অসম

assam

Rishabh Pant Accident: ঋষভ পণ্টক বিমানেৰে দিল্লীলৈ নিয়াৰ সম্ভাৱনা

By

Published : Dec 31, 2022, 12:33 PM IST

আঘাতপ্ৰাপ্ত ক্ৰিকেটাৰজনক প্লাষ্টিক ছাৰ্জাৰীৰ বাবে দিল্লীলৈ স্থানান্তৰ কৰা হ'ব পাৰে । দিল্লী আৰু জিলা ক্ৰিকেট সংস্থাৰ সঞ্চালক শ্যাম শৰ্মাই এই কথা প্ৰকাশ কৰিছে (Rishabh Pant Accident) ।

Pant
Pant

নিউজ ডেস্ক, ৩১ ডিচেম্বৰ :উত্তৰাখণ্ডৰ ৰুঢ়কীত ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্টৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ এদিন পিছতে দিল্লী আৰু জিলা ক্ৰিকেট সংস্থাৰ (Delhi and District Cricket Association, DDCA) এটা দলে তেওঁৰ স্বাস্থ্য নিৰীক্ষণ কৰিবলৈ ডেৰাডুনৰ মেক্স হস্পিটেললৈ গৈ আছে (Max Hospital Dehradun) । এএনআইৰ সৈতে বাৰ্তালাপ কৰি ডিডিচিএৰ সঞ্চালক শ্যাম শৰ্মাই কয় যে প্ৰয়োজন হ'লে পণ্টক দিল্লীলৈ স্থানান্তৰ কৰা হ'ব পাৰে (Rishabh Pant may airlifted to Delhi) । প্লাষ্টিক ছাৰ্জাৰীৰ বাবে তেওঁক দিল্লীলৈ লৈ যোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ লগতে কয় ।

উল্লেখ্য, তাৰকা ক্ৰিকেটাৰ ঋষভ পণ্ট দুৰ্ঘটনাটোৰ পৰা দৈৱক্ৰমে ৰক্ষা পৰে (Rishabh Pant Accident) । তেওঁ চলাই অহা মাৰ্চিডিজ বেঞ্জ জিএলচি কুপখনে এটা ৰাস্তাৰ ডিভাইডাৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় । শুকুৰবাৰে পুৱতি নিশা দিল্লী-ডেৰাডুন ঘাইপথত সংঘটিত উক্ত ঘটনাত তেওঁৰ গাড়ীৰ চকাত জুই লাগে । টোপনিৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ২৫ বছৰীয়া পণ্টে মনে মনে আহি তেওঁৰ মাতৃক আচৰিত কৰিবলৈ নিজৰ গৃহ চহৰ ৰুঢ়কীলৈ গৈ আছিল ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আশু আৰোগ্যৰ বাবে শুভেচ্ছা বাৰ্তা দিয়ে (PM Modi pray for Rishabh Pant recovery) । "প্ৰসিদ্ধ ক্ৰিকেটাৰ ঋষভ পণ্টৰ দুৰ্ঘটনাত দুখিত । মই তেওঁৰ সুস্বাস্থ্য আৰু সুস্থতাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ।" শুকুৰবাৰে প্ৰধানমন্ত্ৰীয়ে টুইটাৰত এনেদৰে কয় । আনহাতে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ (Board of Control for Cricket in India, BCCI) সচিব জয় শ্বাহে এক বিবৃতিত কয় যে পণ্টে যাতে যিমান সম্ভৱ সৰ্বশ্ৰেষ্ঠ চিকিৎসা সেৱা লাভ কৰে আৰু এই বেদনাদায়ক পৰ্যায়ৰ পৰা ওলাই অহাৰ বাবে প্ৰয়োজনীয় সকলো সমৰ্থন লাভ কৰে তাৰ বাবে বোৰ্ডে সকলো দিশ চোৱাচিতা কৰিব । তেওঁ লগতে উল্লেখ কৰে যে বোৰ্ডে ঋষভৰ পৰিয়ালৰ সৈতে নিৰন্তৰ সম্পৰ্কত আছে । আনহাতে, চিকিৎসা দলটোৱে বৰ্তমান ঋষভৰ চিকিৎসা কৰি থকা চিকিৎসকসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্কত আছে ।

উল্লেখ্য, উইকেটৰক্ষক বেটছমেনজনে ৩৩ খন টেষ্ট মেচত ভাৰতক প্ৰতিনিধিত্ব কৰি ৪৩.৬৭ গড়ে ২২৭১ ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ নামৰ বিপৰীতে পাঁচটা টেষ্ট শতক আছে । তেওঁৰ সৰ্বোচ্চ ৰাণ হৈছে অপৰাজিত 159 । আনহাতে, পণ্টৰ নামৰ বিপৰীতে ১১৯ টা কেচ আৰু ১৪ টা ষ্টাম্পিং আছে ।

ইয়াৰ উপৰি এদিনীয়াত তেওঁ 30 খন মেচত 34.60 গড়ে 865 ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰে ভিতৰত 106.65 ষ্ট্ৰাইক ৰেটেৰে পাঁচটা অৰ্ধশতক আৰু এটা শতক তেওঁৰ নামত আছে । উইকেটৰ পিছফালে থাকি এদিনীয়াত পণ্টে 26 টা কেচ আয়ত্ত কৰাৰ বিপৰীতে এটা ষ্টাম্পিং কৰিছে । আনহাতে, 66 খন টি-20ত উইকেটৰক্ষক বেটছমেনগৰাকীয়ে 22.43 গড়ে 987 ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ নামৰ বিপৰীতে 126.37 ষ্ট্ৰাইক ৰেটেৰে তিনিটা অৰ্ধশতক আছে ।

লগতে পঢ়ক :Accident in Gujarat : গুজৰাটত শোকাৱহ দুৰ্ঘটনা, ৯ গৰাকী লোকৰ মৃত্যু

ABOUT THE AUTHOR

...view details