অসম

assam

খেৰী কাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ টেনীক তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

By

Published : Oct 11, 2021, 8:38 PM IST

সোমবাৰে লখিমপুৰ খেৰীৰ সত্ৰ ন্যায়াধীশৰ আদালত শুনানি গ্ৰহণৰ পিছতে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় উত্তৰ প্ৰদেশৰ খেৰী ঘটনাৰ মূল অভিযুক্ত আশীষ মিশ্ৰা টেনীক ৷

Lakhimpur Kheri: Ashish Mishra remanded to three days police custody
খেৰী কাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ টেনীক তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

নিউজ ডেস্ক, 11 অক্টোবৰ : তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ উত্তৰ প্ৰদেশৰ খেৰী ঘটনাৰ মূল অভিযুক্ত আশীষ মিশ্ৰা টেনীক ৷ সোমবাৰে দিনৰ 11 বজাত শুনানি আৰম্ভ হয় ৷ যোৱা 9 অক্টোবৰত প্ৰায় 12 ঘন্টীয়া জেৰাৰ আন্তত গ্ৰেপ্তৰা কৰৈ হৈছিল আশীষ মিশ্ৰাক ৷

আশীষ মিশ্ৰাক আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে লখিমপুৰ খেৰীৰ সত্ৰ ন্যায়াধীশৰ আদালৰ সন্মুখত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হয় ৷ বৰ্তমানলৈকে ঘটনাৰ সৈতে জড়িত তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ঘটনাৰ তদন্ত কৰি থকা বিশেষ অনুসন্ধান কমিটীৰ আৰক্ষী উপ মহা-পৰিদৰ্শক উপেন্দ্ৰ আগৰৱালাই জনোৱা অনুসৰি জেৰাৰ সময়ত আৰক্ষীৰে সহযোগিতা কৰা নাছিল আশীষ মিশ্ৰাই ৷

অৱশ্যে, আশীষ মিশ্ৰৰ অধিবক্তা অৱধেশ সিঙে স্পষ্ট কৰি দিছে যে তেওঁৰ মক্কেল নিৰ্দোষী আৰু 3 অক্টোবৰৰ ঘটনাৰ 100 তকৈও অধিক আলোকচিত্ৰ আৰু ভিডিঅ' আৰক্ষীক হস্তান্তৰ কৰা হৈছে ।

উল্লেখ্য যে, যোৱা 3 অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনাত প্ৰায় 8 গৰাকীকৈ কৃষকে প্ৰাণ হেৰুৱাইছিল ৷ উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ যাদৱে খেৰী ভ্ৰমণৰ বাবে যোৱাৰ সময়তেই কৃষি আইনৰ বিৰুদ্ধে একাংশ কৃষক একতৃত হোৱাৰ সময়তেই এই ঘটনা সংঘটিত হয় ৷

প্ৰতিবাদকাৰী কৃষকসকলৰ অভিযোগ কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰই তেওঁলোকৰ গাৰ ওপৰত নিজৰ বাহন চলাই দিয়ে বুলি অভিযোগ উত্থাপন হৈছিল ৷

লগতে পঢ়ক :Lakhimpur Kheri violence : দুজনক আটক

ABOUT THE AUTHOR

...view details