অসম

assam

Anil Kapoor: হঠাৎ কি হ’ল অনিল কাপুৰৰ ? কিয় ডিলিট কৰিলে ইনষ্টাগ্ৰামৰ সকলো পোষ্ট ?

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 5:30 PM IST

অনিল কাপুৰৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ । শেহতীয়াকৈ অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ সকলো পোষ্ট ডিলিট কৰিছে । কিন্তু কিয় ?

Anil Kapoor Instagram post and DP deletes, Sonam Kapoor gives shocking reaction
অনিল কাপুৰৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ

চিটাৰা ডেস্ক, 20 অক্টোবৰ: বলীউডৰ চিৰসেউজ অভিনেতা অনিল কাপুৰৰ সন্দৰ্ভত আহিছে এটা খবৰ । আচলতে ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় থকা অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ সকলো পোষ্ট আৰু ফটো ডিলিট কৰিছে । এতিয়া প্ৰশ্ন হয় যে অভিনেতাজনে নিজেই এই সকলোবোৰ পোষ্ট ডিলিট কৰিছে নে তেওঁৰ একাউণ্ট হেক হৈছে । এই সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই ৷

সোণম কাপুৰৰ পোষ্ট

অনিল কাপুৰৰ ইনষ্টাগ্ৰাম একাউণ্ট হেক হৈছে নেকি ?

অভিনেতা অনিল কাপুৰ ছ’চিয়েল মিডিয়াতো অতি সক্ৰিয় । প্ৰায়ে অভিনেতাগৰাকীয়ে নিজৰ ফটো আৰু জিমৰ ভিডিঅ’ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে । কিন্তু সম্প্ৰতি তেওঁৰ একাউণ্টৰ পৰা সকলো ভিডিঅ’ আৰু ছবি ডিলিট কৰা হৈছে । যিটো সন্দৰ্ভত এতিয়া অনুৰাগীৰ লগতে তেওঁৰ কন্যা তথা অভিনেত্ৰী সোণম কাপুৰেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অভিনেতাগৰাকীৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি সোণমে লিখিছে, ‘দেউতা !?’।

এই ধাৰাবাহিকখনত শেহতীয়াকৈ দেখা গৈছিল অনিল কাপুৰক

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অনিল কাপুৰক শেহতীয়াতকৈ দেখা গৈছিল ভূমি পেডনেকাৰ আৰু শ্বেহনাজ গিলৰ সদ্য মুক্তি পোৱা ছবি ‘থেংক ইউ ফৰ কমিং’ত । অৱশ্যে এই ছবিখনে বক্স অফিচত বিশেষ একো ভাল ফলাফল দেখুৱাব নোৱাৰিলে । ইয়াৰ পূৰ্বে অভিনেতাগৰাকীক আদিত্য কাপুৰৰ সৈতে ‘দ্য নাইট মেনেজাৰ’ নামৰ ৱেব ছিৰিজত দেখা গৈছিল । য’ত অভিনেতাগৰাকীয়ে সুন্দৰী অভিনেত্ৰী শোবিতা ধুলিপালাৰ সৈতে ৰোমাঞ্চ কৰা দেখা গৈছিল । এইবোৰৰ বাহিৰেও সন্দীপ ভাংগা ৰেড্ডীৰ ছবি ‘এনিমেল’ত অতি সোনকালে দেখা যাব অভিনেতাগৰাকীক । এই ছবিখনত তেওঁৰ সৈতে দেখা যাব ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মান্দান্নাক । ১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব এই ছবিখন ।

এই ছবিখনত দেখা গৈছিল সোণম কাপুৰক

সোণম কাপুৰৰ কথা ক’বলৈ গ’লে অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল থ্ৰিলাৰ ছবি ‘ব্লাইণ্ড’ত । সোণম কাপুৰৰ এই ছবিখন আছিল দক্ষিণ কোৰিয়াৰ এখন থ্ৰিলাৰৰ পুনৰ্নিৰ্মাণ । যিটো পৰিচালনা কৰিছিল শ্বোম মাখিজাই।

লগতে পঢ়ক:Raj Kundra : বিবাহ বিচ্ছেদ ঘটিছে নেকি শিল্পা শেট্টী-ৰাজ কুন্দ্ৰাৰ ? ৰাজে নিজেই প্ৰকাশ কৰিলে এই খবৰ

ABOUT THE AUTHOR

...view details