অসম

assam

মিজোৰাম পালে আয়াৰলেণ্ড-টাইৱানৰ পৰা প্ৰেৰণ কৰা অক্সিজেন চিলিণ্ডাৰ

By

Published : May 8, 2021, 5:25 PM IST

শুকুৰবাৰে মিজোৰাম আহি পালে আয়াৰলেণ্ড, টাইৱানৰ পৰা প্ৰেৰণ কৰা অক্সিজেন চিলিণ্ডাৰ আৰু অক্সিজেন কনচেনট্ৰেটৰ । আনহাতে, স্বাস্থ্যমন্ত্ৰী ড০ আৰ লালথাংগ্লিয়ানাই ঘোষণা কৰে যে, মিজোৰামত শীঘ্ৰেই ১৮-৪৪ বছৰ বয়সৰ লোকক বিনামূলীয়াকৈ ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

Mizoram receives oxygen cylinders from Ireland and Taiwan
মিজোৰাম পালে আয়াৰলেণ্ড, টাইৱানৰ পৰা প্ৰেৰণ কৰা অক্সিজেন চিলিণ্ডাৰ

নেশ্যনেল ডেস্ক, ৮ মে': টাইৱান চৰকাৰ আৰু মেইহু বিশ্ববিদ্যালয়ৰ পৰা মিজোৰামলৈ প্ৰেৰণ কৰা হৈছে ১৫টা অক্সিজেন কনচেনট্ৰেটৰ আৰু ১৫টা অক্সিজেন চিলিণ্ডাৰ । শুকুৰবাৰে এই সামগ্ৰীসমূহ মিজোৰাম পায়হি । ইফালে, একেটা দিনতে মিজোৰাম আহি পালে আয়াৰলেণ্ডৰ পৰা প্ৰেৰণ কৰা ৬০টা অক্সিজেন কনচেনট্ৰেটৰ । যোৰহাট এয়াৰবেছৰ পৰা লেংপুই বিমানবন্দৰলৈ লৈ যোৱা হয় অক্সিজেন কনচেনট্ৰেটৰবোৰ ।

টীকাকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী ড০ আৰ লালথাংগ্লিয়ানাই কয় যে, মিজোৰামত ১৮-৪৪ বছৰ বয়সৰ লোকক শীঘ্ৰেই বিনামূলীয়াকৈ ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ১৮-৪৪ বছৰ বয়সৰ মিজোৰামৰ প্ৰায় ৫ লাখ লোকক ৩০ কোটি টকাৰ প্ৰতিষেধকৰ পালি প্ৰদান কৰা হ'ব । উল্লেখ্য যে, মিজোৰামত নতুনকৈ ১৮৪ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । এতিয়ালৈকে ৰাজ্যখনত ৭,১৪৭ জন লোক মহমাৰীৰ কবলত পৰিছে ।


লগতে পঢ়ক:ক'ভিড-১৯: মিজোৰামত নতুনকৈ ১৮৪ জন আক্ৰান্ত

ABOUT THE AUTHOR

...view details