অসম

assam

Wrestlers Protest : সাংসদ ব্ৰীজ ভূষণৰ বাসগৃহৰ পৰা আটক সন্দেহজনক ব্যক্তিক

By

Published : Jun 16, 2023, 12:26 PM IST

বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ বাসগৃহৰ পৰা দিল্লী আৰক্ষীয়ে আটক কৰে এজন লোকক। ধৃত ব্যক্তিজনক ব্ৰীজ ভূষণৰ বাসগৃহত থকা কৰ্মচাৰীৰ পৰা তেওঁৰ বিষয়ে সোধ-পোছ কৰি থাকোতেই আটক কৰা হয় ।

Brij Bhushan Singh
দিল্লী আৰক্ষীয়ে আটক কৰে এজন লোকক

নেশ্যনেল ডেস্ক, 16 জুন : শুকুৰবাৰে দিল্লী আৰক্ষীয়ে বিজেপিৰ সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ বাসগৃহৰ পৰা এজন সন্দেহজনক ব্যক্তিক আটক কৰে ৷ আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, এই ব্যক্তিজনে ব্ৰীজ ভূষণৰ বাসগৃহত উপস্থিত থকা কৰ্মচাৰীৰ পৰা তেওঁৰ বিষয়ে সোধ-পোছ কৰিছিল ।

তাৰ পাচত ব্যক্তিজনৰ ওপৰত কিছু সন্দেহ হোৱাত ব্ৰীজ ভূষণৰ বাসগৃহত থকা কৰ্মচাৰীয়ে PCR ক ফোন কৰি সকলো কথা ব্যক্ত কৰে । লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ব্যক্তিজনক আটক কৰি নিজৰ জিম্মাত লয় । ইফালে আৰক্ষীয়ে ধৃত ব্যক্তিজনক সোধ-পোছ কৰি আছে বুলি জানিব পৰা গৈছে ৷

আৰক্ষীয়ে জানিবলৈ চেষ্টা কৰিছে যে ব্যক্তিজন কিয় বিজেপি সাংসদগৰাকীৰ বাসগৃহলৈ আহিছিল আৰু তেওঁ কৰ্মচাৰীসকলক কি বিষয়ত প্ৰশ্ন সুধি আছিল ? ব্যক্তিজনে ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে চলি থকা গোচৰৰ সৈতে জড়িত তথ্য লৈছিল নে কোনো ধৰণে গোচৰটোক শাম কটাৰহে চেষ্টা কৰি আছিল সেই কথাও জানিবলৈ চেষ্টা চলাই আছে আৰক্ষীৰ দলে ৷ কিন্তু কাৰ পৰামৰ্শত তেওঁ আহিছিল সাংসদজনৰ বাসগৃহলৈ সেই কথা জানিব পৰা হোৱা নাই ৷

তাৎপৰ্যপূৰ্ণ কথা যে, সাংসদগৰাকীৰ বিৰুদ্ধে মহিলা মল্লযুঁজাৰুক যৌন শোষণ কৰাৰ অভিযোগ উত্থাপন হৈছে । এই যৌন শোষণৰ গোচৰত দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে আদালতত অভিযোগনামা দাখিল কৰে । সিঙৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাত মহিলা মল্লযুঁজাৰুৰ ওপৰত নিৰ্যাতন সম্পৰ্কীয় 25 জন লোকৰ বক্তব্যক প্ৰাধান্য দিয়া হৈছে । এই ব্যক্তিজনকো সোধ-পোছ কৰা হৈছিল নে নতুন ব্যক্তি নেকি সেয়াও পৰীক্ষা কৰা হৈছে ।

ইফালে, যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰু আৰু তেওঁলোকৰ সমৰ্থকৰ বিৰুদ্ধে দাখিল কৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে দিল্লী আৰক্ষীয়ে । এই কথা নিশ্চিত কৰি দিল্লী আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে অতি সোনকালে আৰক্ষীয়ে আদালতত বাতিলৰ প্ৰতিবেদন দাখিল কৰিব । ইয়াৰ বাবে প্ৰয়োজনীয় সকলো নথি-পত্ৰ প্ৰস্তুত কৰা হৈছে ।

লগতে পঢ়ক :Wrestler Protest : প্ৰতিশ্ৰুতিমতে কাম নহ'লে মল্লযুঁজাৰুসকলে ল'ব পৰৱৰ্তী পদক্ষেপ

ABOUT THE AUTHOR

...view details