অসম

assam

PM Modi America Visit: দ্বিতীয়বাৰলৈ USৰ কংগ্ৰেছৰ যৌথ বৈঠক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

By

Published : Jun 7, 2023, 3:05 PM IST

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটৰ দ্বি-দলীয় বৈঠকলৈ আমন্ত্ৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক (PM Modi in US Parliament)৷ 22 জুনত কংগ্ৰেছৰ যুটীয়া বৈঠকত ভাষণ দিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ দ্বি-দলীয় নেতৃত্বৰ বৈঠকত দ্বিতীয়বাৰ ভাষণ দিয়া ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী হিচাপে বিবেচিত হ’ব মোদী ৷

PM Modi to visit America
দ্বিতীয়বাৰলৈ US কংগ্ৰেছৰ যুটীয়া বৈঠকত সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ইন্টানেশ্যনেল ডেস্ক, 6 জুন: পুনৰ অভিলেখ গঢ়াৰ দিশে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ 2016 চনৰ পাচত পুনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ এখন যুটীয়া বৈঠকত ভাষণ দিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi in US Parliament)৷ কেইবাটাও চৰকাৰী কাৰ্যসূচী হাতত লৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণলৈ যাব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi visits America)৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটৰ দ্বি-দলীয় নেতৃত্বৰ বৈঠক হ’ব 22 জুনত ৷ 22 জুনত কংগ্ৰেছৰ যুটীয়া বৈঠকত ভাষণ দিব ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ দ্বি-দলীয় বৈঠকৰ নেতৃত্বৰ আমন্ত্ৰণ পোৱাৰ পাচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে কয় ‘‘ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে গোলকীয় কৌশলগত অংশীদাৰীত্বৰ বাবে ভাৰত গৌৰৱান্বিত, যি গণতান্ত্ৰিক মূল্যবোধৰ অংশীদাৰী (Joint sitting of the US Parliament)৷ জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্ক গঢ় ল’ব, বিশ্বশান্তি আৰু সমৃদ্ধিৰ প্ৰতি এক অটল প্ৰতিশ্ৰুতিৰ ওপৰত আধাৰিত হ’ব ৷ ’’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে এক টুইটযোগে এই মন্তব্য কৰে ৷

এই আমন্ত্ৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছৰ অধ্যক্ষ কেভিন মেককাৰ্থি, চিনেটৰ বিৰোধী দলৰ নেতা চাক শ্বুমাৰকো ধন্যবাদ জনাই ৷ ‘‘কংগ্ৰেছৰ যুটীয়া বৈঠকত পুনৰ এবাৰ ভাষণ দিবলৈ মই অপেক্ষাৰত ৷’’ এই দৰে টুইটযোগে ব্যক্ত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে প্ৰধানমন্ত্ৰী মোদীক সংগ দিয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ বাবে নৈশ ভোজনৰ আয়োজন কৰা হৈছে বুলি সদৰি কৰে (PM Modis meeting with Joe Biden) ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যুটীয়া বৈঠকত প্ৰধানমন্ত্ৰী মোডীৰ আগন্তুক ভাষণ ঐতিহাসিক হ’ব বুলি উল্লেখ কৰি মাৰ্কিন কংগ্ৰেছৰ বিষয়াসকলে কয় যে তেওঁ দুবাৰকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যুটীয়া বৈঠকত ভাষণ প্ৰদান কৰা ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ’ব । ইয়াৰ পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে তিনিবাৰকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছক সম্বোধন কৰিছে (PM Modi address US congress for 2nd time) ৷

প্ৰধানমন্ত্ৰী মোদীয়ে যদি 22 জুনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছক সম্বোধন কৰে তেতিয়া হ’লে সৰ্বাধিকবাৰ কংগ্ৰেছক সম্বোধন কৰা বিশ্বৰ দ্বিতীয় গৰাকী নেতা হ’ব ৷ প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা এই সন্মানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তেওঁৰ প্ৰতি দ্বিপক্ষীয় সন্মান আৰু সমৰ্থন প্ৰদৰ্শন কৰাকে সূচাইছে বুলি কয় প্ৰধানমন্ত্ৰী মোদীয়ে ৷

লগতে পঢ়ক:Oil Prices Hike : চৌডি আৰবে উৎপাদন হ্ৰাস ঘোষণাৰ পিছতে তেলৰ মূল্য বৃদ্ধি

ABOUT THE AUTHOR

...view details