অসম

assam

'Behcara' Aamir Khan: ‘বেচেৰা আমীৰ খান, তেওঁ পাহৰি গ’ল নেকি...’-কংগনা ৰাণাৱট

By

Published : Feb 11, 2023, 1:59 PM IST

Updated : Feb 11, 2023, 2:53 PM IST

ৰণবীৰ কাপুৰৰ পিছত, এতিয়া আমীৰ খান হৈছে কংগনা ৰাণাৱটৰ শেহতীয়া লক্ষ্য । শনিবাৰে, কংগনাই আমীৰক "বেচাৰা" বুলি অভিহিত কৰে ৷ সবিশেষ জানিবলৈ বাতৰিটো আগলৈ পঢ়ক-

Kangana Ranaut
আমীৰ খান হৈছে কংগনা ৰাণাৱটৰ শেহতীয়া লক্ষ্য

চিটাৰা ডেস্ক, 11 ফেব্ৰুৱাৰী : কিয় কংগনাৰ টাৰ্গেটলৈ আহিল আমীৰ খান ? যাক বলীউডৰ Mr. Perfectionist বুলি জনা যায় তেওঁকেই সামাজিক মাধ্যমত ‘বেচেৰা’ বুলি অভিহিত কৰিলে কংগনাই ! আচৰিত হৈছে চাগে আপুনি ৷ কিন্তু টুইটাৰত এতিয়া কংগনা-আমীৰেই চলি আছে ৷ লাল সিং চড্ডা ছবিখনে ভাল প্ৰদৰ্শন নকৰাৰ পিছত আমীৰে লৈছে এক দীঘলীয়া বিৰতি ৷ তেনে ক্ষেত্ৰত অভিনেতাজনে কিনো জগৰ লগালে কুইনৰ জানো আহকচোন ৷

আমীৰ খান হৈছে কংগনা ৰাণাৱটৰ শেহতীয়া লক্ষ্য

লেখিকা শ্বোভা দে’ৰ সৈতে আমীৰ খানৰ বাৰ্তালাপৰ এটা ভিডিঅ’ অনলাইনত খুব ভাইৰেল হৈ পৰিছে ( Aamir Khan latest video) ৷ এই ভিডিঅ’টো প্ৰকাশ পোৱাৰ পিছতে শনিবাৰে অভিনেত্ৰী কংগনা ৰাণাৱটে আমিৰ খানক টাৰ্গেট কৰি লয় । কোনো ধৰণৰ ফিল্টাৰ ব্যৱহাৰ নকৰাকৈ যিকোনো পৰিস্থিতিতে নিজৰ মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰাৰ বাবে কংগনা জনাজাত ৷ তেনে ক্ষেত্ৰত এই ভিডিঅ’টো প্ৰত্যক্ষ কৰি কংগনাই মত দিয়াটো আছিল তেনেই স্বাভাৱিক ৷ অভিনেত্ৰী গৰাকীয়ে টুইট কৰি আমীৰক "বেচাৰা" বুলি অভিহিত কৰিছে ।

শনিবাৰে পুৱা কংগনাই টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰে যিটো তেওঁৰ এটা ফেন ক্লাবে প্লেটফৰ্মত পোষ্ট কৰিছিল (kangana ranaut twitter) । উক্ত ভিডিঅ'টো শ্বোভাৰ শেহতীয়া গ্ৰন্থ Insatiable ৰ উন্মোচনৰ । শুকুৰবাৰে মুম্বাইত অনুষ্ঠিত হোৱা বিশেষ অনুষ্ঠান এটাত আমীৰে এই কিতাপখন উন্মোচন কৰে ।

অনুষ্ঠানৰ সময়ত আমীৰক সোধা হৈছিল যে শ্বোভাৰ জীৱনৰ ওপৰত বায়’পিক নিৰ্মাণ কৰিলে কোন গৰাকী বলীউডৰ অভিনেত্ৰীয়ে তেওঁৰ চৰিত্ৰটো ৰূপায়ণ কৰিব পাৰিব ? আমীৰৰ পছন্দ আছিল দীপিকা পাডুকন, প্ৰিয়ংকা চোপ্ৰা আৰু আলিয়া ভাট কাৰণ তেওঁলোক বাস্তৱ জীৱনতো "শক্তিশালী" ব্যক্তি । অলপ ভাবি শ্বোভাই আমীৰক সুধিলে, ‘কংগনাৰ কথা কি ভাবে আপুনি’ ?

আমীৰ খান হৈছে কংগনা ৰাণাৱটৰ শেহতীয়া লক্ষ্য

শ্বোভাই কংগনাৰ নাম লোৱাৰ পিছত আমীৰ মান্তি হ’ল যে তেওঁ এগৰাকী বহুত ভাল অভিনেত্ৰী ৷ তেওঁ নিশিচয়কৈ শ্বোভাৰ চৰিত্ৰটো ভালকৈ ৰূপায়ণ কৰিব পাৰিব । খানে কংগনাক প্ৰশংসা কৰি কয় যে তেওঁ এগৰাকী বহুমুখী অভিনেত্ৰী ৷ কিন্তু কেনাটো তাত লাগিল যেতিয়া কুইনে অনুভৱ কৰিলে যে আমীৰে প্ৰশংসা কৰাৰ “ভাও ধৰিছে” (kangana ranaut latest news) । টুইটাৰত ভিডিঅ'টো শ্বেয়াৰ কৰি কংগনাই লিখিছে, " বেচাৰা আমীৰ খান ... হা হা তেওঁ নিজৰ সাধ্য অনুসৰি ভাও ধৰিবলৈ চেষ্টা কৰিছে, তেওঁ নাজানে নেকি যে তিনিবাৰকৈ ৰাষ্ট্ৰীয় বঁটা বিজয়ী মই একমাত্ৰ অভিনেত্ৰী তেওঁ উল্লেখ কৰা কোনোৱেই নহয়... ধন্যবাদ @DeShobhaa ji মই আপোনাৰ চৰিত্ৰত অভিনয় কৰিবলৈ ভাল পাম ♥️" ৷

যদি আমি উভতি চাওঁ তেন্তে 2016 চনত কংগনাই ৰিঅ’ অলিম্পিকত ভাৰতীয় খেলুৱৈক উপহাস কৰাৰ বাবে লেখিকাগৰাকী তীব্ৰ সমালোচনা কৰিছিল । অৱশ্যে এবছৰৰ পিছত, দুয়োকে একেলগে ইজনে সিজনক প্ৰশংসা কৰা দেখা গৈছিল যেতিয়া কংগনাই শ্বোভাৰ গ্ৰন্থ Seventy & To Hell With It উন্মোচনৰ অনুষ্ঠানত উপস্থিত হৈছিল ।

লগতে পঢ়ক :Sukesh Chandrasekhar Chahat Khanna:প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে টিভি উদ্যোগৰ অভিনেত্ৰী চাহাট খান্নালৈ প্ৰেৰণ কৰিলে আইনী জাননী

Last Updated : Feb 11, 2023, 2:53 PM IST

ABOUT THE AUTHOR

...view details