অসম

assam

মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ প্ৰাক্তন আইপিএছ লালদুহোমাৰ

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 1:18 PM IST

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক এসময়ত সুৰক্ষা প্ৰদান কৰা ৭৩ বছৰীয়া প্ৰাক্তন আইপিএছ বিষয়া জোৰাম পিপ'লছ মুভমেণ্টৰ মুৰব্বী লালদুহোমাই শুকুৰবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । মিজো নেচনেল ফ্ৰণ্টৰ নেতা তথা বিদায়ী মুখ্যমন্ত্ৰী জোৰামথাঙ্গাও শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ।

Lalduhoma sworn in as Mizoram CM
মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ লালদুহোমাৰ

নিউজ ডেস্ক, ৮ ডিচেম্বৰ :মিজোৰামৰ ৰাজনীতিত এক ইতিহাস সৃষ্টি কৰা জোৰাম পিপলছ মুভমেণ্টৰ (জেডপিএম) নেতা লালদুহোমাই শুকুৰবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ৰাজ্যপাল হৰি বাবু কামভামপতীয়ে লালদুহোমাক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰায় । উল্লেখ্য যে জেডপিএমৰ নেতাগৰাকী হৈছে প্ৰাক্তন আইপিএছ বিষয়া । তেওঁ পূৰ্বতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সুৰক্ষাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁৰ সৈতে আন এঘাৰগৰাকী জেডপিএম নেতায়ো মন্ত্ৰী হিচাপে শপত ল'ব ।

উল্লেখ্য যে মিজো নেচনেল ফ্ৰণ্টৰ নেতা তথা বিদায়ী মুখ্যমন্ত্ৰী জোৰামথাঙ্গাও ৰাজভৱনত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে । আনহাতে, বিধায়িনী দলৰ নেতা লালচান্দামা ৰাল্টেকে ধৰি এমএনএফৰ সকলো বিধায়ক অনুষ্ঠানটোত উপস্থিত থাকে । প্ৰাক্তন মুখ্যমন্ত্ৰী লাল থানহাওলাও উপস্থিত থাকে । মঙলবাৰে জেডপিএম বিধায়িনী দলে লালদুহোমাক দলটোৰ নেতা আৰু কে চাপদঙ্গাক উপনেতা হিচাপে নিৰ্বাচিত কৰিছিল ।

৪০ জনীয়া মিজোৰাম বিধানসভাত মুখ্যমন্ত্ৰীকে ধৰি সৰ্বাধিক ১২ গৰাকী মন্ত্ৰী থাকিব পাৰে । ২০১৯ চনত ৰাজনৈতিক দল হিচাপে পঞ্জীয়ন কৰা জেডপিএমে বিধানসভা নিৰ্বাচনত ২৭ খন আসন লাভ কৰি এইবাৰ বিজয়ী হৈছে । যাৰ ফলত ২০১৮ চনৰ নিৰ্বাচনত ইয়াৰ বিধায়কৰ সংখ্যা ৮ গৰাকীৰ পৰা বৃদ্ধি পায় ।

লালদুহোমাৰ নেতৃত্বত জেডপিএমৰ সৈতে ছয়টা ৰাজনৈতিক সংগঠনেৰে মিত্ৰজোঁট গঠন কৰাৰ পিছত মিজোৰামত ক্ষমতালৈ আহে দলটো । ৭৩ বছৰীয়া লালদুহোমাই উত্তৰ-পূবৰ ৰাজ্যখনৰ শীৰ্ষ কাৰ্যবাহী পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে বহু ৰাজনৈতিক উত্থান-পতনৰ সন্মুখীন হৈছে ।

ইফালে বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত লালদুহোমাই তেওঁৰ দলক সমৰ্থন কৰাৰ বাবে বিশেষকৈ মহিলা আৰু যুৱক-যুৱতীসকলক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ লগতে কয় যে তেওঁলোকৰ দলৰ চৰকাৰ ৰাজ্যখনত মহিলাসকলৰ অৱস্থা উন্নত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব ।

লগতে পঢ়ক :অনুচ্ছেদ ৩৭০ বাতিলৰ প্ৰত্যাহ্বান আবেদন; ১১ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ ৰায়

ABOUT THE AUTHOR

...view details