নেশ্যনেল ডেস্ক,১৬ ছেপ্টেম্বৰ :জম্মু-কাশ্মীৰ সীমান্তত পাকিস্তানী সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত আছে । তেনে এক অনুপ্ৰৱেশৰ ঘটনা সংঘটিত হৈছে উৰি সীমান্তত । অৱশ্যে সেনাৰ তাৎক্ষণিক প্ৰচেষ্টাৰ বাবে পাকিস্তানী সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল হয় । সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হোৱাও দেখা যায় । য'ত ৩ টা সন্ত্ৰাসবাদী নিহত হোৱাৰ দাবী কৰিছে ভাৰতীয় সেনাই । উৰি এনকাউণ্টাৰ সন্দৰ্ভত উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাত সেনাই শনিবাৰে এখন সংবাদমেল সম্বোধন কৰে ।
সংবাদমেলত এগৰাকী জ্যেষ্ঠ সেনা বিষয়াই কয় যে উৰিৰ সীমান্তৱৰ্তী হাটলিঙ্গা গাঁৱত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হয় । য'ত ৩ টা পাকিস্তানী সন্ত্ৰাসবাদী নিহত হয় ।
তেওঁ কোৱা মতে পুৱা সন্ত্ৰাসবাদীকেইটাই অনুপ্ৰৱেশৰ চেষ্টা কৰে । লগে লগে সেনা আৰু আৰক্ষীয়ে অঞ্চলটোত তীব্ৰ তালাচী অভিযান আৰম্ভ কৰে । সন্ত্ৰাসবাদী কেইটা লুকাই থকাৰ উমান পাই নিৰাপত্তা বাহিনীয়ে ব্যাপক অভিযান চলায় । সেই সময়ত সন্ত্ৰাসবাদীকেইটাই নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা কৰে আৰু তাৰ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীচালনা কৰে ।