অসম

assam

নৰেন্দ্ৰ মোডীৰ নামেৰে ষ্টেডিয়ামৰ নামাকৰণ

By

Published : Feb 24, 2021, 2:27 PM IST

বুধবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ১,১০,০০০ আসনৰ সুবিধা থকা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম চৰ্দাৰ পেটেল মটেৰা ষ্টেডিয়াম উদ্বোধন কৰে ।

নৰেন্দ্ৰ মোডীৰ নামেৰে নামকৰণ চৰ্দাৰ পেটেল ষ্টেডিয়াম
নৰেন্দ্ৰ মোডীৰ নামেৰে ষ্টেডিয়ামৰ নামাকৰণ

নিউজ ডেস্ক,২৪ ফেব্ৰুৱাৰী: নৰেন্দ্ৰ মোডীৰ নামেৰে নামাকৰণ কৰা হৈছে গুজৰাটৰ আহমেদাবাদৰ চৰ্দাৰ পেটেল মটেৰা ষ্টেডিয়ামৰ । বুধবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলগীয়া তৃতীয়খন টেষ্টৰ পূৰ্বে আহমেদাবাদৰ চৰ্দাৰ পেটেল মটেৰা ক্ৰিকেট ষ্টেডিয়ামৰ নাম সলনি কৰি নৰেন্দ্ৰ মোডী ষ্টেডিয়াম ৰখা হৈছে ।

বুধবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ১,১০,০০০ আসনৰ সুবিধা থকা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন কৰে । এই উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰে’ল মন্ত্ৰী কিৰেণ ৰিজিজু আৰু ৰাজ্যখনৰ উপ-অধীক্ষক নীতিন পেটেল উপস্থিত থাকে ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰত সংঘৰ্ষত নিহত ৪ সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details