অসম

assam

Lakhimpur kheri: তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে নিয়োগ কৰা হ’ব প্ৰাক্তন ন্যায়াধীশ

By

Published : Nov 15, 2021, 6:27 PM IST

বৰ্তমান বিশেষ তদন্তকাৰী দলে(SIT) উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হোৱা হিংসাত্মক ঘটনা(Lakhimpur Kheri violence)ৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । সোমবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে(Supreme Court) কয় যে, বিশেষ তদন্তকাৰী দলে চলাই থকা তদন্ত প্ৰক্ৰিয়া তদাৰকী কৰাৰ বাবে ন্যায়ালয়ে এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ নাম চূড়ান্ত কৰিব । ১৭ নৱেম্বৰত নিৰ্দেশ দিব সৰ্বোচ্চ ন্যায়ালয়ে ।

Lakhimpur violence
লখিমপুৰ খেৰীৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে প্ৰাক্তন ন্যায়াধীশৰ নাম চূড়ান্ত কৰিব উচ্চতম ন্যায়ালয়ে

নেশ্যনেল ডেস্ক, ১৫ নৱেম্বৰ: উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত সংঘটিত হোৱা হিংসাত্মক ঘটনা(Lakhimpur Kheri violence)ৰ গোচৰৰ শুনানি গ্ৰহণ কৰি সোমবাৰে উচ্চতম ন্যায়ালয়ে(Supreme Court) স্পষ্ট কৰি দিয়ে যে, তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে প্ৰাক্তন ন্যায়াধীশৰ নাম চূড়ান্ত কৰি ১৭ নৱেম্বৰত নিৰ্দেশ জাৰি কৰিব ।

উত্তৰ প্ৰদেশ(Uttar Pradesh) চৰকাৰে সোমবাৰে সৰ্বোচ্চ আদালতক পৰামৰ্শ দিছিল যে, আদালতে এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া তদাৰক কৰিবলৈ বেলেগ ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশক নিয়োগ কৰিব পাৰে । শিৱ কুমাৰ ত্ৰিপাঠী(Shiv Kumar Tripathi) আৰু চিএছ পাণ্ডা(CS Panda) নামৰ দুজন অধিবক্তাই ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমানালৈ এখন পত্ৰ প্ৰেৰণ কৰি এই হিংসাত্মক ঘটনাৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত বিচাৰিছিল । সোমবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰে আদালতে ।

উল্লেখ্য যে, যোৱা ৩ অক্টোবৰত লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনাত চাৰিজন কৃষকসহ আঠজন লোক নিহত হৈছিল । মুখ্য ন্যায়াধীশ এন ভি ৰমানা, ন্যায়াধীশ সূৰ্য কান্ত(Justice Surya Kant) আৰু ন্যায়াধীশ হিমা কোহলী(Justice Hima Kohli)ৰ বিচাৰপীঠে কয় যে, আদালতক আৰু এদিনৰ সময়ৰ প্ৰয়োজন ।

কিয়নো, আদালতে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰাকেশ কুমাৰ জৈন আৰু আন কেইবাজনো ন্যায়াধীশৰ বিষয়ে বিবেচনা কৰি আছে আৰু আদালতে এই সন্দৰ্ভত সংশ্লিষ্ট ন্যায়াধীশৰ সন্মতি ল'ব লাগিব । বিচাৰপীঠে ৰাজ্য চৰকাৰক আৰু কেইজনমান জ্যেষ্ঠ আৰক্ষী বিষয়াক এই বিশেষ তদন্তকাৰী দলত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিছে ।

আদালতে কৈছে যে, এই আৰক্ষী বিষয়াসকল উত্তৰ প্ৰদেশ কেডাৰৰ হ'লেও ৰাজ্যখনৰ স্থানীয় বাসিন্দা হ'ব নোৱাৰিব । উত্তৰ প্ৰদেশ চৰকাৰৰ পক্ষত যুক্তি আগবঢ়োৱা জ্যেষ্ঠ অধিবক্তা হৰিশ চালভেই গোচৰটোৰ তদন্ত প্ৰক্ৰিয়াৰ তদাৰকী কৰিবলৈ বেলেগ ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশক নিযুক্তি দিয়াত ৰাজ্যখনৰ কোনো সমস্যা নাই বুলি জনোৱাৰ পাচতে আদালতে এই নিৰ্দেশ জাৰি কৰে ।

যোৱা ৮ নৱেম্বৰত, আদালতে কৈছিল যে, ৰাজ্য চৰকাৰৰ দ্বাৰা নিযুক্ত এজনীয়া সদস্যৰ ন্যায়িক আয়োগে গোচৰটোৰ তদন্ত অব্যাহত ৰখাটো আদালতে নিবিচাৰে । ৰাজ্যিক আৰক্ষীৰ তদন্ত নিৰীক্ষণ কৰিবলৈ উচ্চ ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশ নিয়োগ কৰাৰ প্ৰস্তাৱ দিছিল আদালতে । ইয়াৰ পূৰ্বে, ৰাজ্য চৰকাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰদীপ কুমাৰ শ্ৰীবাস্তৱক তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণ কৰিবলৈ নিয়োজিত কৰিবলৈ পৰামৰ্শ দিছিল ।

লগতে পঢ়ক:S-400 missile systems to India : ভাৰতত এছ-৪০০ মিছাইল স্থাপন প্ৰক্ৰিয়া আৰম্ভ

ABOUT THE AUTHOR

...view details