অসম

assam

সৱৰমতী আশ্ৰমত ‘আজাদী কা অমৃত মহোৎসৱ’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

By

Published : Mar 12, 2021, 10:28 AM IST

শুকুৰবাৰে আহমেদাবাদৰ সৱৰমতী আশ্ৰমত ‘আজাদী কা অমৃত মহোৎসৱ’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাৰত চৰকাৰে ভাৰতৰ স্বাধীনতাৰ 75 সংখ্যক বাৰ্ষিকীৰ স্মৰণৰ উদ্দেশ্যে এই মহোৎসৱখনি আয়োজন কৰিছে ৷

PM Modi to inaugurate Azadi ka Amrut Mahotsav in Ahmedabad today
সৱৰমতী আশ্ৰমত ‘আজাদী কা অমৃত মহোৎসৱ’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

নিউজ ডেস্ক, 12 মাৰ্চ: শুকুৰবাৰে আহমেদাবাদৰ সৱৰমতী আশ্ৰমত ‘আজাদী কা অমৃত মহোৎসৱ’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইয়াৰ উপৰিও সৱৰমতী আশ্ৰমৰ পৰা আৰম্ভ হ’বলগীয়া পদযাত্ৰাৰো শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ভাৰত চৰকাৰে দেশৰ স্বাধীনতাৰ 75 সংখ্যক বাৰ্ষিকীৰ স্মৰণৰ উদ্দেশ্যে এই মহোৎসৱখনি আয়োজন কৰিছে ৷

সৱৰমতী আশ্ৰমৰ পৰা আৰম্ভ হ’বলগীয়া পদযাত্ৰা সন্দৰ্ভত বৃহস্পতিবাৰে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পাটিলে কৈছিল যে, ‘এই পদযাত্ৰাৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সৱৰমতী আশ্ৰমৰ পৰা আৰম্ভ হ’বলগীয়া 25 দিনীয়া এই পদযাত্ৰাৰ 5 এপ্ৰিলত দাণ্ডীত সামৰণি পৰিব ৷’ পদযাত্ৰাৰ আৰম্ভণিৰ পৰা প্ৰায় 75 কিলোমিটাৰ পথ যাত্ৰা কৰিব কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পাটিলে ৷

ইয়াৰ উপৰিও শুকুৰবাৰৰ দিনটোত বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰেও বিভিন্ন কাৰ্যসূচী হাতত লৈছে ৷ সমান্তৰালকৈ ভাৰতীয় পুৰাতত্ব বিভাগ, পৰ্যটন মন্ত্ৰণালয়ৰ অন্তৰ্গত আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰসমূহ, যুৱ মন্ত্ৰণায়লয়েও বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছে ৷

লগতে পঢ়ক-বিশ্ব বৃক্ক দিৱস: বৃক্কৰ স্বস্থ্য সন্দৰ্ভত কিছু কথা...

ABOUT THE AUTHOR

...view details