অসম

assam

গেলেক্সী S10-লাইটৰ মূল্য হ'ব 39,990 টকা

By

Published : Jan 17, 2020, 5:13 PM IST

গেলেক্সী S10-লাইটৰ অগ্ৰিম বুকিং আৰম্ভ হ'ব 23 জানুৱাৰীৰ পৰা ৷ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত গ্ৰাহকৰ হাতলৈ অহাৰ সম্ভাৱনা আছে ৷

গেলেক্সী S10-লাইটৰ মূল্য হ'ব 39,990 টকা
গেলেক্সী S10-লাইটৰ মূল্য হ'ব 39,990 টকা

নতুন দিল্লীঃ বিশ্বৰ অন্যতম আগশাৰীৰ মোবাইল ফোন নিৰ্মাতা ছেমছাঙে শীঘ্ৰেই মুকলি কৰিব বহু প্ৰতীক্ষিত মডেল গেলেক্সী S10-লাইট ৷ উক্ত মডেলটোৰ মূল্য হ'ব 39,990 টকা এই তথ্য সদৰি কৰে IANS- নামৰ উদ্যোগিক সংস্থাটোৱে ৷ তথ্য অনুসৰি এই মোবাইল হেণ্ডছেটোৰ বাবে অগ্ৰিম বুকিং মুকলি কৰা হ'ব জানুৱাৰীৰ 23 তাৰিখৰ পৰা ৷ ই-কমাৰ্চৰ প্লেটফৰ্ম ফ্লিপকাৰ্ট যোগে উপলব্ধ হ'ব বুকিং আৰু ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত গ্ৰাহকে লাভ কৰাৰ সম্ভাৱনা আছে হেণ্ডছেটটো ৷

গেলেক্সী S10-লাইটত সংযোজিত আছে 3 টা ৰিয়েৰ কেমেৰা ৷ 48 মেগাপিক্সেল মূখ্য কেমেৰা,12 মেগাপিক্সেল আল্টা ৱাইড কেমেৰা আৰু 5 মেগাপিক্সেল মাইক্ৰ' কেমেৰা ৷ 6.7 ইঞ্চিৰ অত্যাধুনিক ডিছপ্লেৰ, চুপাৰ ফাৰ্ষ্ট চাৰ্জিংৰ সৈতে 4500mAh বেটাৰি ইত্য়াদি ৷

লগতে পঢ়কঃ ISRO ৰ দ্বাৰা GSAT-30 কৃত্ৰিম উপগ্ৰহৰ সফল উৎক্ষেপন

6 জিবি ৰেমৰ সৈতে উপলদ্ধ ফোনটোত সংযুক্ত থাকিব এনড্ৰয়ড 10 অপাৰেটিং প্ৰদ্ধতি ৷ এই মোবাইল হেণ্ডছেটটোৱে সমসংখ্যক মূল্যত উপলব্ধ হোৱা এনড্ৰয়ড ওৱানক প্ৰত্যাহ্বান জনাব বুলি ধাৰণা কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details