অসম

assam

Sachin Slams BJP Govt : মণিপুৰক লৈ কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা শচীন পাইলটৰ

By

Published : Jul 9, 2023, 8:04 PM IST

কংগ্ৰেছ নেতা শচীন পাইলটে কয় যে মণিপুৰত নাগৰিকসকল বেদনাত ভুগি আছে । তাত সকলো ঠাইতে আভ্যন্তৰীণ প্ৰব্ৰজন, হত্যা আৰু বৰ্বৰতাই সীমা অতিক্ৰম কৰিছে ।

Sachin Slams BJP Govt
Sachin Slams BJP Govt

নিউজ ডেস্ক, ৯ জুলাই :হিংসাপীড়িত মণিপুৰৰ পৰিস্থিতি মোকাবিলাক লৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতা শচীন পাইলটে । তেওঁ ৰাজ্যখনত এনে পৰিস্থিতি উদ্ভৱ হ'বলৈ দিয়া বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে । লগতে প্ৰশ্ন কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয় ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত প্ৰকৃত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰা নাই । তেওঁ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙকো আক্ৰমণ কৰি কয় যে তেওঁ ৰাজ্যখন শাসন কৰাৰ নৈতিক আৰু ৰাজনৈতিক অধিকাৰ হেৰুৱাইছে ।

"মণিপুৰৰ দৰে এখন সৰু ৰাজ্য যিয়ে সহানুভূতিৰে আৰু সাৱধানতাৰে পৰিস্থিতি চম্ভালিব লগা হৈছে, কিন্তু তাৰ বাবে কোনো দায়বদ্ধতা নাই । যাৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাইছে । চৰকাৰে শাসন কৰাৰ নৈতিক কৰ্তৃত্ব হেৰুৱাইছে । দায়বদ্ধতাৰ বাবে ৰাজ্যখনত কোনো নাই, শাসকীয় দলৰো কোনো নাই, দিল্লীত কোনেও প্ৰশ্নৰ উত্তৰ দিয়া নাই ।" পাইলটে কয় ।

"মাননীয় ৰাহুল গান্ধীয়ে মানুহক লগ কৰিবলৈ মণিপুৰলৈ গৈছিল । এইটো এটা প্ৰয়াস আছিল শান্তি স্থাপনৰ, সুবিধা গ্ৰহণৰ বাবে কোনো ৰাজনৈতিক প্ৰয়াস নহয় । মানুহে এইটো অনুভৱ কৰাটো নিশ্চিত কৰিবলৈ যে ধৰ্মীয় বিভাজন আৰু সামাজিক বিভাজন সত্ত্বেও এনে কিছু লোক আছে যিয়ে গৈ আঘাতৰ আৰোগ্য কৰিব বিচাৰে, বেদনা হ্ৰাস কৰিব বিচাৰে আৰু উদ্বেগ সকলোৰে সৈতে ভাগ-বতৰা কৰিব বিচাৰে ।" তেওঁ পিটিআইক এক সাক্ষাৎকাৰত কয় ।

দুমাহৰ ভিতৰতে বহু লোকে প্ৰাণ হেৰুৱাইছে বুলি উল্লেখ কৰি পাইলটে কয় যে ইয়াৰ প্ৰতি যেন কোনো দায়বদ্ধতা নাই । এইটো আগতে কেতিয়াও হোৱা নাছিল আৰু ইয়াত এখন চৰকাৰ আছে যিয়ে 'সবকা সাথ, সবকা বিকাশ'ৰ বিষয়ে কয় । কেন্দ্ৰক সমালোচনা কৰি তেওঁ কয় । "মণিপুৰ আমাৰ দেশৰ অংশ নহয় নেকি ? যিসকল নাগৰিকে ভুগি আছে তেওঁলোকৰ দোষ কি । মোৰ চিন্তা হৈছে যে ইয়াক (পৰিস্থিতি) উদ্ভৱ হ'বলৈ দিয়া হৈছে । মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে (এন বীৰেন সিং) ৰাজ্যখন শাসন কৰাৰ নৈতিক আৰু ৰাজনৈতিক অধিকাৰ হেৰুৱাইছে ।" পাইলটে কয় ।

তেওঁ কয় যে মণিপুৰত নাগৰিকসকলে বেদনাত ভুগি আছে, সকলো ঠাইতে আভ্যন্তৰীণ প্ৰব্ৰজন, হত্যা আৰু বৰ্বৰতা হৈছে । " দুৰ্ভাগ্যবশত সন্মানীয় প্ৰধানমন্ত্ৰীয়ে এটা শব্দও তেওঁৰ ফালৰ পৰা উচ্চাৰণ কৰা নাই । আপুনি গোটেই দিনটো জন্মদিন আৰু উৎসৱৰ বিষয়ে টুইট কৰিব পাৰে, কিন্তু আপুনি কিয় এক প্ৰকৃত সৰ্বদলীয় সভা অনুষ্ঠিত কৰা নাই । চৰকাৰে কিয় কোনো পদক্ষেপ হাতত লোৱা নাই । দৈনিক সংঘটিত অত্যাচাৰৰ বাবে কোনেও কিয় উত্তৰ দিয়া নাই । এইটো অতি দুৰ্ভাগ্যজনক আৰু মই আশাকৰোঁ যে এইটো সোনকালে শেষ হ'ব লাগে ।" পাইলটে কয় ।

উল্লেখ্য, কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীয়ে বিগত সপ্তাহত দুদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰি শান্তিৰ বাবে আহ্বান জনাই কৈছিল, "হিংসা কোনো সমাধান নহয় ।" কংগ্ৰেছে অভিযোগ কৰিছে যে ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে বিজেপি আৰু ইয়াৰ 'বিভাজনমূলক ৰাজনীতি' দায়ী । উল্লেখ্য যে ৩ মে'ৰ পৰা মণিপুৰত সংঘটিত জাতিগত হিংসাত শতাধিক লোকৰ মৃত্যু হৈছে আৰু শ শ লোক আহত হৈছে ।

লগতে পঢ়ক :Smriti Irani Slams Rahul Gandhi : পশ্চিমবংগ পঞ্চায়ত নিৰ্বাচনত হিংসা; ৰাহুলক উভতি ধৰিলে স্মৃতি ইৰাণীয়ে

ABOUT THE AUTHOR

...view details