অসম

assam

Kejriwal on CBI summons: মই যদি দুৰ্নীতিগ্ৰস্ত হয় তেন্তে এই পৃথিৱীত সৎ কোনো নাই: কেজৰিৱাল

By

Published : Apr 16, 2023, 11:43 AM IST

Updated : Apr 16, 2023, 11:50 AM IST

দিল্লীৰ নতুন আবকাৰী নীতি কেলেংকাৰী গোচৰত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে চিবিআইয়ে চমন জাৰি কৰিছে । দেওবাৰে চিবিআই কাৰ্যালয়ত উপস্থিত হোৱাৰ পূৰ্বে এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে কেজৰিৱালে (Kejriwal to CBI office)। পুনৰবাৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা দিল্লীৰ মুখ্যমন্ত্ৰীৰ ।

Kejriwal on CBI summons
চিবিআই কাৰ্যালয়ত উপস্থিত হোৱাৰ পূৰ্বে কেজৰিৱালৰ ভিডিঅ' বাৰ্তা

নেশ্যনেল ডেস্ক,১৬ এপ্ৰিল :দেওবাৰে অৰ্থাৎ আজি চিবিআইৰ কাৰ্যালয়ত হাজিৰ হ'ব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Delhi CM Kejriwal at CBI office)। তাৰ পূৰ্বে কেজৰিৱালে টুইটাৰত প্ৰকাশ কৰিলে এটা বিশেষ ভিডিঅ' বাৰ্তা । ভিডিঅ' বাৰ্তাত কেজৰিৱালে কয় যে কেন্দ্ৰত থকা বিজেপিয়ে নিৰ্দেশ দিলে চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব । পুৱাই মুকলি কৰা এটা ভিডিঅ' বাৰ্তাত কেজৰিৱালে কয় যে চিবিআইয়ে তেওঁক মাতিছে আৰু তেওঁ নিশ্চিতভাৱে যাব ।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে তেওঁলোক অতি শক্তিশালী, তেওঁলোকে যিকোনো লোককে কাৰাগাৰলৈ প্ৰেৰণ কৰিব পাৰে । যদি বিজেপিয়ে চিবিআইক অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে, তেন্তে চিবিআইয়ে নিশ্চিতভাৱে সেই নিৰ্দেশনা পালন কৰিব বুলিও তেওঁ কয় । তেওঁ লগতে কয় যে বিজেপিয়ে তেওঁক দুৰ্নীতিগ্ৰস্ত বুলি কৈছে । কেজৰিৱালে কয় যে তেওঁ আয়কৰ বিভাগৰ এগৰাকী আয়ুক্ত আছিল, তেওঁ বিচাৰিলে কোটি টকা উপাৰ্জন কৰিব পাৰিলোহেঁতেন । তেওঁ দাবী কৰে যে যদি অৰবিন্দ কেজৰিৱাল দুৰ্নীতিগ্ৰস্ত হয় তেন্তে এই পৃথিৱীত সৎ কোনো নাই (Kejriwal video message on CBI summons)।

উল্লেখ্য যে কেজৰিৱালক দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত চিবিআইয়ে তলব কৰিছিল (CBI summons Kejriwal)। সোধা-পোছাৰ বাবে দেওবাৰে চিবিআইৰ সন্মুখত তেওঁ হাজিৰ হ'ব । ইফালে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে দেওবাৰে কেজৰিৱালৰ সৈতে চিবিআই কাৰ্যালয়লৈ যাব । সেই সময়ত কেজৰিৱালৰ কেবিনেট মন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ (আপ) সকলো সাংসদেও তেওঁৰ সৈতে চিবিআই কাৰ্যালয়লৈ যাব । সূত্ৰৰ মতে দেওবাৰে চিবিআই কাৰ্যালয়ত দলৰ মুৰব্বী কেজৰিৱালক সোধা-পোছাৰ সময়ত আম আদমী পাৰ্টীয়ে ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰতিবাদ সাব্যস্ত কৰিব ।

ইফালে কেজৰিৱালে টুইট কৰি কয় যে তেওঁ চিবিআই আৰু ইডি বিষয়াসকলৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়া আৰু আদালতত মিছা প্ৰমাণ দাখিল কৰাৰ বাবে উপযুক্ত গোচৰ ৰুজু কৰিব । কেজৰিৱালে দাবী কৰিছিল যে তেওঁ পূৰ্বৰে পৰা জানিছিল যে দিল্লী বিধানসভাত দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱাৰ দিনৰ পৰাই চিবিআইয়ে তেওঁলোকৰ ওপৰত নজৰ ৰাখিছে ।

লগতে পঢ়ক :Delhi liquor policy case: আবকাৰী কেলেংকাৰী গোচৰত CBI কাৰ্যালয়লৈ অৰবিন্দ কেজৰিৱাল

Last Updated : Apr 16, 2023, 11:50 AM IST

ABOUT THE AUTHOR

...view details