অসম

assam

Adani Row at Parliament : আদানী কাণ্ডত কংগ্ৰেছে আহ্বান জনোৱা বিৰোধী দলৰ বৈঠক ত্যাগ তৃণমূলৰ

By

Published : Mar 14, 2023, 6:25 PM IST

আদানী কাণ্ডক লৈ বিৰোধী সৰৱ হৈ থাকিলেও বিৰোধী দলসমূহৰ মাজত এতিয়াও ঐক্যৰ অভাৱ বিৰাজ কৰি আছে । তাৰ প্ৰমাণ পোৱা গ'ল মঙলবাৰে কংগ্ৰেছে আহ্বান জনোৱা বিৰোধী বৈঠক তৃণমূল কংগ্ৰেছে (টিএমচি) বৰ্জন কৰাৰ পৰা (TMC skip opposition parties meeting over Adani) ।

TMC skip opposition parties meeting over Adani
Adani Row at Parliament

নিউজ ডেস্ক, ১৪ মাৰ্চ : তৃণমূল কংগ্ৰেছৰ সাংসদসকলে মঙলবাৰে আদানী গ্ৰুপত এছ বি আই আৰু এল আই চিৰ ধন বিনিয়োগ কৰা বিষয়ত সংসদ ভৱনৰ চৌহদৰ গান্ধী প্ৰতিমূৰ্তিৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (TMC protest against Central government) । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তৃণমূল সাংসদ শান্তনু সেনে কয়, "প্ৰথমদিনাৰ পৰাই আমি সংসদৰ লগতে সংসদৰ বাহিৰত আদানী বিতৰ্কত বিজেপি আৰু আদানীৰ সম্পৰ্কৰ বিষয়টোত (BJP and Adani nexus issue) যুটীয়া সংসদীয় সমিতিৰ (joint parliamentary committee, JPC) তদন্তৰ দাবী উত্থাপন কৰি আহিছোঁ ।"

আনহাতে, মঙলবাৰে সংসদৰ অধিবেশন পুনৰ আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে (Congress President Mallikarjun Kharge) তেওঁৰ কক্ষত সকলো বিৰোধী দলৰ এখন বৈঠক আহ্বান কৰে । কংগ্ৰেছ, ডিএমকে, চিপিএম, জেডিইউ, আৰজেডি, এনচিপি, এছপি, এছএছ (উদ্ধৱ), আপ, চিপিআই, জেএমএম, আইইউএমএল, এমডিএমকে, কংগ্ৰেছ আৰু অন্যান্যকে ধৰি প্ৰায় ১৬ টা বিৰোধী দলে আদানি কাণ্ড সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ বৈঠকত উপস্থিত হয় (Congress called oppositions parties meeting) ।

বৈঠকত সভাপতিত্ব কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে, জেপিচি আৰু প্ৰতিজন ভাৰতীয়ৰ সৈতে সম্পৰ্কিত আন সকলো গুৰুত্বপূৰ্ণ বিষয়ত বিৰোধী একত্ৰিত হৈছে । আনহাতে, বিৰোধী দলৰ কেইবাজনো সাংসদে আদানি বিষয়টো আলোচনা কৰিবলৈ সদনৰ কাম-কাজ স্থগিত ৰখাৰ বাবে অধিনিয়ম 267-ৰ অধীনত জাননী জাৰি কৰিছিল ।

ইফালে টিএমচিৰ সূত্ৰই কয় যে, দলটোৱে কংগ্ৰেছক বিৰোধী দলক নেতৃত্ব দিবলৈ অনুমতি দিয়াৰ ভাবত নাই । ইটিভি ভাৰতৰ সৈতে পূৰ্বতে দিয়া এক সাক্ষাৎকাৰত টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে কয় যে তেওঁলোকৰ দলে আদানিৰ সৈতে বিজেপিৰ সম্পৰ্কক লৈ চৰকাৰক হেঁচা দি আছে । বেনাৰ্জীয়ে কয়, "তেওঁলোক (কংগ্ৰেছ) আমাৰ নেতা নহয় যে আমি তেওঁলোকৰ পৰামৰ্শ অনুসৰণ কৰিব লাগিব ।" উল্লেখ্য, টিএমচিয়ে বাজেট অধিবেশনৰ প্ৰথম পৰ্যায়ত আদানি বিষয়টোক লৈ কংগ্ৰেছে আহ্বান কৰা এনে ধৰণৰ কেইবাখনো সভা বৰ্জন কৰি নিজৰ স্থিতি বজাই ৰাখিছিল ।

লগতে পঢ়ক :Bhopal Gas Tragedy : অতিৰিক্ত ক্ষতিপূৰণৰ আৱেদন খাৰিজ আদালতৰ

ABOUT THE AUTHOR

...view details