অসম

assam

How to Become Mr World: মিষ্টাৰ ৱৰ্ল্ড হোৱাৰ গোটেই প্ৰক্ৰিয়াটো কি ? ভাৰতত প্ৰথম কোনে প্ৰথম অৰ্জন কৰিছে এই খিতাপ

By

Published : Aug 10, 2023, 6:07 PM IST

মিছ ইউনিভাৰ্ছ আৰু মিছ ৱৰ্ল্ডৰ দৰে সৌন্দৰ্য প্ৰতিযোগিতাৰ অতিশয় শলাগ লোৱা হয়। কিন্তু আপুনি জানেনে মিষ্টাৰ ৱৰ্ল্ড কম্পিটিচন কি আৰু ইয়াৰ সমগ্ৰ প্ৰক্ৰিয়াটো কি ?

How to Become Mr World: know about Rules and Requirements
মিষ্টাৰ ৱৰ্ল্ড হোৱাৰ গোটেই প্ৰক্ৰিয়াটো জানি লওক

চিটাৰা ডেস্ক, 10 আগষ্ট:মিছ ইণ্ডিয়া, মিছ ইউনিভাৰ্ছকে ধৰি বহুতো সৌন্দৰ্য প্ৰতিযোগিতাৰ নাম আপুনি নিশ্চয় শুনিছে । এই সৌন্দৰ্য প্ৰতিযোগিতাসমূহো অতি জনপ্ৰিয় ৷ কিন্তু মিষ্টাৰ ৱৰ্ল্ডৰ বিষয়ে অতি কম মানুহেহে জানে । এই সৌন্দৰ্য প্ৰতিযোগিতাৰ জৰিয়তে নাৰীৰ সৌন্দৰ্যক যিদৰে দেখা যায়, একেদৰে পুৰুষৰ বাবেও মিষ্টাৰ ৱৰ্ল্ডৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । য’ত বিভিন্ন ঠাইৰ লোকে অংশগ্ৰহণ কৰে ।

মিষ্টাৰ ৱৰ্ল্ড কম্পিটিচন কি ?

মিছ ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ উদ্যোগত মিষ্টাৰ ৱৰ্ল্ড কম্পিটিচন অনুষ্ঠিত হয় । ই এক প্ৰকাৰৰ পুৰুষৰ সৌন্দৰ্য প্ৰতিযোগিতা । এই প্ৰতিযোগিতা ১৯৯৬ চনৰ পৰা আৰম্ভ হৈছিল । ইয়াত বহুতো ভিন্ন ৰাউণ্ড ৰখা হয় । ২০১৬ চনৰ ১৯ ​​জুলাইত ভাৰতৰ ৰোহিত খাণ্ডেলৱালে মিষ্টাৰ ৱৰ্ল্ডৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷ মিষ্টাৰ ৱৰ্ল্ডৰ সৈতে চুক্তি স্বাক্ষৰিত হয় আৰু এই সময়ছোৱাত তেওঁ লণ্ডনত থাকে ।

মিছ ৱৰ্ল্ড হোৱাৰ প্ৰক্ৰিয়া কি ?

এতিয়া বহুতে হয়তো জানিব খোজে যে এই প্ৰতিযোগিতাত যোগদান কৰিবলৈ কি কৰিব লাগে । উল্লেখ্য যে, মিষ্টাৰ ৱৰ্ল্ড হ’বলৈ প্ৰথমে আপোনাৰ বয়স ১৭ৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগিব । একে সময়তে আপোনাৰ উচ্চতা ৫ ফুট ৭ ইঞ্চিতকৈ অধিক হ’ব লাগিব । আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল যে আপুনি অবিবাহিত হ’ব লাগিব । আনকি আপুনিও বাগদানো কৰিব নোৱাৰিব ৷ ইয়াৰ উপৰিও আপোনাৰ হাতত থাকিব লাগে পাছপ’ৰ্ট ।

কি কি যত্ন ল’ব লাগিব আপুনি

১- নিজৰ প্ৰতিটো শব্দ বা কথা ভাৱি চিন্তি ক’ব লাগিব ৷

২- শৰীৰটো সুস্থ কৰি ৰাখিব লাগিব। দাঁতৰ পৰা আৰম্ভ কৰি গোটেই শৰীৰলৈকে পৰিষ্কাৰ কৰি ৰাখিব লাগিব ।

৩- এই প্ৰতিযোগিতাত আপোনাৰ মুখখন অতি গুৰুত্বপূৰ্ণ। সেইবাবেই চুলিৰ ষ্টাইলটো অতি সাৱধানে কৰিব ।

৪- আপোনাৰ শৰীৰটো সুন্দৰ দেখাটো অতিকৈ গুৰুত্বপূৰ্ণ । গতিকে আপোনাৰ ফিটনেছ যিমান পাৰে ভাল ৰাখক ৷

৫- আপোনাৰ সাজ-পোছাক এনেকুৱা হ’ব লাগি যাতে মানুহে আপোনাক এবাৰ চালে চাইয়ে থাকে। সেইবাবেই সঠিক ৰঙৰ কাপোৰ বাছি ল’ব লাগিব ।

যিকি নহওক ইয়াৰ বাহিৰেও এনে বহু কথা আছে যিবোৰ এই প্ৰতিযোগিতাৰ সময়ত মানি চলিব লাগিব । যেনে প্ৰতিটো নিয়ম সঠিকভাৱে পালন কৰিব লাগিব । এটা ভুলে আপোনাক এই প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰিব পাৰে ৷

লগতে পঢ়ক:Jailer twitter review: ব্লকবাষ্টাৰৰ টেগ লাভ কৰিলে ৰজনীকান্তৰ জেইলাৰ ছবিখনে

ABOUT THE AUTHOR

...view details