অসম

assam

Amit Shah Security Lapse : তামিলনাডুত অমিত শ্বাহৰ নিৰাপত্তাত ত্ৰুটি !

By

Published : Jun 11, 2023, 11:10 AM IST

নিশা তামিলনাডুত উপস্থিত গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah Tamil Nadu visit)। শ্বাহে বিমানবন্দৰৰ পৰা গুইণ্ডি অভিমুখে গৈ থকাৰ সময়ত ষ্ট্ৰীট লাইট বন্ধ । ষ্ট্ৰীট লাইট বন্ধক নিৰাপত্তাত সুৰুঙা আখ্যা বিজেপিৰ ।

Amit Shah Security Lapse
তামিলনাডুত অমিত শ্বাহৰ নিৰাপত্তাত ত্ৰুটি

নেশ্যনেল ডেস্ক,১১ জুন :অমিত শ্বাহৰ নিৰাপত্তাত সুৰুঙাক লৈ বিভিন্ন মহলত প্ৰশ্ন উঠিছে (Amit Shah Security Lapse)। গৃহ মন্ত্ৰীগৰাকীয়ে যাত্ৰা কৰা পথৰ ষ্ট্ৰীট লাইট ইচ্ছাকৃতভাৱে বন্ধ কৰি দিয়াৰ অভিযোগ বিজেপিৰ । ষ্ট্ৰীট লাইট বন্ধ কৰাটো নিৰাপত্তা ত্ৰুটি হিচাপে গণ্য কৰিবলৈ দাবী বিজেপিৰ । গৃহ মন্ত্ৰীৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ বিজেপি কৰ্মীৰ ।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শনিবাৰে নিশা গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশৰ দুদিনীয়া ভ্ৰমণসূচীৰে চেন্নাইত উপস্থিত হয় (Amit Shah Tamil Nadu visit)। নান্দেড়ৰ পৰা তেওঁ বিমান নিশা ৯.২০ বজাত চেন্নাই বিমানবন্দৰত অৱতৰণ কৰে । তাৰ পাছত শ্বাহে গুইণ্ডিত থকা তেওঁৰ হোটেললৈ বিমানবন্দৰৰ পৰা গাড়ীৰে যাত্ৰা কৰে । কিন্তু বিমানবন্দৰৰ ওচৰৰ ৰাস্তাৰ ষ্ট্ৰীট লাইটবোৰ সেই সময়ত বন্ধ আছিল ।

বিজেপি কৰ্মীসকলে দাবী কৰা মতে ইচ্ছাকৃতভাৱে ষ্ট্ৰীট লাইটবোৰ বন্ধ কৰি দিয়া হৈছিল । ইয়াৰ বাবে তামিলনাডুৰ অ-বিজেপি চৰকাৰক দোষাৰোপ কৰিছে বিজেপি দলৰ নেতা-কৰ্মীসকলে । ইয়াৰ বাবে গৃহ মন্ত্ৰীৰ জীৱন বিপদত পৰিব পাৰে বুলিও উদ্বেগ প্ৰকাশ কৰে দলীয় নেতা-কৰ্মীসকলে ।

তামিলনাডু বিজেপিৰ উপ-সভাপতি কাৰু নাগাৰাজনে ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যিহেতু পূৰ্বে গৃহ মন্ত্ৰীৰ পথ নিৰ্ধাৰণ কৰা হৈছিল, সেই পথত ষ্ট্ৰীট লাইট বন্ধ কৰাটো নিৰাপত্তাৰ ত্ৰুটি বুলি গণ্য কৰা উচিত । তেওঁ লগতে এই বিষয়টো গুৰুত্ব সহকাৰে তদন্ত কৰিবলৈও দাবী জনায় । তেওঁ প্ৰশ্ন কৰা মতে যেতিয়া বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে চেন্নাই বিমানবন্দৰ এৰিছিল হঠাতে কেনেকৈ বিদ্যুৎ বিভ্ৰাট হ'ল ? তেওঁৰ মতে এয়া সুৰক্ষাজনিত ত্ৰুটি ।

ৰাজ্য চৰকাৰক এই সন্দৰ্ভত তদন্ত কৰিবলৈও তেওঁ দাবী জনায় । ইফালে, ৰাজ্য চৰকাৰে ইচ্ছাকৃতভাৱে ষ্ট্ৰীট লাইট বন্ধ কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ বিজেপি কৰ্মীয়ে প্ৰতিবাদো সাব্যস্ত কৰে (BJP stages protest against Tamil Nadu govt)।

উল্লেখ্য যে অমিত শ্বাহৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ । কিয়নো বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৯ বছৰীয়া শাসনকালৰ সফলতাসমূহ জনসাধাৰণক জনোৱাৰ উদ্দেশ্যে বিজেপিৰ মাহজোৰা বিশেষ অভিযানৰ অংশ অমিত শ্বাহৰ এই ভ্ৰমণ । দেওবাৰে পুৱা চেন্নাই দক্ষিণ সমষ্টিৰ দলীয় কৰ্মীসকলৰ এখন সভাত অমিত শ্বাহে অংশগ্ৰহণ কৰিব । পাছত, তেওঁ আবেলি ভেলোৰৰ ওচৰৰ পল্লীকোণ্ডাত এখন ৰাজহুৱা সভা সম্বোধন কৰিব । তেওঁ দেওবাৰে সন্ধিয়া অন্ধ্ৰ প্ৰদেশলৈ ৰাওনা হ'ব ।

লগতে পঢ়ক :Worker feedback program: চৰকাৰী আঁচনিৰ খতিয়ান বিচাৰি কংগ্ৰেছৰ মতামত অভিযান

ABOUT THE AUTHOR

...view details