ETV Bharat / bharat

KKBKKJ Box Office Collection Day1: মুক্তিৰ প্ৰথম দিনা কেনে প্ৰদৰ্শন দেখালে ভাইজানৰ কিছি কা ভাই কিছি কি জানে ?

author img

By

Published : Apr 22, 2023, 6:36 PM IST

চৰ্চালৈ আহিছে ছলমান খানৰ ছবি ‘কিছি কা ভাই কিছি জান’ৰ প্ৰথম দিনৰ উপাৰ্জন । ছবিখনে মুকলিৰ দিনটোত আশা কৰা ধৰণে প্ৰদৰ্শন দেখাব পৰা নাই । ‘কিছি কা ভাই কিছি জান’ বক্স অফিচৰ সংগ্ৰহ এই ১০খন ছবিৰ মুক্তিৰ সংগ্ৰহৰ ওচৰত পৰাস্ত হ'ব নেকি ?

KKBKKJ Box Office Collection Day 1: Salman Khan top 10 opening movies
মুক্তিৰ প্ৰথম দিনা কেনে প্ৰদৰ্শন দেখালে ভাইজানৰ কিছি কা ভাই কিছি কি জানে, জানক প্ৰথম দিনাৰ সংগ্ৰহ কিমান ?

চিটাৰা ডেস্ক, 22 ডেস্ক: বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ ছবি ‘কিছি কা ভাই কিছি কি জান’ৰ বাবে ‘ভাইজান’ৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল । যোৱা ২১ এপ্ৰিলত মুক্তি লাভ কৰা ছবিখনে বক্স অফিচত বিশেষ প্ৰদৰ্শন দেখুৱাব পৰা নাছিল । ছবিখনৰ সন্দৰ্ভত অনুৰাগীৰ মাজত যি ধৰণৰ উন্মাদনা দেখা গৈছিল, ছবিখনে মুক্তিৰ দিনটোত আশা কৰা ধৰণে কাম কৰিব পৰা নাছিল । ছলমান খানৰ ছবিখনে মুক্তিৰ দিনত মাত্ৰ মুষ্টিমেয় উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এই ১০খন ছবিৰ মুকলি সংগ্ৰহৰ পৰা নিজেই ‘ভাইজান’ পিছ পৰি থকা দেখা গৈছে (KKBKKJ Box Office Collection Day 1) ।

'কিছি কা ভাই কিচি কি জান'ৰ মুকলি কালেকশ্যন

সুপৰিচিত চলচ্চিত্ৰ ট্ৰেড এনালিষ্ট তৰণ আদৰ্শৰ মতে, ছলমান খানৰ ছবি ‘কিছি কা ভাই কিছি কি জান’ ছবিখনে মুক্তিৰ দিনটোত মাত্ৰ ১৫.৮১ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । কোৱা হৈছে যে, ঈদৰ দিনা মুক্তি পোৱা ছলমান খানৰ এই ছবিখনৰ কালেকশ্যন যোৱা ১০খন ছবিৰ সংগ্ৰহৰ সন্মুখত বহুখিনি পিছ পৰি আছে (Kisi ka bhai kisi ki jaan Collection) ৷

ছালমান খানৰ ১০ খন মুক্তিৰ দিনাৰ সংগ্ৰহ

দবাং 3- ২২.২৯ কোটি টকা

ভাৰত- ৪১.৬২ কোটি

ৰেচ 3- ২৭.৬৯ ক্ৰ

টাইগাৰ জিন্দা হ্যে- ৩৪.১২ কোটি টকা

টিউবলাইট- ২০.৫৫ কোটি টকা

চুলতান- ৩৬.৫৯ কোটি টকা

প্ৰেম ৰতন ধন পায়ো- ৩৯.৩২ কোটি টকা

বজৰংগী ভাইজান- ২৬.৬৭ কোটি টকা

কিক- ২৪.৯৭ কোটি টকা

জয় হো- ১৭.০৬ কোটি টকা

আপোনালোকক কৈ দিও যে, ছলমান খানৰ শেহতীয়াকৈ মুক্তি লাভ কৰা ছবি ‘কিছি কা ভাই কিচি কি জানে ওপৰত দিয়া এই ১০খন ছবিৰ বক্স অফিচ অপেনিং চিনেমাৰ সংগ্ৰহৰ ওচৰত হাৰ মানিছে (Kisi ka bhai kisi ki jaan)।

সপ্তাহৰ শেষত ভাল প্ৰদৰ্শন দেখাব পাৰিবনে ?

‘কিছি কা ভাই কিছি কি জান’ ছবিখনে হয়তো মুক্তিৰ দিনটোত কোনো যাদুকৰী কৰিশ্মা কৰিব পৰা নাছিল যদিও সপ্তাহৰ শেষত ছবিখনৰ উপাৰ্জনত এক ডাঙৰ জাঁপ দেখা যায় । ঈদ উপলক্ষে মুক্তি লাভ কৰিছে ছবিখন । এনে পৰিস্থিতিত শনিবাৰে (২২ এপ্ৰিল) আৰু দেওবাৰে (২৩ এপ্ৰিল) ছবিখনৰ উপাৰ্জন বৃদ্ধি হোৱা দেখা যাব পাৰে । দুয়োটা দিনেই সপ্তাহৰ শেষৰ দিন সেয়ে ঈদ উপলক্ষে ছবিখন চাবলৈ ‘ভাইজান’ৰ অনুৰাগীসকলে চিনেমাগৃহলৈ যাব পাৰে ।

লগতে পঢ়ক: Amitabh Bachchan: নীলা টিক ঘূৰাই দিবলৈ অমিতাভ বচ্চনৰ ব্যতিক্ৰমী টুইট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.