অসম

assam

কোভাক্সিনৰ বিৰোধিতা কৰা কংগ্ৰেছী নেতাক প্ৰত্যুত্তৰ মনোজ তিৱাৰীৰ

By

Published : Jan 3, 2021, 10:34 PM IST

দেওবাৰে ভাৰতবৰ্ষই ক'ৰণাৰ প্ৰতিষেধক লাভ কৰাৰ পাচতে কংগ্ৰেছী নেতাই কোভাক্সিনৰ বিৰোধিতা কৰাক লৈ মুখ খুলিছে বিজেপি সাংসদ মনোজ তিৱাৰীৱে ৷

Manoj Tiwari lashed out at the Congress opposition to the vaccine
কোভাক্সিন বিৰোধিতা কৰা কংগ্ৰেছী নেতাক প্ৰত্যুত্তৰ বিজেপি সাংসদ মনোজ তিৱাৰীৰ

নতুন দিল্লী,3 জানুৱাৰী : এক দীঘলীয়া অপেক্ষাৰ পাচত দেওবাৰে ভাৰতবৰ্ষই কৰ'ণাৰ প্ৰতিষেধক লাভ কৰাৰ পাচতে আৰম্ভ হৈছে ৰাজনীতি ৷ কংগ্ৰেছী নেতা ৰছিদ আলভীয়ে প্ৰতিষেধকৰ বিৰুদ্ধে অপব্যৱহাৰৰ আশংকা প্ৰকাশ কৰাৰ লগতে ভাৰত বায়'টেকৰ দ্বাৰা তৈয়াৰ কৰা প্ৰতিষেধকৰ অনুমতিৰ ওপৰত শশী থাৰুৰ আৰু জয়ৰাম ৰমেশে প্ৰশ্ন উত্থাপন কৰাৰ লগে লগে উত্তৰ-পূৱ দিল্লীৰ সংসদীয় সমষ্টিৰ সাংসদ তথা বিজেপি নেতা মনোজ তিৱাৰীয়ে প্ৰত্যুত্তৰ দিয়ে ৷

প্ৰতিষেধক বিৰোধ কৰা প্ৰসংগত মনোজ তিৱাৰীয়ে কয় যে, প্ৰতিষেধৰক বিৰোধিতা কৰাটো অতি দুৰ্ভাগ্যজনক ৷ ভাৰত হৈছে ক'ৰণাৰ দুটাকৈ প্ৰতিষেধক থকা বিশ্বৰ একমাত্ৰ দেশ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচেষ্টাতে এই যাত্ৰা সফল হৈছে ৷ একে সময়তে, কংগ্ৰেছে আম আদমী পাৰ্টিকো বিতৰ্কলৈ টানি আনি গণৰাজ্য দিৱসৰ বিৰোধ কৰাৰ লগতে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা বুলিও মত প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷

আনহাতে,প্ৰতিষেধক গ্ৰহণৰ বাবে দেশবাসীক আহ্বান জনাই তিৱাৰীয়ে কয় যে, মোডী চৰকাৰে অতি সোনকালে মানুহৰ মাজত প্ৰতিষেধক প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে, যাতে দেশবাসীয়ে শীঘ্ৰে মহামাৰীৰ পৰা সুৰক্ষিত হ'ব পাৰে ৷ লগতে প্ৰতিষেধক বিৰোধী সকলৰ বাবে দেশবাসীক ওলাই আহিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক:দিল্লীত প্ৰথম পৰ্যায়ত 9 লাখ লোকক প্ৰদান কৰা হ'ব কৰ'ণাৰ প্ৰতিষেধক

ABOUT THE AUTHOR

...view details