ETV Bharat / bharat

Atiq Ahmed shot dead আৰক্ষী বেষ্টনীৰ মাজতে শূন্য দূৰত্বৰ পৰা হত্যা আতিক আহমেদসহ ভাতৃ আশ্ৰফক

author img

By

Published : Apr 16, 2023, 1:07 AM IST

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মাফিয়াৰ পৰা ৰাজনৈতিক নেতা হোৱা আতিক আহমেদক গুলীয়াই হত্যা ৷ তেওঁৰ লগতে ভাতৃ আশ্ৰফকো গুলীয়াই হত্যা কৰা হয় ৷ আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজতে সাংবাদিকৰ ভেশত যোৱা দুৰ্বৃত্তই হত্যা কৰে দুই ভাতৃক (Atiq Ahmed shot dead) ৷

Atiq Ahmed shot dead
Atiq Ahmed shot dead

নিউজ ডেস্ক, 15 এপ্ৰিল: শনিবাৰে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মাফিয়ালৈ পৰিণত ৰাজনীতিবিদ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক গুলীয়াই হত্যা কৰা হয় । হত্যাৰ কিছু মুহূৰ্ত পূৰ্বে উমেশ পাল হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত দুয়োজন অপৰাধীয়ে মেডিকেলৰ বাবে নিয়াৰ সময়ত সংবাদ মাধ্যমৰ সৈতে কথা পাতি আছিল আৰু তেওঁলোকৰ হত্যাকাণ্ড কেমেৰাত বন্দী হৈছিল(Atiq Ahmed shot dead)।

"তেওঁলোকে আমাক নিনিলে, গতিকে আমি যোৱা নাছিলোঁ ৷"এয়া আতিক আহমেদৰ শেষ কথা আছিল ৷ যেতিয়া তেওঁক সোধা হৈছিল যে, তেওঁৰ পুত্ৰ আছাদৰ অন্ত্যেষ্টিক্ৰিয়ালৈ নোযোৱাৰ বাবে কি ক'ব ? তেতিয়া তেওঁ এইদৰে কৈছিল ৷ "মূল কথা হ’ল গুদ্দু মুছলমান আছিল ৷’’ এয়া আছিল আশ্ৰাফৰ শেষ কথা (Atiq Ahmed encounter) ।"

ভিজুৱেল অনুসৰি দুয়োকে হেণ্ডকাফ লগাই চিকিৎসাৰ বাবে লৈ যোৱা হয় । দুয়োজন আগবাঢ়ি যোৱাৰ লগে লগে সংবাদ মাধ্যমে তেওঁলোকক প্ৰশ্ন উত্থাপন কৰে । সেই সময়তে আতিকৰ মূৰত পিছফালৰ পৰা এজন লোকে শূন্য দূৰত্বৰ পৰা গুলী চালনা কৰে ৷ একে সময়তে আশ্ৰাফকো গুলীয়াই হত্যা কৰা হয় (Atiq Ahmed death news)।

উত্তৰ প্ৰদেশৰ ঝান্সিত এক এনকাউণ্টাৰত আতিক আহমেদৰ পুত্ৰ আছাদ নিহত হোৱাৰ এদিন পিছতে শনিবাৰে প্ৰয়াগৰাজত চিকিৎসাৰ বাবে নিয়াৰ সময়তে মাফিয়ালৈ পৰিণত হোৱা ৰাজনীতিবিদ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফ আহমেদক হত্যা কৰা হয় । ২০০৫ চনৰ বিএছপি বিধায়ক ৰাজু পাল হত্যাকাণ্ডৰ লগতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হোৱা উমেশ পাল হত্যাকাণ্ডৰ গোচৰতো আতিক আহমেদৰ অভিযুক্ত আছিল (Atiq Ahmed death) ।

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত শনিবাৰে আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক গুলীয়াই হত্যা কৰাৰ পিছতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে । প্ৰয়াগৰাজত গেংষ্টাৰৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা আতিক আৰু তেওঁৰ ভাতৃক গুলীয়াই হত্যা কৰাৰ পিচত এজন আৰক্ষী বিষয়াই কয়, "তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । অধিক তথ্য পিচত প্ৰদান কৰা হ'ব ।"

হত্যাৰ কিছু মুহূৰ্ত পূৰ্বে উমেশ পাল হত্যাকাণ্ডৰ অভিযুক্ত দুয়োজন অপৰাধীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰিছিল আৰু তেওঁলোকৰ হত্যাকাণ্ড কেমেৰাত বন্দী হৈছিল ।

ভিজুৱেল অনুসৰি দুয়োকে হেণ্ডকাফ পিন্ধায় চিকিৎসাৰ বাবে লৈ যোৱা হয় । দুয়োজনে আগবাঢ়ি যোৱাৰ লগে লগে সংবাদ মাধ্যমৰ পৰা প্ৰশ্ন উত্থাপন কৰা হৈছিল । আতিকৰ মূৰত পিছফালৰ পৰা গুলী লাগিছিল, প্ৰায় পইণ্ট ব্লেংক ৰেঞ্জত । আশ্ৰাফকো গুলীয়াই হত্যা কৰা হয় ।

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে কয় যে, ৰাজ্যত অপৰাধে তুংগত উঠিছে আৰু “অপৰাধী”ৰ মনোবল বৃদ্ধি পাইছে । ‘‘উত্তৰ প্ৰদেশ অপৰাধৰ শিখৰত উপনীত হৈছে আৰু অপৰাধীৰ মনোবল উচ্চ । নিৰাপত্তাৰক্ষীয়ে ঘেৰি ৰখাৰ পিছতো যেতিয়া কাৰোবাক মুকলিকৈ হত্যা কৰিব পৰা যায়, তেতিয়া সাধাৰণ জনতাৰ অৱস্থাৰ কথা কল্পনা কৰিব পাৰি। ইয়াৰ বাবেই (কথিত এনকাউণ্টাৰ হত্যা), জনসাধাৰণৰ মাজত ভয়ৰ পৰিৱেশৰ সৃষ্টি হৈছে। এনে লাগে যেন কিছুমান মানুহে ইচ্ছাকৃতভাৱে এনে পৰিৱেশ সৃষ্টি কৰিছে।’’ হিন্দীত অখিলেশ যাদৱে টুইট কৰে।

লগতে পঢ়ক- Asad Encounter by UP STF : এনকাউণ্টাৰত নিহত মাফিয়া আতিক আহমেদৰ পুত্ৰ আছাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.