অসম

assam

অগ্নিপথ আঁচনিকলৈ যুৱসমাজ শংকিত হোৱাৰ প্ৰয়োজন নাই : কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰলীধৰণ

By

Published : Jun 19, 2022, 8:47 PM IST

অগ্নিপথ আঁচনিৰ লাভালাভৰ বিষয়ে ব্যাখ্যা আগবঢ়ালে বৈদেশিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে (Minister V Muralidharan on Agneepath scheme)। প্ৰতিবাদ কৰি থকা সকলে এই আঁচনিৰ লাভালাভৰ বিষয়ে অজ্ঞাত বুলি উল্লেখ মন্ত্ৰীগৰাকীৰ । এই আঁচনিক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি কয় ভি মুৰলীধৰণে ।

Agnipath scheme
অগ্নিপথ আঁচনিকলৈ যুৱসমাজ শংকিত হোৱাৰ প্ৰয়োজন নাই

নেশ্যনেল ডেস্ক, ১৯ জুন :কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে (Protest against Agneepath Scheme)। এই প্ৰতিবাদে কোনো কোনো স্থানত হিংসাত্মক ৰূপ লোৱাও দেখা গৈছে । প্ৰতিবাদৰ মাজতে আঁচনিৰ সুফল আৰু লাভালাভৰ বিষয়ে বিভিন্ন ধৰণৰ যুক্তি দিছে বিজেপি নেতা-মন্ত্ৰীসকলে । এইবাৰ আঁচনিৰ লাভালাভৰ বিষয়ে ক'লে বৈদেশিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে (Minister V Muralidharan on Agneepath scheme)।

তেওঁৰ মতে, আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা যুৱকসকলে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ লগতে তেওঁলোকৰ বাবে হ'ব পৰা লাভালাভৰ বিষয়ে অজ্ঞাত (Youth protesting against Agneepath scheme unaware of its benefits)। দেওবাৰে মন্ত্ৰীগৰাকীয়ে আঁচনিৰ লাভালাভৰ বিষয়ে উল্লেখ কৰি এই প্ৰতিবাদ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায় । তেওঁৰ মতে ভাৰতীয় সেনা, নৌ সেনা আৰু বায়ু সেনাত ১৭ ৰ পৰা ২১ বছৰ বয়সৰ যুৱক-যুৱতীৰ মূলত চাৰি বছৰৰ হ্ৰস্বম্যাদী চুক্তিভিত্তিক নিযুক্তিৰ এই আঁচনিক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই ।

তেওঁ লগতে কয় যে, যুৱসমাজে ইয়াৰ বিষয়ে নজনাকৈয়ে এই আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে, নৰেন্দ্ৰ মোডী চৰকাৰ যুৱসকলৰ ভৱিষ্যত, সশস্ত্ৰ বাহিনীৰ কল্যাণ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত দায়বদ্ধ । কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে প্ৰধানমন্ত্ৰী মোডীক আঁচনিখন স্থগিত ৰাখিবলৈ আহ্বান জনোৱাৰ এদিন পিছতে মন্ত্ৰী ভি মুৰলীধৰণে আঁচনি সম্পৰ্কে চিন্তা কৰাৰ কাৰণ নাই বুলি কৈছে ।

উল্লেখ্য যে, কেন্দ্ৰই 'অগ্নিপথ' আঁচনিৰ (Agneepath scheme) অধীনত নিযুক্তিৰ বাবে ঊৰ্ধতম বয়সৰ সীমা ২০২২ চনৰ বাবে ২৩ বছৰলৈ বৃদ্ধি কৰিছে । ইয়াৰ পাছতে দেশজুৰি প্ৰতিবাদৰ সৃষ্টি হৈছে । অৱশ্যে, শনিবাৰে কেন্দ্ৰীয় চৰকাৰে অৰ্ধসামৰিক বাহিনী আৰু অগ্নিপথৰ অৱসৰপ্ৰাপ্তসকলৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ১০ শতাংশ খালী পদ সংৰক্ষণকে ধৰি কেইবাটাও কথা ঘোষণা কৰে । আঁচনিখনৰ অধীনত নিয়োগ কৰা সকলক 'অগ্নিবীৰ' বুলি জনা যাব ।

লগতে পঢ়ক :Agnipath recruitment 2022: অগ্নিপথ আঁচনিৰ গোচৰ পালেগৈ উচ্চতম ন্যায়ালয়

ABOUT THE AUTHOR

...view details