৰ প্ৰয়োজন নাই; মৃত্যু নিমন্ত্ৰণ নোহোৱাকৈয়ে আহে ।”

গিপ্পি গ্ৰেৱালৰ প্ৰতিক্ৰিয়া

ঘটনাৰ পিচত গিপ্পিয়ে কয় যে ছলমানৰ সৈতে তেওঁৰ কোনো বন্ধুত্ব নাই আৰু তেওঁৰ খং মোৰ ওপৰত তোলা হৈছে । তেওঁ কয় যে ‘মৌজা হি মৌজা’ৰ ট্ৰেইলাৰ লঞ্চৰ সময়ত ছলমানক লগ পাইছিল কাৰণ ছবিখনৰ নিৰ্মাতাই তেওঁক সেই স্থানলৈ নিমন্ত্ৰণ জনাইছিল আৰু ইয়াৰ আগতে তেওঁ ছলমানক বিগ বছৰ চেটত হে লগ পাইছিল ।

গিপ্পিয়ে সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত কয়, "এই ঘটনাটো পুৱা ১২:৩০ বজাৰ পৰা ১ বজাৰ ভিতৰত (দেওবাৰ) সংঘটিত হৈছিল । মোৰ ঘৰ পশ্চিম ভেংকুৱাৰত, ঘটনাটো তাতেই সংঘটিত হৈছে । কি হৈছে আৰু কিয় হৈছে আমি বুজিব পৰা নাছিলো । এই ঘটনাটো যেতিয়া ঘটিছিল, মই স্তম্ভিত হৈছিলো কাৰণ মই আগতে কেতিয়াও কোনো বিতৰ্কৰ সন্মুখীন হোৱা নাছিলো । মোৰ কাৰো লগত কোনো শত্ৰুতা নাই, গতিকে মই কল্পনাও কৰিব পৰা নাছিলো যে আক্ৰমণৰ আঁৰত কোন থাকিব পাৰে ।"

মাৰ্চ মাহত ছলমান খানে লাভ কৰিছিল ভাবুকি

উল্লেখ্য যে, মাৰ্চ মাহত ইয়াৰ পূৰ্বে ছলমানে বিষ্ণোই গেঙৰ এজন সদস্যই প্ৰেৰণ কৰা ভাবুকিপূৰ্ণ মেইল ​​পাইছিল । এই সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে ছলমানৰ ঘৰৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে গোচৰো ৰুজু কৰিছিল । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এন আই এয়ে তদন্ত কৰা ড্ৰাগছ সৰবৰাহৰ গোচৰত বৰ্তমান কাৰাগাৰৰ আঁৰত আছে লৰেন্স বিষ্ণোই ।

লগতে পঢ়ক:গিপ্পি গ্ৰেৱালৰ বাসগৃহত গুলীচালনা, ছলমানৰ বাবেই লৰেন্স বিষ্ণইৰ লক্ষ্যত পাঞ্জাৱী গায়ক !

Last Updated :Nov 29, 2023, 2:43 PM IST

ABOUT THE AUTHOR

...view details