অসম

assam

Lakhimpur Kheri case : লখিমপুৰ খেৰী গোচৰত আশীষ মিশ্ৰৰ অন্তৰ্ৱৰ্তীকালীন জামিন বৃদ্ধি ছুপ্ৰিম কোৰ্টৰ

By

Published : Jul 11, 2023, 5:22 PM IST

২০২১ চনৰ লখিমপুৰ খেৰী হিংসা গোচৰৰ মুখ্য অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰ আশীষৰ অন্তৰ্ৱৰ্তীকালীন জামিন উচ্চতম ন্যায়ালয়ে মঙলবাৰে ২৬ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰে ।

Lakhimpur Kheri case
Lakhimpur Kheri case

নিউজ ডেস্ক, ১১ জুলাই : ২০২১ চনৰ লখিমপুৰ খেৰী হিংসাৰ গোচৰত গোচৰাধীন হৈ থকা কেন্দ্ৰীয় মন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰ আশীষক প্ৰদান কৰা অন্তৰ্ৱৰ্তীকালীন জামিন উচ্চতম ন্যায়ালয়ে ২৬ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে ।

ন্যায়াধীশ সূৰ্য কান্ত আৰু দীপাংকৰ দত্তক লৈ গঠিত এখন বিচাৰপীঠে গোচৰটো সন্দৰ্ভত বিচাৰ চলি থকা বুলি উল্লেখ কৰাৰ পিছত বিষয়টো স্থগিত ৰাখে । বিগত এপ্ৰিল মাহত শীৰ্ষ ন্যায়ালয়ে কৈছিল যে বিচাৰ আদালতক দৈনন্দিন শুনানি অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়াটো সম্ভৱ নহ'ব পাৰে । লগতে আঙুলিয়াই দিছিল যে বিষয়টোৰ দৈনন্দিন শুনানিৰ বাবে অন্যান্য অমীমাংসিত গোচৰবোৰ প্ৰভাৱিত হ'ব পাৰে ।

আনহাতে, চলিত বছৰৰ মাৰ্চ মাহত আদালতে কৈছিল যে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া গতিত হোৱা বুলি কোৱাটো শুদ্ধ নহ'ব । লগতে সংশ্লিষ্ট সত্ৰ ন্যায়াধীশক বিচাৰৰ ভৱিষ্যত বিকাশৰ বিষয়ে অৱগত কৰি থাকিবলৈ নিৰ্দেশ দিছিল । ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে কৈছিল যে গোচৰটোত মুখ্য অভিযুক্ত আশিস, ভুক্তভোগীৰ প্ৰতিনিধি আৰু তেওঁলোকৰ অধিবক্তাসকলৰ বাহিৰে আন কোনো আদালতত উপস্থিত থাকিব নালাগে ।

উল্লেখ্য যে ২০২১ চনৰ ৩ অক্টোবৰত লখিমপুৰ খেৰী জিলাৰ টিকুনিয়াত তদানীন্তন উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ অঞ্চলটো ভ্ৰমণৰ বিৰুদ্ধে কৃষকসকলে প্ৰতিবাদ কৰি থকাৰ সময়তে এক হিংসাত্মক ঘটনা সংঘটিত হয় । এই ঘটনাত আঠজন লোক নিহত হয় । উত্তৰ প্ৰদেশ আৰক্ষীৰ এজাহাৰ অনুসৰি, আশীষ মিশ্ৰ বহি থকা এখন এছইউভিয়ে চাৰিজন কৃষকক মহটিয়াই নিছিল । ঘটনাটোৰ পিছত এছইউভিখনৰ চালক আৰু দুজন বিজেপি কৰ্মীক ক্ষুব্ধ কৃষকসকলে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । উক্ত হিংসাত এজন সাংবাদিকৰো মৃত্যু হৈছিল ।

আনহাতে, ২৫ জানুৱাৰীৰ নিৰ্দেশত শীৰ্ষ আদালতে নিজৰ 'চু-মটো সাংবিধানিক ক্ষমতা' প্ৰয়োগ কৰি নিৰ্দেশ দিছিল যে কৃষকসকলক গাড়ীৰে চেপি হত্যা কৰা এছইউভিখনৰ তিনিজন আৰোহীক হত্যা কৰাৰ সন্দৰ্ভত দাখিল কৰা পৃথক এজাহাৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা চাৰিজন অভিযুক্ত ক্ৰমে গুৰুবিন্দৰ সিং, কমলজিৎ সিং, গুৰুপ্ৰীত সিং আৰু বিচিত্ৰ সিঙক পৰৱৰ্তী নিৰ্দেশলৈকে অন্তৰ্ৱৰ্তীকালীন জামিনত মুকলি কৰি দিয়া হ'ব ।

ইয়াৰ উপৰি আশীষ মিশ্ৰক আঠ সপ্তাহৰ অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ সময়ত বিচাৰপীঠে কৈছিল যে তেওঁ, তেওঁৰ পৰিয়াল বা সমৰ্থকসকলে সাক্ষীসকলক প্ৰভাৱিত বা ভাবুকি দিয়াৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো প্ৰচেষ্টাত অন্তৰ্ৱৰ্তীকালীন জামিন বাতিল হ'ব । লগতে এইটোও কৈছিল যে আশীষ মিশ্ৰই অন্তৰ্ৱৰ্তীকালীন জামিনত মুক্তি পোৱাৰ এসপ্তাহৰ ভিতৰত তেওঁৰ পাছপোৰ্ট বিচাৰ আদালতত সমৰ্পণ কৰিব আৰু বিচাৰ প্ৰক্ৰিয়াত উপস্থিত থকাৰ বাহিৰে উত্তৰ প্ৰদেশত প্ৰৱেশ কৰিব নোৱাৰিব ।

শীৰ্ষ ন্যায়ালয়ে এইটোও কৈছিল যে তেওঁৰ বাসগৃহৰ স্থান বিচাৰ আদালতৰ লগতে তাৰ অধীনস্থ আৰক্ষী থানাৰ ওচৰত প্ৰকাশ কৰিব লাগিব, য'ত তেওঁ অন্তৰ্ৱৰ্তীকালীন জামিনৰ সময়ছোৱাত থাকিব । "বিচাৰ আদালতে শুনানিৰ প্ৰতিটো তাৰিখৰ পিছত এই আদালতলৈ অগ্ৰগতিৰ প্ৰতিবেদন প্ৰেৰণ কৰিব, লগতে প্ৰতিটো তাৰিখত পৰীক্ষা কৰা সাক্ষীৰ বিৱৰণ প্ৰেৰণ কৰিব ।" শীৰ্ষ আদালতে কৈছিল ।

লগতে পঢ়ক :Article 370 Abrogation: প্ৰসংগ: জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 কৰ্তন; উচ্চতম ন্যায়ালয়ত ২ আগষ্টৰ পৰা দৈনিক শুনানি

ABOUT THE AUTHOR

...view details