অসম

assam

Tragic incident in Bangalore: পুত্ৰৰ চিকিৎসাৰ বাবে গৈ আদবাটতে প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়ে

By

Published : Oct 4, 2022, 9:37 PM IST

হোছাকোটেৰ মাইলাপুৰা গেটত শোকাৱহ পথ দুৰ্ঘটনা (Tragic road accident in Bangalore)৷ গুৰুতৰভাৱে আহত ২০ জনকৈ লোক ৷ ৰাজ্যিক পৰিবহনৰ বাছ চালকজনৰ গাফিলতিৰ বাবেই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় বুলি বেংগালুৰু গ্ৰাম্য জিলাৰ আৰক্ষী অধীক্ষক মল্লিকাৰ্জুন বালাদন্দীয়ে জানিবলৈ দিয়ে ৷

parents died while going for treatment in Karnataka
parents died while going for treatment in Karnataka

নেশ্যনেল ডেস্ক,10 অক্টোবৰ:ৰাখে হৰি মাৰে কোনে,মাৰে হৰি ৰাখে কোনে- এই কথাশাৰীয়ে যেন প্ৰতিফলিত হ'ল তামিলনাডুৰ ৰাণীপেট জিলাৰ কলিপাট্টুৰ এটি পৰিয়ালৰ সৈতে(Tragic incident in Tamilnadu) ৷ কলিপাট্টুৰ এটি দুখীয়া পৰিয়াল বালামুৰুগান (৪৫) আৰু চেলভি (৩৬)ৰ দুজন পুত্ৰ ৷ কৰ্মসূত্ৰে চাৰি বছৰ ধৰি বেংগালুৰুত বসবাস কৰি অহা পৰিয়ালটোৰ সৰু পুত্ৰজন মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ বিষয়ে পৰিয়ালটো অৱগত হোৱাৰ পাছতেই পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰে ৷

দৰিদ্ৰ পৰিয়ালটোৰ মৰ্মবেদনা বুজি পৰিয়ালটোৰ সহায়ৰ বাবে আগবাঢ়ি আহে ব্যক্তি বিশেষৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান ৷ এটি সংস্থাই ল'ৰাজনৰ চিকিৎসাৰ বাবে 1 কোটি টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা কৰাৰ পাছতেই পৰিয়ালটোয়ে সৰু পুত্ৰক লগত লৈ ব্যক্তিগত কিছু কামৰ বাবে তেওঁলোকৰ গৃহ জিলা তামিলনাডুলৈ উভতি আহে শুকুৰবাৰে আৰু ৰবিবাৰে পুনৰ সৰু পুত্ৰজনৰ চিকিৎসা আৰম্ভ কৰাৰ উদ্দেশৰে বেংগালুৰুলৈ উভতিবৰ বাবে কৰ্ণাটক ৰাজ্যিক পৰিবহণৰ বাছত উঠে নৈশ যাত্ৰাৰ বাবে ৷

দৰিদ্ৰ পৰিয়ালটোৰ ওভতনি যাত্ৰাৰ সময়তে হোছাকোটেৰ মাইলাপুৰা গেটত বাছখনে ৰাস্তাৰ কাষত ৰখাই থোৱা এখন বাহনত খুন্দা মৰাৰ ফলত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা(Tragic road accident in Hosakote s Mylapura gate)৷ পথ দুৰ্ঘটনাটোত বালামুৰুগান আৰু চেলভিৰ থিতাতে মজত্যু হোৱাৰ(parents died while going for treatment in Karnataka) লগতে গুৰুতৰভাৱে আহত হয় ২০ জনকৈ লোক ৷ আহতসকলৰ ভিতৰত আছে তিনিটা শিশু আৰু এই তিনিটা শিশুৰ ভিতৰত আছে মাৰাত্মক ৰোগত ভুগি থকা ইতিমধ্যে মৃত বালামুৰুগান আৰু চেলভিৰ কনিষ্ঠ পুত্ৰটিও ৷

সংকটজনক ৰোগৰ সৈতে যুঁজি থকা শিশুটিক ইতিমধ্যে চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ৷ আনহাতে, গুৰুতৰভাৱে আহত লোকসকলক বেংগালুৰুৰ মণিপাল হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে (Bangalore Manipal Hospital)। চালকজনৰ গাফিলতিৰ বাবেই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় বুলি বেংগালুৰু গ্ৰাম্য জিলাৰ আৰক্ষী অধীক্ষক মালিকাৰজুনা বালাদন্দীয়ে জানিবলৈ দিয়ে ৷

বৰ্তমানেও চালকজন পলাতক অৱস্থাত আছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰা নশ্বৰ দেহকেইটা কলিপাট্টুত উপস্থিত হোৱাৰ পাছতেই অঞ্চলজুৰি সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ ৷

লগতে পঢ়ক:24 বছৰৰ বিচাৰ পিছত 45 টকা চুৰি কৰাৰ গোচৰত চাৰি দিনৰ কাৰাদণ্ড

ABOUT THE AUTHOR

...view details