অসম

assam

Odisha Triple Train Accident : ওড়িশাৰ ৰে'ল দুৰ্ঘটনাত পতিতক সহায়ৰ আশ্বাস; ৰে'লৱেক দোষাৰোপ মমতাৰ

By

Published : Jun 3, 2023, 5:16 PM IST

বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী শনিবাৰে ওড়িশাৰ বালাছোৰৰ ৰে'ল দুৰ্ঘটনাস্থলীত উপস্থিত হয় (Mamata Banerjee visited Odisha train accident spot) । তাত তেওঁ দুৰ্ঘটনাত পতিতসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে । লগতে তেওঁ ৰে'ল বিভাগকো তীব্ৰ সমালোচনা কৰে । উল্লেখ্য, শুকুৰবাৰে সন্ধিয়া ওড়িশাৰ বালাছোৰ ষ্টেচনৰ পৰা কিছু দূৰৈত এই ৰে'ল দুৰ্ঘটনাটো সংঘটিত হয় ।

Odisha Triple Train Accident
Odisha Triple Train Accident

নিউজ ডেস্ক, ৩ জুন : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী শনিবাৰে ওড়িশাৰ বালাছোৰৰ ৰে'ল দুৰ্ঘটনাস্থলীত (Odisha Triple Train Accident) উপস্থিত হৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰে (Mamata Banerjee assures help in Odisha victims) । অৱশ্যে তেওঁ ইয়াক গণহত্যা আখ্যা দি ৰে'লৱেক সমালোচনা কৰিবলৈও নাপাহৰে (Mamata Banerjee blames railway department) । উল্লেখ্য, শুকুৰবাৰে সন্ধিয়া ওড়িশাৰ বালাছোৰ ষ্টেচনৰ পৰা কিছু দূৰৈত এই ৰে'ল দুৰ্ঘটনাটো সংঘটিত হয় ।

এক চৰকাৰী প্ৰতিবেদন অনুসৰি, শ্বালিমাৰৰ পৰা চেন্নাই অভিমুখী ক'ৰ'মণ্ডল এক্সপ্ৰেছ আৰু যশৱন্তপুৰ-হাওৰা হামচফৰ এক্সপ্ৰেছৰ মাজত হোৱা সংঘৰ্ষৰ ফলত নিহতৰ সংখ্যাই ইতিমধ্যে ২৫০ অতিক্ৰম কৰিছে । আনহাতে, আহতৰ সংখ্যাও হাজাৰৰ ওচৰত । বংগৰ মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে নিশাতে টুইট কৰি এই দুৰ্ঘটনাৰ বাবে শোক আৰু উদ্বেগ প্ৰকাশ কৰে । তাৰ পিছত তেওঁ শনিবাৰে পুৱাতেই বালাছোৰলৈ ৰাওনা হয় (Mamata Banerjee visited Odisha train accident spot) ।

বালাছোৰৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰী মমতা ঘটনাস্থলীত উপস্থিত হয় । তেওঁ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে আলোচনাত মিলিত হয় । ইয়াৰ পিছত মমতাই কয় যে পশ্চিমবংগ চৰকাৰে সকলো ধৰণে সহায় আগবঢ়াবলৈ সাজু । তেওঁ লগতে আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে পশ্চিমবংগৰ যাত্ৰীসকলৰ চিকিৎসা আৰু ভ্ৰমণৰ ব্যৱস্থাও কৰিব । একে সময়তে মুখ্যমন্ত্ৰীয়ে কয় যে দুৰ্ঘটনাত নিহত পশ্চিমবংগৰ বাসিন্দাসকলৰ পৰিয়ালক ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব ।

আনহাতে, তেওঁ গুৰুতৰভাৱে আহতসকলক ১ লাখ টকা আৰু সামান্যভাৱে আহতসকলক ৫০ হাজাৰ টকাকৈ সাহায্য আগবঢ়োৱাৰো আশ্বাস দিয়ে । তাৰ মাজতে অৱশ্যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দুৰ্ঘটনাস্থলীৰ পৰাই ৰে'ল বিভাগৰ ওপৰত বাক্যবাণ নিক্ষেপ কৰে । তেওঁৰ মতে, বৰ্তমান ৰে'ল মন্ত্ৰালয়ক কেন্দ্ৰীয় চৰকাৰে অৱহেলা কৰিছে । ৰে'লৱেৰ বাবে পৃথক বাজেট প্ৰস্তুত নকৰাৰ উদাহৰণ দাঙি ধৰি তেওঁ কয়, "ৰে'লৱেৰ মাজত সমন্বয়ৰ অভাৱে গা কৰি উঠিছে ।"

লগতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দুৰ্ঘটনাস্থলীত আহতসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় আৰু স্থানীয় টাউন হলত তেওঁলোকৰ সৈতে আলোচনাত মিলিত হয় । তেওঁ পশ্চিমবংগৰ আহত লোকসকলক উভতাই অনাৰ ক্ষেত্ৰত সহায়ৰ আশ্বাস দিয়ে । পিছত মমতাই মুখ্যমন্ত্ৰীয়ে ছ'ৰো চিকিৎসালয়লৈ গৈ আহতসকলৰ খবৰ লয় ।

লগতে পঢ়ক :Odisha Triple Train Accident : কৱচ সুৰক্ষা প্ৰণালীৰ অভাৱতে দুৰ্ঘটনা; ওড়িশাৰ ৰে'ল দুৰ্ঘটনাৰ পিছত অভিযোগ

ABOUT THE AUTHOR

...view details