ETV Bharat / entertainment

Raj Kundra : বিবাহ বিচ্ছেদ ঘটিছে নেকি শিল্পা শেট্টী-ৰাজ কুন্দ্ৰাৰ ? ৰাজে নিজেই প্ৰকাশ কৰিলে এই খবৰ

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 11:19 AM IST

'We have separated', says Raj Kundra in latest social media post, netizens smell promotional gimmick
ৰাজ কুন্দ্ৰাৰ এক টুইটে ছ’চিয়েল মিডিয়াত সৃষ্টি কৰিছে চাঞ্চল্যৰ

শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ এক টুইটে সম্প্ৰতি ছ’চিয়েল মিডিয়াত সৃষ্টি কৰিছে চাঞ্চল্যৰ । ৰাজে টুইটটোত বিচ্ছেদৰ কথা কৈছে । শিল্পা আৰু ৰাজ কুন্দ্ৰাৰ বিবাহ বিচ্ছেদ ঘটিছে নেকি ? জানি লওক সবিশেষ ৷

চিটাৰা ডেস্ক, 20 অক্টোবৰ : বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টী বিগত কিছু সময় ধৰি নিজৰ ব্যক্তিগত কাৰণত ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ আহিছে ৷ অভিনেত্ৰীগৰাকীয়ে নিজৰ কামত কৈ অধিক স্বামী ৰাজ কুন্দ্ৰাৰ বাবে শেহতীয়াকৈ লাইমলাইটলৈ আহিছিল । দীৰ্ঘদিন ধৰি ব্যৱসায়ী তথা স্বামী ৰাজ কুন্দ্ৰাই মাস্কৰ আঁৰত লুকুৱাই ৰাখিছিল নিজৰ মুখ । কিন্তু এতিয়া অৱশেষত তেওঁ নিজৰ মাস্ক আঁতৰাই নিজৰ ছবি UT 69 ৰ ঘোষণা কৰিছে । এই খবৰৰ মাজতে এতিয়া ৰাজ কুন্দ্ৰা আৰু শিল্পা শ্বেট্টীৰ সন্দৰ্ভত এটা ডাঙৰ খবৰ আহিছে ৷ ৰাজ কুন্দ্ৰা আৰু শিল্পা শ্বেট্টীৰ সম্পৰ্কৰ মাজত বিচ্ছেদৰ খবৰ আহিছে ।

  • We have separated and kindly request you to give us time during this difficult period 🙏💔

    — Raj Kundra (@onlyrajkundra) October 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

শিল্পা শ্বেট্টীয়ে প্ৰায়ে ৰাজ কুন্দ্ৰাক সমৰ্থন কৰি আহিছে । যেতিয়া ৰাজৰ নাম পৰ্ণগ্ৰাফীৰ গোচৰৰ সৈতে জড়িত হৈ পৰিছিল আৰু তেওঁ জেললৈ যাবলগীয়া হৈছিল ৷ তেতিয়া শিল্পাই তেওঁৰ আটাইতকৈ শক্তিশালী সমৰ্থন হিচাপে তেওঁৰ কাষত থিয় দিছিল । অভিনেত্ৰীগৰাকীয়ে পৰিয়াল আৰু স্বামী দুয়োৰে যত্ন লৈছিল । কিন্তু এতিয়া ৰাজ কুন্দ্ৰাই টুইটাৰ X যোগে তেওঁৰ আৰু শিল্পাৰ বিচ্ছেদৰ খবৰ প্ৰকাশ কৰিছে ।

ৰাজে লিখিছে, ‘‘আমি বেলেগ হৈছো আৰু অনুগ্ৰহ কৰি এই কঠিন সময়ত আমাক সময় দিয়ক’’ । অৱশ্যে ৰাজ কুন্দ্ৰাই এই টুইটত স্পষ্টকৈ কোৱা নাই যে তেওঁ আৰু শিল্পাৰ বিচ্ছেদৰ কথা কৈছে । কিন্তু এই টুইটটো প্ৰকাশ পোৱাৰ লগে লগে সকলোৱে অনুমান কৰিছে যে এই দম্পতীৰ সম্পৰ্কত বিচ্ছেদ ঘটিছে ৷

  • Come on. Lame gimmick..

    — Amit Karn (@amitkarn99) October 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাজ কুন্দ্ৰাৰ এই টুইট । এই টুইটটো প্ৰকাশ পোৱাৰ পিচতে চৰ্চা লাভ কৰিছে বলীউড জগতত । কিন্তু এতিয়া অনুৰাগীয়ে এই সন্দৰ্ভত শিল্পাৰ প্ৰতিক্ৰিয়াৰ বাবে অপেক্ষা কৰি আছে । আনহাতে ছ’চিয়েল মিডিয়া একাংশ ব্যৱহাৰকাৰীয়ে কয় যে এয়া ৰাজৰ ছবিখনৰ প্ৰচাৰৰ নতুন পদ্ধতি । আন একাংশই কয় যে তেওঁৰ টুইটটো আন কিবা ঘটনাৰ সৈতে জড়িত ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে আমি যদি ৰাজ কুন্দ্ৰাৰ আগন্তুক ছবি UT 69 ৰ কথা কওঁ, তেন্তে এই ছবিখনৰ জৰিয়তে তেওঁ নিজৰ জেইলৰ কাহিনী দৰ্শকৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছে । তেওঁৰ সৈতে কি হৈছিল আৰু কেনে পৰিস্থিতিৰ মুখামুখি হৈছিল ৷ সেই কথা ৰাজে নিজেই তেওঁৰ অভিনয়ৰ জৰিয়তে সকলোকে ক’ব বিচাৰে । অহা ৩ নৱেম্বৰত ছবিগৃহত মুক্তি পাব ‘UT 69’ ।

লগতে পঢ়ক: UT 69 Trailer Out: শিল্পা শ্বেট্টীয়ে শ্বেয়াৰ কৰিলে স্বামীৰ বায়’পিক ছবি UT 69 ৰ ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.