অসম

assam

অৰুণাচল সীমান্তত ভাৰতীয় সেনাৰ হাতত সংযোজন অত্যাধুনিক অস্ত্ৰ

By

Published : Sep 12, 2022, 4:36 PM IST

মাৰাত্মক ঘাটক অস্ত্ৰ ইজৰাইল আৰু আমেৰিকাৰ পৰা চলিত বৰ্ষৰত লাভ কৰিবলৈ সক্ষম হৈছে (deadly killer weapons from Israel and US) । শেহতীয়াকৈ আমেৰিকাৰ পৰা লাভ কৰা চিগ ছাউৰ Seg ৰাইফল অৰুণাচল প্ৰদেশত অৱস্থিত সেনাৰ দুটা কোম্পানীৰ হাতত ৫০% উপলব্ধ হৈছে ।

Indian Army
Indian Army

তেজপুৰ, ১২ ছেপ্টেম্বৰ :ভাৰত-চীন সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ হাতত নতুনকৈ সংযোজিত হৈছে বহুতো অত্যাধুনিক কৌশলগত অস্ত্ৰ-শস্ত্ৰ (Modern arms and ammunition to Indian Army) । ভাৰতীয় সেনাৰ এক উচ্চস্তৰীয় সূত্ৰই আজি ইটিভি ভাৰতক এই বিষয়ে উল্লেখ কৰি কয় যে বৰ্তমান সেনাত এই নতুন সংযোজনে এক অনন্য মাত্ৰা প্ৰদান কৰিছে (Indian Army at Arunachal border) ।

বিশেষকৈ মাৰাত্মক ঘাটক অস্ত্ৰ ইজৰাইল আৰু আমেৰিকাৰ পৰা চলিত বৰ্ষৰত লাভ কৰিবলৈ সক্ষম হৈছে (deadly killer weapons from Israel and US) । শেহতীয়াকৈ আমেৰিকাৰ পৰা লাভ কৰা চিগ ছাউৰ Seg ৰাইফল অৰুণাচল প্ৰদেশত অৱস্থিত সেনাৰ দুটা কোম্পানীৰ হাতত ৫০% উপলব্ধ হৈছে । আনহাতে, ইজৰাইলৰ নেগেভ লাইট মেচিন গান (এল এম জি), কাৰ্ল গুষ্টাফ-এম কে ৩ ৮৪ মিলিমিটাৰ ৰকেট লঞ্চাৰ, ডিজিটেল স্পটাৰ স্কোপ, টহলদাৰী বাহন, অল-টেৰেইন বাহন আৰু ছেটেলাইট টাৰ্মিনেল আদি পদাতিক সৈন্যৰ বাবে কিছুমান নতুন সংযোজন পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং খণ্ডৰ বাহিৰেও অৰুণাচল প্ৰদেশৰ বাকী অঞ্চলত প্ৰদান কৰা হৈছে (Modern weapons to Indian Army at Arunachal border)।

Indian Armyঅৰুণাচল সীমান্তত ভাৰতীয় সেনাৰ হাতত সংযোজন অত্যাধুনিক অস্ত্ৰ

এই সামগ্ৰীয়ে ফৰৱাৰ্ড পোষ্টত হেলিপেডৰ সৈতে আৰএলপিৰ অৰ্থাৎ Rest Arunachal Pradesh ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (Line of Actual Control) কাষৰীয়া ফৰৱাৰ্ড এলেকাত নিৰ্মাণ কৰা হেলিপেডৰ ওপৰত Chinook হেভি লিফ্ট হেলিকপ্টাৰত M777 আল্ট্ৰা-লাইট Howitzers সংযোজনে সীমান্ত অঞ্চলটোৰ সামগ্ৰিক ক্ষমতা দুগুণ বৃদ্ধি কৰিছে । এইবোৰত আটাইতকৈ ডাঙৰ হেলিকপ্টাৰ, CH-47F(I) চিনুক হেভি-লিফ্ট হেলিকপ্টাৰ ব্যৱহাৰ কৰিব পাৰে আৰু ই ব্যৱহাৰৰ বাবে যথেষ্ট সুবিধাজনক ।

এই উন্নয়নসমূহ সমগ্ৰ এল এ চিত চীনৰ ব্যাপক উন্নীতকৰণৰ বিপৰীতে আৰ এ এল পিত ভাৰতৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰিছে (India China border at Arunachal)। নেগেভ এলএমজি- সেনাবাহিনীত প্ৰায় মুঠ সংখ্যা ১৬০০০-১৭০০০ৰ ভিতৰত । বৰ্তমান সকলো বেটেলিয়নে অৰুণাচল প্ৰদেশৰ স্পৰ্শকাতৰ অঞ্চলত সেনাই এইবোৰ ব্যৱহাৰ কৰিছে বুলি জানিব পৰা গৈছে ।

অৰুণাচল সীমান্তত ভাৰতীয় সেনাৰ হাতত সংযোজন অত্যাধুনিক অস্ত্ৰ

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত স্বাক্ষৰিত চুক্তিৰ অধীনত সেনাই আমেৰিকাৰ চিগ চৌৰৰ পৰা ৭২,৪০০টা এছআইজি ৭১৬ এছাল্ট ৰাইফল ক্ৰয় কৰাৰ পিছত এইসমূহ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত নিয়োজিত ফ্ৰণ্টলাইন পদাতিক সৈন্যৰ সৈতে নিযুক্তি দিয়া হৈছে (India America Defence deal) । ৩.৮২ কিলোগ্ৰাম ওজনৰ SIG-716 ৰ ফলপ্ৰসূ ৰেঞ্জ ৬০০ মিটাৰ আৰু ইয়াত গধুৰ কেলিবাৰ ৭.৬২ মিলিমিটাৰ গোলাবাৰুদ বৰ্তমান ভাৰতীয় সেনাই ব্যৱহাৰ কৰিছে ।

সেনাই ২০২০ চনৰ মাৰ্চ মাহত ইজৰাইলৰ পৰা ফাষ্ট ট্ৰেক ক্ৰয়ৰ অধীনত (India Israel Defence deal) ১৬,৪৯৭ খন নেগেভ লাইট মেচিনগান (এল এম জি)ৰ চুক্তিবদ্ধ হৈছিল আৰু তাৰ পিছত সেইবোৰক নিয়ন্ত্ৰণ ৰেখাত (এল অ’ চি) চলিত বৰ্ষৰ আৰম্ভণিতে আৰএলপিত ব্যৱহাৰ আৰম্ভ কৰে । আন এটা উল্লেখযোগ্য দিশ হৈছে, থলুৱা মানৱবিহীন বিমান (ইউএভি) UAV Unman Aerial Vehicle ৰ সংযোজনে সেনাৰ সীমান্তত পহৰা দিয়া সৈন্যক বহু দূৰলৈ আগুৱাই যোৱাত সহায় কৰে । ফলত সমগ্ৰ এলএচিৰ ওপৰেৰে দিনে-নিশাই সেনাৰ দলে গভীৰভাৱে নিৰীক্ষণ কৰিব পাৰে ।

অৰুণাচল সীমান্তত ভাৰতীয় সেনাৰ হাতত সংযোজন অত্যাধুনিক অস্ত্ৰ

আমেৰিকাৰ পৰা ক্ৰয় কৰা সকলো পৰিস্থিতিত মোকাবিলা কৰা বাহন লাডাখ আৰু অৰুণাচল প্ৰদেশত বৰ্তমান মোতায়েন কৰা হৈছে । সেনাৰ বাবে আৰু এটা ডাঙৰ সংযোজন হৈছে M777 ULH ৰ অত্যাধুনিক অস্ত্ৰৰ ৰেজিমেণ্ট । এই অস্ত্ৰৰ ৰেঞ্জ ৩০ কিলোমিটাৰৰ ওপৰত আৰু মাত্ৰ ৪.২ টন ওজনৰ বাবে ইয়াক চিনুক আৰু Mi-26 হেভি-লিফ্ট হেলিকপ্টাৰেৰে পৰিবহণ কৰিব পৰা যায় ।

মাৰাত্মকতাৰ বাহিৰেও ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত নমনীয়তা আছে । কাৰণ ইয়াক বতাহত চলাব পাৰে । এই সকলোবোৰ লৈ এম ৭৭৭ৰ অস্ত্ৰৰে দুটা ৰেজিমেণ্ট অৰুণাচল প্ৰদেশৰ সীমান্তত মোতায়েন কৰা হৈছে আৰু ইতিমধ্যে তেওঁলোকক টাৱাং অঞ্চলতো মোতায়েন কৰা হৈছে । উল্লেখযোগ্য যে উন্নত প্ৰযুক্তিৰ সহায়ত সকলো ফৰৱাৰ্ড পোষ্ট অপটিকেল ফাইবাৰ কেবল লাইনৰ সৈতে সংযোগ কৰি বিগ ডাটা যোগাযোগৰ সুবিধা লাভ কৰে (Modern technology in Indian Army) । ফলত ছেটেলাইট টাৰ্মিনেলসমূহো সুৰক্ষিত হয় ।

অৰুণাচল সীমান্তত ভাৰতীয় সেনাৰ হাতত সংযোজন অত্যাধুনিক অস্ত্ৰ

ইয়াৰ অংশ হিচাপে কিছুমান ছফ্টৱেৰ ৰেডিঅ'কে ধৰি নতুন ৰেডিঅ' ছেটো প্ৰৱৰ্তন কৰা হৈছে । চীনে অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বত বুলি দাবী কৰাৰ সময়তে টাৱাং খণ্ডত ইতিমধ্যে প্ৰতিৰক্ষাৰ উল্লেখযোগ্য উন্নীতকৰণৰ লগতে শেহতীয়া বছৰত ভাৰতে চীনৰ সমান্তৰালকৈ অগ্ৰগতি লাভ কৰিছে । অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী স্পৰ্শকাতৰ ঠাইসমূহত আন্তঃগাঁথনি-RALP খণ্ডত যথেষ্ট উন্নত মানৰ কৰা হৈছে । বি আৰ অ’ আৰু এন এইচ আই ডি চি এলৰ দৰে চৰকাৰী সংস্থাই নিৰ্মাণ কৰি থকা কৌশলগত পথ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । যাৰ ফলত যোগাযোগ ব্যৱস্থা পূৰ্বতকৈ অধিক সুগম হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :সীমা সমস্যা সমাধানৰ দাবীত লখিমপুৰত KMSS ৰ পথ অৱৰোধ

ABOUT THE AUTHOR

...view details