অসম

assam

ত্ৰিপুৰাত নিষিদ্ধ সামগ্ৰীসহ তিনিজন আটক

By

Published : Mar 9, 2022, 2:22 PM IST

অসমৰ পাছত এইবাৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত ৰাখিছে (Tripura Police anti drug drive) অভিযান ৷ ত্ৰিপুৰা আৰক্ষীয়ে অভিযানৰ সময়ত বহু পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰাৰ লগতে কেইবাজনো লোকক আটক কৰিবলৈ সক্ষম হয় ৷

Trio held with contraband items in Tripura
ত্ৰিপুৰাত নিষিদ্ধ সামগ্ৰীসহ তিনিজন আটক

আগৰতলা, 9 মাৰ্চ :ত্ৰিপুৰা আৰক্ষীয়ে মঙলবাৰে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান (Tripura Police anti drug drive) চলাই প্ৰায় লক্ষাধিক টকাৰ মূল্যৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰাৰ লগতে দুটা পৃথক স্থানৰ পৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰে । ত্ৰিপুৰাৰ মুংগিয়াকামী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তেলিয়ামুৰাৰ নেতৃত্বত এটা দলে ৮ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন ১৮ চকীয়া ট্ৰাক জব্দ কৰে ।

আৰক্ষীৰ দলটোৱে ট্ৰাকখনৰ পৰা মুঠ ২৯২ কিল’গ্ৰাম শুকান গাঞ্জা উদ্ধাৰ কৰে ৷ তেওঁলোকে ট্ৰাকখনৰ চালক জম্মু বেগ (৩৬) আৰু হেন্দিমেন মুকেশ সিঙক (২১) গ্ৰেপ্তাৰ কৰে ৷ আটকাধীন লোক দুজন ৰাজস্থানৰ বাসিন্দা বুলি জানিব পৰা হৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে লোক দুজনৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ত্ৰিপুৰাত নিষিদ্ধ সামগ্ৰীসহ তিনিজন আটক

আনহাতে উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰৰ কদমতলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ ভিত্তিত ইচাই লালচেৰাৰ কৰিমগঞ্জৰ অন্তৰ্গত নীলম বজাৰত অভিযান চলায় ৷ আৰক্ষীৰ দলটোৱে অভিযানৰ সময়ত এখন নম্বৰবিহীন স্কুটি জব্দ কৰাৰ লগতে এজন ব্যক্তিক আটক কৰে । আৰক্ষীৰ দলটোৱে আটকাধীন ব্যক্তিজনৰ পৰা মুঠ ৩৯.৪৪ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ (Drug seize at Tripura) কৰে ৷

লগতে পঢ়ক :Cash for Job: সচিবালয়ৰ পৰা চলে চাকৰিৰ বজাৰ !

ABOUT THE AUTHOR

...view details