অসম

assam

Atique Ahmed killed : আতিক-আশ্ৰফৰ 3 হত্যাকাৰীক গ্ৰেপ্তাৰ; 17 আৰক্ষীক নিলম্বন

By

Published : Apr 16, 2023, 7:15 AM IST

Updated : Apr 16, 2023, 7:22 AM IST

আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফৰ হত্যা সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ 17 গৰাকী আৰক্ষীক চাকৰিৰ পৰা কৰা হৈছে নিলম্বন ৷ কটকটীয়া কৰি তোলা হৈছে চহৰখনৰ নিৰাপত্তা ব্যৱস্থা ৷ উত্তৰ প্ৰদেশৰ সকলো জিলাত 144 ধাৰা জাৰি (Atique Ahmed shot dead live updates) ৷

Atique Ahmed Death News
Atique Ahmed Death News

নেশ্যনেল ডেস্ক, 16 এপ্ৰিল : শনিবাৰৰ নিশা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সংবাদ মাধ্যমৰ সমুখতে সংঘটিত হয় হত্যাৰ ঘটনা ৷ পূৰ্বে ৰাজনীতিবিদ আৰু পৰৱৰ্তী সময়ত মাফিয়ালৈ পৰিণত হোৱা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক গুলীয়াই হত্যা কৰা হয় শনিবাৰৰ নিশা ৷ ঘটনা সন্দৰ্ভত তিনি হত্য়াকাৰীক ঘটনাস্থলীৰ পৰাই গ্ৰেপ্তাৰ। ইয়াৰ বিপৰীতে 17 গৰাকী আৰক্ষীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত অধিক সবিশেষ তথ্য পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ'ব বুলি এগৰাকী আৰক্ষী বিষয়াই কয় (Three people arrested in connection with Atiq Ahmed encounter) ৷

আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক হত্যাৰ কিছু মুহূৰ্তৰ আগতে উমেশ পাল হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত দুয়োজন অপৰাধীয়ে সংবাদ মাধ্যমৰ আগত মতামত প্ৰকাশ কৰি আছিল ৷ উক্ত সময়চোৱাত দুয়োজনকে নিয়মীয়া চিকিৎসাৰ বাবে হাস্পতাললৈ লৈ যোৱা হৈছিল ৷ ‘তেওঁলোকে আমাক নিনিলে গতিকে আমি যোৱা নাছিলো’ - এয়া আছিল আতিক আহমেদৰ শেষ কথা ৷ সংবাদ মাধ্যমৰ লোকে তেওঁৰ পুত্ৰ আছাদৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ নকৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত আশ্ৰফে 'বস্তুটো হ'ল যে গুদ্দু মুছলিম' বুলি অন্তিম মন্তব্যটো আগবঢ়ায় ।" দেখিবলৈ পোৱা অনুসৰি দুয়োকে হেণ্ডকাফ লগাই চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল । দুয়োজনে আগবাঢ়ি যোৱাৰ লগে লগে সাংবাদিকৰ বেশত থকা দুৰ্বৃত্তই সংবাদ মাধ্যমৰ পৰা প্ৰশ্ন উত্থাপন কৰিছিল । উক্ত সময়চোৱাতে প্ৰায় শূন্য দূৰত্বৰ পৰা আতিকৰ মূৰত পিছফালৰ পৰা গুলীচালনা কৰা হৈছিল (Atiq Ahmed news update) ৷

উত্তৰ প্ৰদেশ বৰ্তমান অপৰাধৰ শীৰ্ষ স্থানত উপনীত হৈছে আৰু প্ৰদেশখনত অপৰাধীৰ মনোবল উচ্চ হৈ পৰা পৰিলক্ষিত হৈছে । নিৰাপত্তাৰক্ষীৰ বেষ্টনীত থকাৰ পিচতো যেতিয়া কাৰোবাক মুকলিকৈ হত্যা কৰিব পৰা যায়, তেতিয়া সাধাৰণ জনতাৰ অৱস্থাৰ কথা কেনে হ’ব পাৰে তাক কল্পনা কৰিব পাৰি বুলি ঘটনাটো সংঘটিত হোৱাৰ পিচতে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । ইয়াৰ বাবেই এনকাউণ্টাৰ হত্যাকাণ্ডই জনসাধাৰণৰ মাজত ভয়ৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি সমাজবাদী পাৰ্টীৰ নেতাগৰাকীয়ে কিছু লোকে ইচ্ছাকৃতভাৱে এনে পৰিৱেশৰ সৃষ্টি কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় (Akhilesh Yadav tweet on Atiq Ahmed encounter) ৷

"উত্তৰ প্ৰদেশৰ ঝান্সীত এক এনকাউণ্টাৰত আতিক আহমেদৰ পুত্ৰ আছাদ নিহত হয় ৷ উল্লেখ্য যে, লোকসভাৰ প্ৰাক্তন সাংসদ তথা পৰৱৰ্তী সময়ত মাফিয়ালৈ পৰিণত হোৱা আতিক আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদে ২০০৫ চনৰ বিএছপি বিধায়ক ৰাজু পাল হত্যাকাণ্ডৰ লগতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সংঘটিত উমেশ পাল হত্যাকাণ্ডৰ গোচৰতো আহমেদ অভিযুক্ত আছিল । ১৩ এপ্ৰিলৰ দিনা প্ৰয়াগৰাজৰ উমেশ পাল হত্যাকাণ্ডৰ গোচৰত ঝান্সীত হোৱা এক এনকাউণ্টাৰত আছাদৰ লগতে গুলামক হত্যা কৰা হৈছিল । উল্লেখ্য যে, দুয়োজনৰ সন্ধান দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল ৷ আৰক্ষীয়ে বিদেশত নিৰ্মিত অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে (Atiq Ahmad news today) ।

ঝান্সিত আৰক্ষী উপ-অধীক্ষকদ্বয় নভেন্দু আৰু বিমলৰ নেতৃত্বত উত্তৰ প্ৰদেশৰ আৰক্ষীৰ দ্বাৰা গঠিত এক বিশেষ তদন্তকাৰী দলৰ সৈতে হোৱা এনকাউণ্টাৰত মৃত্যু হয় আছাদ আৰু গুলাম । আৰক্ষীৰ এনকাউণ্টাৰত আছাদ নিহত হোৱাৰ দিনাই উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক অনা হৈছিল (CJM Court in Prayagraj) ।

লগতে পঢ়ক :Atiq Ahmed shot dead আৰক্ষী বেষ্টনীৰ মাজতে শূন্য দূৰত্বৰ পৰা হত্যা আতিক আহমেদসহ ভাতৃ আশ্ৰফক

Last Updated : Apr 16, 2023, 7:22 AM IST

ABOUT THE AUTHOR

...view details