অসম

assam

ত্ৰিপুৰাত পুনৰ পৃথক ৰাজ্যৰ দাবী

By

Published : Jul 23, 2021, 4:25 PM IST

ত্ৰিপুৰাত জনজাতীয় লোকৰ বসতি প্ৰধান অঞ্চলসমূহত দ্ৰুতগতিত সমৰ্থন হেৰুৱাইছে বিজেপিৰ মিত্ৰ দল ইণ্ডিজেনাছ পিপলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা (Indigenous People’s Front of Tripura )য়ে ৷ এই সমৰ্থন পুনৰ বিচাৰি আকৌ এবাৰ পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰিছে দলটোৱে ৷

Lost in bastion IPFT reiterates TIPRALAND demand
ত্ৰিপুৰাত পুনৰ পৃথক ৰাজ্যৰ দাবী

আগৰতলা, 23 জুলাই : বিজেপি-আইপিএফটি মিত্ৰজোঁট চৰকাৰৰ কনিষ্ঠ সহযোগী ইণ্ডিজেনাছ পিপলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা (Indigenous People’s Front of Tripura )ই ৰাজ্যখনৰ জনজাতীয় লোকৰ বসতিপ্ৰধান অঞ্চলসমূহত দ্ৰুতগতিত হেৰুৱাইছে সমৰ্থন ৷ এই সমৰ্থন পুনৰ প্ৰাপ্ত কৰাৰ বাবে পৃথক ৰাজ্যৰ দাবীৰ পুনৰাবৃত্তি কৰা উচিত বুলি অনুভৱ কৰা দেখা গৈছে দলটোৱে । নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Union Home Minister Amit Shah)ৰ সৈতে হোৱা বৈঠকত দলটোৱে আকৌ এবাৰ উত্থাপিত কৰিলে পৃথক ৰাজ্যৰ দাবী ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰা দলটোত IPFTৰ সাধাৰণ সম্পাদক তথা ত্ৰিপুৰাৰ বনমন্ত্ৰী মেভাৰ কুমাৰ জামাতিয়া, বিধায়ক প্ৰশান্ত দেব্বাৰ্মা, বিধায়ক ধনঞ্জয় ত্ৰিপুৰা আৰু এজিএছ জীতেন ত্ৰিপুৰা আছিল । শেহতীয়াকৈ অনুষ্ঠিত হোৱা টিটিএএডিচি(TTAADC) নিৰ্বাচনত আঞ্চলিক দল আইপিএফটি (IPFT)য়ে এক শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে ৷ য'ত ৰাজ বংশধৰ প্ৰদ্যুত কিশোৰ দেববৰ্মন (Pradyut Kishor Deb Barman) নেতৃত্বাধীন টিপ্ৰা মোথা (TIPRA motha)ই দলটোক নিজৰ একাউণ্ট খোলাৰ ক্ষেত্ৰতো বাধা প্ৰদান কৰিছিল ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰা আইপিএফটিৰ প্ৰতিনিধি দলটো

অৱশ্যে, নিৰ্বাচনৰ পৰাজয়ৰ পিছতে দলৰ নেতাসকলে তেওঁলোকৰ দাবীৰ বাবে জোৰ দিবলৈ পুনৰ এবাৰ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক লগ কৰিবলৈ আৰম্ভ কৰিছে । আইপিএফটিয়ে (IPFT) কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে হোৱা সাক্ষাৎত তিনি পৃষ্ঠাৰ বিতং দাবীৰ খচৰা দাখিল কৰে যিটো ষষ্ঠ অনুসূচীৰ অধীনত নিৰ্ধাৰিত এলেকাসমূহৰ বাবে পৃথক ৰাজ্যৰ দাবীৰে আৰম্ভ হৈছিল । দাবী পত্ৰখনত দলৰ নেতাসকলে টিটিএএডিচি (TTADC) অঞ্চলসমূহক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ দাবী জনায় ।

তেওঁলোকৰ দাবীৰ কথা অৱগত তেওঁলোকে কয় যে, বিভাজনৰ পিছত হোৱা বৃহৎ প্ৰৱেশৰ ফলত থলুৱা সম্প্ৰদায়ৰ লোকসকল সংখ্যালঘু হৈ পৰিছে । তেওঁলোকৰ পৰৱৰ্তী দাবীত, দলটোৱে বিচাৰিছিল যে এম.এইচ.এ. পৰ্যায়ৰ পদ্ধতি সমিতি (MHA level modality committee )য়ে দিয়া পৰামৰ্শবোৰ তৎক্ষণাত ৰাজহুৱা কৰা হ'ব আৰু সেইবোৰ কাৰ্যকৰী কৰা হ'ব । আইপিএফটিৰ প্ৰতিনিধি দলটোৱে জনজাতীয় লোকসকলৰ বাবে সংৰক্ষিত খালী পদসমূহৰ বাবে এক বিশেষ নিযুক্তি অভিযানৰো দাবী কৰে ৷

১২৫ তম সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰা আৰু ৰাজ্যখনৰ খিলঞ্জীয়া জনসংখ্যাৰ মাজত বহুল ভাৱে ব্যৱহৃত ভাষা ককবৰকক অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী জনায় দলটোৱে । বৈঠকৰ পিছত আইপিএফটিৰ নেতাসকলে কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে তেওঁলোকক সকলো প্ৰকাৰে সমৰ্থন কৰাৰ আশ্বাস দিছে৷ তেওঁলোকৰ সকলো দাবী গুৰুত্ব সহকাৰে চোৱা হ'ব । অৱশ্যে, সূত্ৰ অনুসৰি, টিআইপিআৰএৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ দেববৰ্মনেও টিটিএএডিচিৰ সৱলীকৰণৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ দলটোৰ এটা প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে ৷

লগতে পঢ়ক :সোণাৰিত অস্ত্ৰসহ তিনি নগা উগ্ৰপন্থী আটক

ABOUT THE AUTHOR

...view details