অসম

assam

Sachin Tendulkar HBD: মাধুৰীৰ পৰা অনিললৈকে এইসকল চেলিব্ৰিটিয়ে ক্ৰিকেটৰ ভগৱানক জনালে জন্মদিনৰ শুভেচ্ছা

By

Published : Apr 24, 2023, 8:25 PM IST

নিজৰ নামত বহু অভিলেখ থকা ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন শচীন টেণ্ডুলকাৰৰ আজি ৫০ সংখ্যক জন্মদিন (Sachin Tendulkar)। এই বিশেষ দিনটোত বলীউডৰ বহু চেলিব্ৰিটিয়ে নিজৰ ষ্টাইলত ক্ৰিকেটাৰগৰাকীক জন্মদিনৰ শুভেচ্ছা জনায় ।

Sachin Tendulkar birthday Many celebs including Anil Kapoor Madhuri Dixit Wishes cricketer
শচীন টেণ্ডুলকাৰৰ আজি ৫০তম জন্মদিন

চিটাৰা ডেস্ক, 24 এপ্ৰিল: ‘গড অৱ ক্ৰিকেট’ বুলি অভিহিত কৰা শচীন টেণ্ডুলকাৰৰ আজি জন্মদিন ৷ আজি ৫০ বছৰ সম্পূৰ্ণ হ’ল ক্ৰিকেটাৰগৰাকীৰ । শচীন টেণ্ডুলকাৰক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে গণ্য কৰা হয় । ভাৰতীয় ক্ৰিকেট দলৰ শক্তিশালী বেটছমেনগৰাকীয়ে নিজৰ নামত বহু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । একে সময়তে এই বিশেষ অনুষ্ঠানত অনুৰাগীৰ উপৰিও বি-টাউনৰ চেলিব্ৰিটিসকলেও শচীনক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাইছে (HBD Sachin Tendulkar) ।

শচীন টেণ্ডুলকাৰৰ আজি ৫০তম জন্মদিন

বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিতে ইনষ্টাগ্ৰামৰ জৰিয়তে শচীন তেণ্ডুলকাৰক জন্মদিনৰ শুভেচ্ছা জনাইছে । নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত শচীনৰ এখন ছবি শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখিছে, ‘‘আমাৰ তাৰকালৈ জন্মদিনৰ শুভেচ্ছা থাকিল (Sachin Tendulkar birthday)। বিশ্বই দেখা আটাইতকৈ ডাঙৰ বেটছমেন, এজন আচৰিত মানুহ আৰু এজন সহযোগী টাউৰিয়ান । আপোনাৰ দৰে কোনো নাই ।’’

শচীন টেণ্ডুলকাৰৰ আজি ৫০তম জন্মদিন

বলীউডৰ অভিনেতা অনিল কাপুৰেও বেটছমেনগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাইছে (Sachin Tendulkar birthday wish) । নিজৰ আৰু শচীনৰ এখন পুৰণি ছবি নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘‘ক্ৰিকেটৰ সৰ্বকালৰ এজন মহান খেলুৱৈ আৰু সঁচাকৈয়ে ক্ৰীড়া জগতলৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ । শচীন তেণ্ডুলকাৰ আপুনি কেৱল এজন প্ৰেৰণাদায়ক খেলুৱৈ নহয় বৰঞ্চ এজন মহান স্বামী, পিতৃ আৰু নাগৰিক ।’’

ইফালে টুইটাৰত সুনীল শেট্টীয়ে শচীন তেণ্ডুলকাৰক জন্মদিনৰ শুভেচ্ছা জনাইছে । অভিনেতাজনে ক্ৰিকেটাৰগৰাকীৰ পুৰণি ছবি পোষ্ট কৰিছে । এই ছবিখনত শচীনে ক্ৰিকেট গ্ৰাউণ্ডত ভগৱানক ধন্যবাদ জনোৱা দেখা গৈছে । ছবিখন শ্বেয়াৰ কৰি সুনীল শ্বেট্টীয়ে লিখিছে, ‘‘এজন কিংবদন্তিৰ বাবে আন এক মাইলৰ খুঁটি যিয়ে লাখ লাখ যুৱকক ক্ৰিকেটৰ সপোন পূৰণৰ বাবে অনুপ্ৰাণিত কৰিছে । শচীন তেণ্ডুলকাৰৰ ৫০তম জন্মদিনৰ শুভেচ্ছা জনালোঁ । আপোনাৰ সুস্বাস্থ্য, সুখ আৰু সমৃদ্ধিৰ কামনা সদায় । জন্মদিনৰ শুভেচ্ছা থাকিল শচীন (happy birthday Sachin Tendulkar) ।’’

বলীউডৰ অভিনেতা ৰিতেশ দেশমুখে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত নিজৰ আৰু শচীনৰ এখন সুন্দৰ ছবি পোষ্ট কৰি লিখিছে, ‘‘বিশ্বক উন্মাদ কৰি তোলা খেলুৱৈজনৰ জন্মদিনৰ শুভেচ্ছা থাকিল ।’’

লগতে পঢ়ক:KKBKKJ Box Office Collection Day1: মুক্তিৰ প্ৰথম দিনা কেনে প্ৰদৰ্শন দেখালে ভাইজানৰ কিছি কা ভাই কিছি কি জানে ?

ABOUT THE AUTHOR

...view details