অসম

assam

Sri Raghupati : ২১ দিনত ১০ কোটি সংগ্ৰহেৰে অভিলেখ ৰচিলে শ্ৰী ৰঘুপতিয়ে

By

Published : Jun 27, 2023, 2:21 PM IST

Updated : Jun 27, 2023, 4:35 PM IST

অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত শ্ৰী ৰঘুপতি ৷ সুব্ৰত কাকতিৰ দ্বাৰা পৰিচালিত ছবি শ্ৰী ৰঘুপতিয়ে মাত্ৰ ২১ দিনতে বক্স অফিচত ১০ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

Assamese film Sri Raghupati scripts history
২১ দিনৰ সংগ্ৰহেৰে অভিলেখ শ্ৰী ৰঘুপতিৰ

চিটাৰা ডেস্ক, 27 জুন: অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে শ্ৰী ৰঘুপতি ৷ বক্স অফিচত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৰবি শৰ্মা অভিনীত ছবি শ্ৰীৰঘুপতিয়ে ৷ বৰ্তমান নিজৰ উপাৰ্জনেৰে অসমীয়া ছবি জগতত এক বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে ৷ আপোনালোকক জনাই দিও যে সুব্ৰত কাকতিৰ দ্বাৰা পৰিচালিত ছবি শ্ৰী ৰঘুপতিয়ে মাত্ৰ ২১ দিনতে ১০ কোটি টকা বক্স অফিচত সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

ছবিখনে বক্স অফিচৰ উল্লেখযোগ্য সংগ্ৰহৰ শিখৰত উপনীত হোৱা শ্ৰী ৰঘুপতিয়ে দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা আৰু সঁহাৰি লাভ কৰিছে ।

প্ৰথম দিনাই ছবিখনে বক্স অফিচত ১৭ লাখ, ৩৮.৮ লাখ, ৪১.৭ লাখ, আৰু ৪৩ লাখ টকা উপাৰ্জন কৰে । এই পৰিসংখ্যাই চিনেমাপ্ৰেমীসকলৰ মাজত ছবিখনৰ জনপ্ৰিয়তা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাটোৱে প্ৰমাণ কৰে ।

উল্লেখ্য যে, শ্ৰী ৰঘুপতি একচন আৰু ড্ৰামা এক আকৰ্ষণীয় সংমিশ্ৰণ, আৰু এই ছবিখনৰ কাহিনীয়ে বৰ্তমান দৰ্শকৰ মাজত এক বিশেষ স্থান ল’বলৈ সক্ষম হৈছে । অভিনেতাসকলৰ আচৰিত অভিনয় আৰু সুপৰিচিত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ উজ্জ্বল পৰিচালনাৰ বাবে ছবিখনে বিপুল সফলতা লাভ কৰিছে ।

উল্লেখ্য যে, সুব্ৰত কাকতিয়ে পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, সিদ্ধাৰ্থ শৰ্মা, অৰুণ হাজৰিকা, প্ৰিয়ম পল্লৱী, প্ৰীতি কংগনা, অৰুণ নাথ, ৰীণা বৰা, বৰ্ণালী পূজাৰী, ৰাজ শৰ্মা, সঞ্জীৱ বুঢ়াগোহাঁই, সীমা বৰুৱা, কুকিল শইকীয়া, মঞ্জিত শৰ্মা আৰু চুমকী কছাৰীয়ে (Raghupati movie cast) ৷ আনহাতে ছবিখনৰ সংলাপ হৈছে ৰবি শৰ্মাৰ (Sri Raghupati collection) ৷

বিশেষকৈ উল্লেখযোগ্য যে, এই ছবিখন হায়দৰাবাদ, নতুন দিল্লী, নয়ডা, মুম্বাই, পুনে, গোৱা, চেন্নাইকে ধৰি সমগ্ৰ দেশৰ ২৩০০ টা ছবিগৃহত প্ৰদৰ্শিত হৈছিল । উল্লেখ্য যে, ছবিখনৰ এই সফলতাৰ বাবে অভিনেতা ৰবি শৰ্মাই ইনষ্টাগ্ৰামযোগে এক পোষ্ট শ্বেয়াৰ কৰি আনন্দ ব্যক্ত কৰে ৷

লগতে পঢ়ক:Free screening of Sri Raghupati: তিনিচুকীয়াত প্ৰদেশ কংগ্ৰেছৰ শ্ৰী ৰঘুপতিৰ বিনামূলীয়া দৰ্শনীৰ ব্যৱস্থা

Last Updated : Jun 27, 2023, 4:35 PM IST

ABOUT THE AUTHOR

...view details