অসম

assam

প্ৰধান মন্ত্ৰীক ধন্যবাদ জনাবলৈ দিয়া UGC ৰ আদেশক সমালোচনা NSUIৰ

By

Published : Jun 23, 2021, 8:44 AM IST

বিশ্ববিদ্যালয় অনুদান আয়োগে(UGC) বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহত বিনামূলীয়া টীকাকৰণৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী(NARENDRA MODI)ক ধন্যবাদ জনাই বেনাৰ লগাবলৈ নিৰ্দেশ দিয়াৰ পাচতে ইজিচি(UGC)ৰ বিৰুদ্ধে জাঙুৰ খাই উঠে NSUI ৷ মঙলবাৰে প্ৰধান মন্ত্ৰীৰ এনে কাৰ্য নিৰ্লজ্জ কাৰ্য" বুলি অভিহিত কৰে ছাত্ৰ সংগঠনটোৱে ৷

NSUI slams UGC for ''Thank you PM Modi' posters move
প্ৰধান মন্ত্ৰীক ধন্যবাদ জনাবলৈ দিয়া UGC ৰ আদেশক সমালোচনা NSUIৰ

নেশ্যনেল ডেস্ক, 23 জুন :দেশজুৰি আৰম্ভ হোৱা 18 বছৰৰ উৰ্ধৰ সকলো লোককে প্ৰতিষেধ(vaccine)ক প্ৰদান কাৰ্যসূচীত বিশ্ববিদ্যালয় অনুদান আয়োগে(UGC) বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহত বিনামূলীয়া টীকাকৰণৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(NARENDRA MODI)ক ধন্যবাদ জনাই বেনাৰ লগাবলৈ নিৰ্দেশ দিয়ে ৷ এই নিৰ্দেশৰ পাচতে ইজিচি(UGC)ৰ বিৰুদ্ধে জাঙুৰ খাই উঠে NSUI ৷ মঙলবাৰে প্ৰধান মন্ত্ৰীৰ এনে কাৰ্য নিৰ্লজ্জ কাৰ্য" বুলি অভিহিত কৰে ৷ ছাত্ৰ সংগঠনটোৱে প্ৰথমে শিক্ষাৰ্থীৰ সমস্যাসমূহ সামাধান কৰিবলৈ ইজিচিক দাবী জনাই এই কাৰ্যক গৰিহণা দিয়ে ৷

এনএছইউআই(NSUI)ৰ ৰাষ্ট্ৰীয় সভাপতি নীৰজ লুণ্ডানে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই পোষ্টাৰ লগোৱাৰ আদেশৰ বাবে ইজিচি(UGC)ক গৰিহণা দি কয়, "কিহৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাব লাগে ?দেশত মহামাৰী আৰম্ভ হোৱাৰ এবছৰৰো অধিক সময় হ'ল, কিন্তু চৰকাৰে কেৱল প্ৰধানমন্ত্ৰীৰ ভাৱমূৰ্তি গঢ়ি তোলাত মনোনিৱেশ কৰি আছে, যাৰ ফলত জনসাধাৰণ ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে। এয়া মোডী চৰকাৰৰ "নিৰ্লজ্জ কাৰ্য" ৷ লগতে ছাত্ৰনেতা গৰাকীয়ে কয়, শিক্ষাৰ্থীসকলৰ বাবে টীকাকৰণক অগ্ৰাধিকাৰ দিয়া বা তেওঁলোকৰ হেৰুওৱা শিক্ষাবৰ্ষৰ ক্ষতিপূৰণৰ নীতিৰ ওপৰত গুৰুত্ব দিয়াৰ সলনি, চৰকাৰে আত্ম-প্ৰশংসা কৰা পোষ্টাৰৰ আঁৰত ইয়াৰ বিফলতা লুকুৱাই ৰাখিবলৈ ব্যস্ত হৈ পৰিছে।

প্ৰধানমন্ত্ৰীলৈ মোৰ প্ৰশ্ন, তেওঁৰ তত্বাৱধানতম দেশৰ লোকসকলে কিয় মৃত্যুমুখত পৰিব লগা হৈছে সেই বিষয়ে তেওঁ জনসাধাৰণক উত্তৰ দিয়ক ৷ পাচত জনতাৰ পৰা ধন্যবাদ লৈ থাকিব ৷ ইফালে, এনএছইউআই(NSUI)ৰ নেতাজনে পাঁচটা বিষয়ত প্ৰধানমন্ত্ৰীক 'ধন্যবাদ' জনাই পোষ্টাৰ লগোৱা কাৰ্যসূচীক প্ৰতিৰোধ কৰিবলৈ সকলো শিক্ষাৰ্থীক অনুৰোধ জনাইছে।

উল্লেখ্যে যে,পাঁচটা বিশেষ কাৰণ যেনে, 1. শিক্ষাৰ্থীসকলৰ বাবে কোনো টিকাকৰণ নীতি প্ৰস্তুত নকৰাৰ বাবে

2. শিক্ষাৰ্থীসকলক মাচুল আৰু ঋণৰ ওপৰত কোনো শিথিলতা নিদিয়াৰ বাবে

3. শিক্ষাৰ্থীসকলৰ শৈক্ষিক বৰ্ষ নষ্ট কৰাৰ কাৰণে

4. নিবনুৱাসকলক দিয়া প্ৰতিশ্ৰুতি উপেক্ষা কৰাৰ বাবে আৰু

5. শিক্ষাৰ্থীসকলৰ বাবে কোনো সাহায্য পেকেজ ঘোষণা নকৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাবলৈহে কয় ছাত্ৰনেতা গৰাকীয়ে ৷

আনহাতে, এনএছইউআই(NSUI)ৰ ৰাষ্ট্ৰীয় সম্পাদক লোকেশ চুঘে কয় যে, বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ চৌহদত "কিহৰ বাবে মোদীক ধন্যবাদ?" শীৰ্ষক এক প্ৰচাৰ আৰম্ভ কৰাৰ বাবেহে পৰিকল্পনা কৰা হৈছে ৷ এই অভিযানৰ জৰিয়তে ছাত্ৰসকলে চৰকাৰক 'প্ৰধানমন্ত্ৰীয়ে তেওঁক কিহৰ বাবে ধন্যবাদ জনাব বিচাৰে' বুলি পোষ্টাৰ লগাই কেন্দ্ৰীয় চৰকাৰক উপেক্ষা কৰাৰ পৰিকল্পনা কৰা হৈছে বুলিও জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা: 'Well done India!'

ABOUT THE AUTHOR

...view details