ইণ্টাৰনেশ্যনেল ডেস্ক,৬ ছেপ্টেম্বৰ :স্বাভাৱিক পৰিৱেশত আমি বেছিখিনি সময় বাহিৰত ভ্ৰমণ কৰি অতিবাহিত কৰিবলৈ আৰম্ভ কৰিছো । যাৰ বাবে কিতাপ বা গ্ৰন্থৰ সৈতে আমি কম সময় অতিবাহিত কৰিব পাৰো । বিশেষকৈ এগৰাকী গ্ৰন্থ প্ৰেমীৰ বাবে এখন নতুন কিতাপ পঢ়াতকৈ বেছি গুৰুত্বপূৰ্ণ একো হ'ব নোৱাৰে । কিন্তু যেতিয়া আমি বহি কিতাপ এখন পঢ়িবলৈ সময় নাপাও তেতিয়া কি কৰিম ?
ৰাষ্ট্ৰীয় গ্ৰন্থ অধ্য়য়ন দিৱস উপলক্ষে আমি ব্ৰিটিছ কাউন্সিল ডিজিটেল লাইব্ৰেৰীৰ (British council digital library) বিষয়ে আলোচনা কৰিব পাৰো । ইয়াত আপোনাৰ প্ৰিয় কিতাপখন শুনিব পাৰিব । গ্ৰন্থ শুনা এক নতুন পদ্ধতি । যাৰ বাবে ব্ৰিটিছ কাউন্সিলৰ ডিজিটেল লাইব্ৰেৰীত প্ৰত্যক্ষ কৰা অনুসৰি ২০২০ চনৰ পৰা ২০২২ৰ আগষ্টলৈকে অডিঅ' বুকৰ সদস্যৰ সংখ্যা ৪১ শতাংশ বৃদ্ধি হৈছে ।
কিতাপৰ সৈতে আমাৰ সম্পৰ্ক বজাই ৰখাৰ বাবে অডিঅ' বুক এক উৎকৃষ্ট মাধ্যম । খোজ কাঢ়িবলৈ ওলাই যাওক বা অফিচলৈ যাওক বা কোনো কাম কৰি থাকক, কিতাপ এখন শুনাটো এতিয়া বহুতো গ্ৰন্থ প্ৰেমীৰ বাবে পছন্দ হৈ পৰিছে । ব্ৰিটিছ কাউন্সিল ডিজিটেল লাইব্ৰেৰীত অডিঅ' বুকৰ এক কিউৰেটেড সংগ্ৰহ আছে ।
ক্লাছিকৰ পৰা নতুন কিতাপলৈ, কাল্পনিক কাহিনী বা সত্য ঘটনালৈ যিবোৰ কিতাপ আপুনি যিকোনো স্থানত, যিকোনো সময়তে উপভোগ কৰিব পাৰে । সেয়েহে আপোনাৰ প্লেলিষ্ট বনাই লওক, আপোনাৰ হেডফোন লগাওক আৰু আপোনাৰ প্ৰিয় লেখকসকলৰ কিতাপ শুনিবলৈ আৰম্ভ কৰক ।