অসম

assam

আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন মোডীৰ

By

Published : Mar 8, 2021, 10:01 AM IST

বিভিন্ন খণ্ডত দেশত মহিলা সৱলীকৰণক আগুৱাই নিয়াৰ বাবে কাম কৰাৰ সুযোগ পোৱাটো মোডী চৰকাৰৰ সন্মান বুলি টুইটযোগে মন্তব্য কৰি আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে ।

আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন মোডীৰ
আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন মোডীৰ

নিউজ ডেস্ক,৮ মাৰ্চ: আজি আন্তৰ্জাতিক নাৰী দিৱস ৷ এই দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাৰী শক্তিক প্ৰশংসা কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰি কয় যে, মহিলাৰ সাফল্যৰ কাৰণে ভাৰতে গৌৰৱ অনুভৱ কৰে । বিভিন্ন খণ্ডত দেশত মহিলা সৱলীকৰণক আগুৱাই নিয়াৰ বাবে কাম কৰাৰ সুযোগ পোৱাটো মোডী চৰকাৰৰ সন্মান বুলি টুইটযোগে মন্তব্য কৰে মোডীয়ে ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে বিনামূলীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ, বেংক একাউণ্ট, শৌচাগাৰ নিৰ্মাণ আদিৰ দৰে আঁচনিৰ ওপৰত আলোকপাত কৰি কয় যে মহিলা সবলীকৰণৰ বাবে এই আঁচনিসমূহ ৰূপায়ণ কৰা হৈছে ৷

লগতে পঢ়ক: আন্তৰাষ্ট্ৰীয় নাৰী দিৱস: বিদ্যালয়ৰ বাছ চলোৱা এগৰাকী শিক্ষয়িত্ৰী

ABOUT THE AUTHOR

...view details