নিউজ ডেস্ক, 18 জানুৱাৰী :জম্মু-কাশ্মীৰ আৰক্ষীয়ে সোমবাৰে প্ৰকাশ কৰা এক তথ্য অনুসৰি, জম্মু-কাশ্মীৰৰ ৰামবন জিলাত দুজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ লগতে, আটকাধীন লোক দুজনৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
আটক কৰা লোক দুজন নাম চোহেইল আহমেদ আৰু ওমৰ আহমেদ মলিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ দুয়োজন লোক দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ সেমথানৰ বাসিন্দা ৷ দুয়োজন লোক পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সৈতে বুজাপৰা থকা বুলিও আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে ৷