অসম

assam

মধ্যস্থতাকাৰীৰ নিৰ্দেশনা পালনত ব্যৰ্থ টুইটাৰ : ৰবি শংকৰ প্ৰসাদ

By

Published : Jun 16, 2021, 5:24 PM IST

কেন্দ্ৰীয় যোগাযোগ, ইলেক্ট্ৰ’নিকছ আৰু তথ্য প্ৰযুক্তি, আইন আৰু ন্যায় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে ২৬ মে'ত চৰকাৰে জাৰি কৰা মধ্যস্থতাকাৰীৰ নিৰ্দেশনা পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে টুইটাৰত (Twitter) সমালোচনা কৰে । এক সূত্ৰৰ মতে মাইক্ৰ'ব্লগিং প্লেটফৰ্ম টুইটাৰে ভাৰতত মধ্যস্থতাকাৰী মঞ্চ হিচাপে নিজৰ মৰ্যাদা হেৰুৱাইছে কিয়নো ই নতুন তথ্য প্ৰযুক্তি নিয়ম পালন কৰাত ব্যৰ্থ হৈছে ।

Intermediary Guidelines
মধ্যস্থতাকাৰীৰ নিৰ্দেশনা পালনত ব্যৰ্থ টুইটাৰ

নেশ্যনেল ডেস্ক, ১৬ জুন :ভাৰত চৰকাৰে অন্তিম জাননী প্ৰেৰণ কৰাৰ পিছতো ভাৰতীয় আইন অনুসৰণ কৰিবলৈ ব্যৰ্থ হৈছে টুইটাৰ (Twitter) কতৃপক্ষ । যাৰ বাবে টুইটাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে নেতাসকল । কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ বিশেষ টুইট কৰি কতৃপক্ষৰ প্ৰতি ক্ষোভ উজাৰে । মন্ত্ৰী গৰাকী ভাৰতত মধ্যস্থতাকাৰী মঞ্চ হিচাপে মৰ্যাদা হেৰুওৱাৰ বিষয়ে উল্লেখ কৰি টুইটাৰৰ বিৰুদ্ধে কয় যে মাইক্ৰ'ব্লগিং চাইটটোৱে একাধিক সুযোগ প্ৰদান কৰা স্বত্বেও আইনসমূহ পালন কৰাত ব্যৰ্থ হৈছে ।

ভাৰতীয় কোম্পানী যেনে ফাৰ্মা হওঁক, তথ্য প্ৰযুক্তি হওঁক বা আনসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰত বা বিদেশত যেতিয়া ব্যৱসায়ৰ বাবে যায় তেওঁলোকে স্বেচ্ছাই স্থানীয় আইন অনুসৰণ কৰে । কিন্তু টুইটাৰৰ দৰে প্লেটফৰ্মে কিয় উৎপীড়ন আৰু অপব্যৱহাৰৰ ভুক্তভোগীসকলক মাত দিয়াৰ বাবে প্ৰস্তুত কৰা ভাৰতীয় আইন অনুসৰণত কিয় নিৰ্লিপ্ত ভুমিকা পালন কৰিছে বুলিও প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে ।

মধ্যস্থতাকাৰীৰ নিৰ্দেশনা পালনত ব্যৰ্থ টুইটাৰ

উল্লেখ্য যে, ৫ জুনত কেন্দ্ৰীয় ইলেক্ট্ৰ'নিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (meity) টুইটাৰক চূড়ান্ত জাননী জাৰি কৰি ছ'চিয়েল মিডিয়া কোম্পানী সম্পৰ্কীয় নতুন নিয়মসমূহ পালন কৰিবলৈ কৈছিল । আনহাতে ইয়াৰ উত্তৰত টুইটাৰে কয় যে তেওঁলোকে চৰকাৰলৈ লিখিছে যে ছ'চিয়েল মিডিয়া কোম্পানীসমূহৰ বিষয়ে নতুন নিৰ্দেশনা পালন কৰাৰ প্ৰচেষ্টা কৰা হৈছে আৰু ই চুক্তিভিত্তিত এজন নোডেল ঠিকাভিত্তিক ব্যক্তি (NCP) আৰু এজন আৱাসী অভিযোগ বিষয়াক (RGO) নিযুক্তি দিছে ।

মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কেইবাটাও ঘটনাৰ উদাহৰণ দাঙি ধৰিছে আৰু কৈছে যে টুইটাৰৰ জৰিয়তে ভুল তথ্য প্ৰচাৰ হোৱাৰ বাবেই সেই ঘটনাবোৰ সংঘটিত হৈছিল । টুইটাৰযোগে লোনিৰ ঘটনা, উত্তৰ প্ৰদেশ আদিৰ কেইবাটাও ঘটনা উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, গাজিয়াবাদৰ লোনি অঞ্চলৰ এটা নিৰ্জন স্থানত কেইজনমান দুৰ্বৃত্তই এজন বৃদ্ধলোকক দাড়ি কাটি দিয়াৰ লগতে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল । গাজিয়াবাদ আৰক্ষীয়ে ঘটনাটোক লৈ টুইটাৰ ইণ্ডিয়াকে ধৰি ৯টা প্ৰতিষ্ঠানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক:টুইটাৰ(Twitter)লৈ সংসদীয় কমিটীৰ চমন

ABOUT THE AUTHOR

...view details