ETV Bharat / bharat

Smriti Irani Slams Rahul Gandhi : পশ্চিমবংগ পঞ্চায়ত নিৰ্বাচনত হিংসা; ৰাহুলক উভতি ধৰিলে স্মৃতি ইৰাণীয়ে

author img

By

Published : Jul 9, 2023, 7:37 PM IST

স্মৃতি ইৰাণীয়ে শনিবাৰে বংগৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত হোৱা ব্যাপক হিংসাত্মক ঘটনাৰ বাবে তৃণমূল কংগ্ৰেছক সমালোচনা কৰে । ইয়াৰ পূৰ্বে বিজেপি বিধায়ক শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাইছিল । আনহাতে, কংগ্ৰেছ সভাপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ হাত ৰক্তৰে ৰঞ্জিত ।

Smriti Irani Slams Rahul Gandhi
Smriti Irani Slams Rahul Gandhi

নিউজ ডেস্ক, ৯ জুলাই : কেন্দ্ৰীয় মন্ত্ৰী স্মৃত ইৰাণীয়ে দেওবাৰে পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনত ব্যাপক হিংসাত্মক ঘটনাৰ বাবে শাসকীয় তৃণমূল কংগ্ৰেছক (টিএমচি) গৰিহণা দিয়ে । লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰশ্ন কৰে যে তেওঁ এনে ঘটনাত অনুমোদন জনাইছে নেকি । কিয়নো তেওঁৰ দলে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে টিএমচিৰ সৈতে মিত্ৰতা গঢ়ি তুলিছে ।

"বংগৰ পঞ্চায়ত নিৰ্বাচনত যেনেধৰণে গণতন্ত্ৰক হত্যা কৰা হৈছে সেয়া দুৰ্ভাগ্যজনক । গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সময়ত মানুহক হত্যা কৰা হৈছে । এতিয়া যিহেতু কংগ্ৰেছে টিএমচিৰ সৈতে মিত্ৰতা গঢ়ি তুলিছে, মই ৰাহুল গান্ধীক সুধিব বিচাৰোঁ যে গান্ধী পৰিয়ালে এনে হিংসাৰ বাবে দোষী এনে এটা দলৰ সৈতে হাত মিলোৱাটো গ্ৰহণযোগ্য নেকি ? ৰাহুল গান্ধীয়ে এই মৃত্যুবোৰক সমৰ্থন কৰে নেকি ?" ইৰাণীয়ে ভূপালত শিশু আয়োগৰ এক কাৰ্যসূচীৰ সময়ত এনেদৰে কয় ।

উল্লেখ্য, হিংসা আৰু অগ্নিসংযোগৰ ফলত শনিবাৰে বংগৰ পঞ্চায়ত নিৰ্বাচনত এক প্ৰকাৰৰ নজিৰবিহীন ঘটনাৰ সৃষ্টি হয় । যদিও চৰকাৰীভাৱে মৃত্যুৰ সংখ্যা ১০ জন, নিৰ্বাচনী হিংসাত প্ৰায় ১৮ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ইফালে মৃত্যুৰ সংখ্যা সন্দৰ্ভত মন্তব্য কৰি কংগ্ৰেছ সভাপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে বংগৰ মুৰ্চিদাবাদৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ । লগতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তেওঁ কেনে ধৰণৰ গণতন্ত্ৰ বিচাৰে বুলিও প্ৰশ্ন কৰে । তেওঁ অভিযোগ কৰে যে মমতাৰ হাত ৰক্তৰে ৰঞ্জিত হৈ আছে ।

ইয়াৰ পূৰ্বে বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে পশ্চিমবংগ 'জ্বলি আছে' আৰু আৰক্ষীৰ উপস্থিতিত দুৰ্বৃত্তই ২০,০০০ তকৈও অধিক বুথ দখল কৰাৰ অভিযোগ উত্থাপন কৰি ৰাষ্ট্ৰপতি শাসন জাৰি কৰিবলৈ কেন্দ্ৰক আহ্বান জনায় ।

উল্লেখ্য যে মধ্যপ্ৰদেশত শিশুৰ সুৰক্ষাৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । ইয়াৰ অধীনত ৪,৩০০ অনাথ শিশুক পিএম কেয়াৰ্ছ ফৰ চিল্ড্ৰেন আঁচনিৰ পৰা সহায় আগবঢ়োৱা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা আৰু শিশু বিকাশ আৰু শিশুৰ সুৰক্ষাৰ বাবে বাজেট ২৩০ শতাংশ বৃদ্ধি কৰিছে বুলিও ইৰাণীয়ে কয় ।

ইয়াৰ উপৰি চৰকাৰে ১৮ বছৰৰ তলৰ ধৰ্ষণপীড়িতসকলক ২৩ বছৰ বয়সলৈকে সুৰক্ষা দিয়াৰ সিদ্ধান্ত লৈছে । চৰকাৰে ৪০০০ টকাকৈ মাহিলি প্ৰদান কৰিব আৰু এইসকল যুৱতীৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব ।

লগতে পঢ়ক :West Bengal Panchayat polls: স্পৰ্শকাতৰ বুথৰ সবিশেষ প্ৰদান কৰা হোৱা নাছিল বি এছ এফক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.