অসম

assam

কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মমতা বেনাৰ্জীৰ সৈতে বহি অনুষ্ঠান উপভোগ কৰিলে ছলমান খানে

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 10:47 AM IST

Kolkata International Film Festival 2023: ২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ বলীউডৰ অভিনেতা ছলমান খানৰ । এই মহোৎসৱত অংশগ্ৰহণ কৰি মমতা বেনাৰ্জীৰ সৈতে মঞ্চত নৃত্য কৰা দেখা গ’ল অভিনেতাগৰাকীক । ইয়াৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।

Salman Khan met CM Mamata Banerjee at 29th KIFF, Actor shared picture on Social Media
২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ বলীউডৰ অভিনেতা ছলমান খানৰ

চিটাৰা ডেস্ক, ৬ ডিচেম্বৰ: মঙলবাৰে ২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে । যাৰ বহু ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই মহোৎসৱত ছলমানে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰে । মমতা বেনাৰ্জীৰ সৈতে অভিনেতাগৰাকীৰ এই সাক্ষাৎৰ এখন ফটো ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছে ছলমানে ।

ছলমান খানৰ পোষ্ট

কলকাতাত মমতা বেনাৰ্জীক সাক্ষাৎ কৰিলে ছলমান খানে

ছলমান খানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ষ্ট’ৰীত মমতা বেনাৰ্জীৰ সৈতে তেওঁৰ এখন ফটো শ্বেয়াৰ কৰিছে । য’ত তেওঁক মমতা বেনাৰ্জীৰ সৈতে বহি অনুষ্ঠান উপভোগ কৰা দেখা গৈছিল । ছবিখনত ছলমান খানক ক’লা চুট পৰিধান কৰা দেখা গৈছিল । দুয়োৰে ফটোখন সম্প্ৰতি ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে ।

ছবিখনৰ উপৰিও ছলমান খানে এটা সৰু ভিডিঅ’ ক্লিপো শ্বেয়াৰ কৰিছে । য’ত মমতা বেনাৰ্জীয়ে ছলমান খানক হাতত ধৰি আদৰি নিবলৈ আহিছিল । ইয়াৰ পিচত দুয়োকে ভিতৰলৈ সোমাই যোৱা দেখা গ’ল ।

ছলমান খানৰ সৈতে নৃত্য কৰিলে মমতা বেনাৰ্জীয়ে

ইয়াৰ উপৰিও এই চলচ্চিত্ৰ মহোৎসৱৰ আন এটা ভিডিঅ’ ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে । য’ত মমতা বেনাৰ্জীয়ে মঞ্চত ছলমান খান, সোনাক্ষী সিনহা আৰু অনিল কাপুৰৰ সৈতে তেওঁৰ গীতত নৃত্য কৰা দেখা গৈছে । এই ভিডিঅ’টো ইণ্টাৰনেটত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে । য’ত তেওঁৰ সৈতে সৌৰভ গাংগুলী আৰু মহেশ ভাটকো দেখা গৈছে ।

ৱৰ্ক ফ্ৰন্টৰ কথা ক’বলৈ গ’লে ছলমান খানক শেহতীয়াকৈ দেখা গৈছিল ‘টাইগাৰ ৩’ ছবিখনত । ছবিখনত কেটৰিণা কাইফ আৰু ইমৰাণ হাছমীৰ সৈতে দেখা গৈছিল অভিনেতাগৰাকীক । ছবিখনত ইমৰাণক খলনায়কৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল ।

লগতে পঢ়ক:ছলমান খানৰ উপস্থিতিত ২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন মমতা বেনাৰ্জীৰ

ABOUT THE AUTHOR

...view details