অসম

assam

ৰন্ধন গেছৰ মূল্য কিয় বৃদ্ধি হৈছে ?

By

Published : Mar 3, 2021, 8:08 PM IST

মূল্যবৃদ্ধি ! বৰ্তমান সাধাৰণ ৰাইজৰ বাবে এক জলন্ত সমস্যা । পেট্ৰ'ল-ডিজেল, খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পিছত এইবাৰ ৰন্ধন গেছৰ বৰ্দ্ধিত মূল্যই ৰামটাঙোন সোধাইছে দেশবাসীক । কিন্তু কিয় বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য ?

মূল্যবৃদ্ধি ! বৰ্তমান সাধাৰণ ৰাইজৰ বাবে এক জলন্ত সমস্যা
মূল্যবৃদ্ধি ! বৰ্তমান সাধাৰণ ৰাইজৰ বাবে এক জলন্ত সমস্যা

নেশ্যনেল ডেস্ক, ৩ মাৰ্চ: এফালে পেট্ৰ'ল-ডিজেল আৰু খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, আনফালে ৰন্ধন গেছৰ মূল্যবৃদ্ধি । বৰ্দ্ধিত মূল্য নিয়ন্ত্ৰণৰ দাবী প্ৰতিদিনে দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচীও অনুষ্ঠিত হৈছে । দৰিদ্ৰ, মধ্যবিত্ত পৰিয়ালক মাধমাৰ সোধাইছে মূল্যবৃদ্ধিয়ে । বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰাই ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১৭৫ টকা বৃদ্ধি পাইছে ।

লক্ষণীয়ভাৱে, যোৱা চাৰি সপ্তাহত এই মূল্য চাৰিবাৰলৈকে সংশোধন কৰা হৈছিল যাৰ ফলত ফেব্ৰুৱাৰীৰ পৰা প্ৰতি চিলিণ্ডাৰৰ মূল্য ১২৫ টকা বৃদ্ধি পাইছিল । শেহতীয়াকৈ সোমবাৰে ২৫ টকা বৃদ্ধি হোৱাৰ পিছত, দিল্লীত এতিয়া ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ মূল্য ৮১৯ টকা । এতিয় প্ৰশ্ন উত্থাপন হৈছে যে, হঠাৎ ৰন্ধন গেছৰ মূল্য কিয় বৃদ্ধি হৈ আছে ।

  • ৰন্ধন গেছৰ মূল্য কেনেদৰে নিৰ্ধাৰণ কৰা হয় ?

ইম্প'ৰ্ট পেয়াৰিটী মূ্ল্য সূত্ৰৰ ওপৰত ভিত্তি কৰি ৰন্ধন গেছৰ মূল্য নিৰ্ধাৰণ কৰা হয় । আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰন্ধন গেছৰ মূল্যৰ আধাৰত ইম্প'ৰ্ট পেয়াৰিটী মূ্ল্য নিৰ্ধাৰণ কৰা হয় । ইম্প'ৰ্ট পেয়াৰিটী মূ্ল্যই বিশ্বৰ শক্তি বজাৰত কোম্পানীৰ আধিপত্যৰ বাবে চৌদি আৰামক'ৰ ৰন্ধন গেছৰ মূল্য অনুসৰণ কৰে আৰু ফ্ৰী অন ব'ৰ্ড মূল্য, সাগেৰেৰে কঢ়িয়াই নিয়া ব্যয়, বীমা আৰু শুল্ক অন্তৰ্ভুক্ত কৰে ।

আনহাতে, ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ চূড়ান্ত মূল্য আভ্যন্তৰীণ ব্যয়, বটলিং মাচুল, বিপণন ব্যয়, তেল কোম্পানীৰ দ্বাৰা আদায় কৰা ধন, ডিলাৰ কমিছন আৰু সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰণ কৰা হয় ।

  • ৰন্ধন গেছৰ মূল্য হঠাৎ কিয় বৃদ্ধি হয় ?

আইপিপি সূত্ৰ অনুসৰি, এইটো স্পষ্ট যে, ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বিশ্বৰ বজাৰত ৰন্ধন গেছৰ মূল্য কম-বেছি হোৱাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে । বিশেষকৈ চৌদি আৰামক'ৰ ৰন্ধন গেছৰ মূল্যই যথেষ্ট প্ৰভাৱিত কৰে । বিদেশত মূল্য বৃদ্ধি হোৱাৰ লগে লগে দেশতো ৰন্ধন গেছৰ মূল্য বৃদ্ধি হয় ।

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ পেট্ৰ'লিয়াম পৰিকল্পনা আৰু বিশ্লেষণ কোষৰ মতে, চৌদি আৰামক'ৰ ৰন্ধন গেছৰ মূল্য ২০২০ চনৰ মে' মাহত প্ৰতি মেট্ৰিক টনত ২৫৭.৩৩ মাৰ্কিন ডলাৰ আছিল আৰু ২০২১ চনৰ ফেব্ৰুৱাৰীত এই মূল্য প্ৰতি মেট্ৰিক টনত ৫২৯.৮০ মাৰ্কিন ডলাৰলৈ বৃদ্ধি পায় ।

লগতে পঢ়ক:অব্যাহত কংগ্ৰেছ, আইএছএফৰ আসন ভাগ-বাটোৱাৰা সম্পৰ্কত আলোচনা

ABOUT THE AUTHOR

...view details