অসম

assam

জ্যোতিৰাদিত্য সিন্ধিয়াক তীখা মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব অৰ্পণ

By

Published : Jul 7, 2022, 5:29 PM IST

জ্যোতিৰাদিত্য সিন্ধিয়াক বৃহস্পতিবাৰে প্ৰদান কৰা হয় তীখা মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব (Jyotiraditya Scindia take charge of Steel Ministry) । সিন্ধিয়া বৰ্তমান অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ দায়িত্বত আছে (Scindia is currently Civil Aviation Minister) ।

a
a

নিউজ ডেস্ক, ৭ জুলাই: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত জ্যোতিৰাদিত্য সিন্ধিয়াক নতুন দায়িত্ব অৰ্পণ । জ্যোতিৰাদিত্য সিন্ধিয়াক বৃহস্পতিবাৰে প্ৰদান কৰা হয় তীখা মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব (Jyotiraditya Scindia take charge of Steel Ministry) । সিন্ধিয়া বৰ্তমান অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ দায়িত্বত আছে (Scindia is currently Civil Aviation Minister) । ৰাজ্যসভাত মধ্য প্ৰদেশক প্ৰতিনিধিত্ব কৰা ৫১ বছৰীয়া সাংসদগৰাকী বৰ্তমানৰ মোডী চৰকাৰৰ তৃতীয় গৰাকী তীখা মন্ত্ৰী ।

নিজৰ মন্ত্ৰিত্বৰ আসনত বহাৰ পূৰ্বে তেওঁ জোতা খুলি ভগৱান গণেশৰ এটা মূৰ্তি উদ্যোগ ভৱনত থকা তেওঁৰ কাৰ্যালয়ৰ মেজত ৰাখে । তেওঁ তীখা সচিব সঞ্জয় কুমাৰ সিং আৰু মন্ত্ৰালয়ৰ আন জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত দায়িত্ব গ্ৰহণ কৰে (Scindia took charge in presence of Steel Secretary) । উল্লেখ্য, তেওঁ ৰাম চন্দ্ৰ প্ৰসাদ সিঙৰ উত্তৰাধিকাৰী হিচাবে এই দায়িত্ব গ্ৰহণ কৰে । ৰাম চন্দ্ৰ প্ৰসাদে তেওঁৰ ৰাজ্যসভাৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ এদিন পূৰ্বে বুধবাৰে নিজৰ পদৰ পৰা পদত্যাগ কৰে (Ram Chandra Prasad Singh resigned Wednesday)

প্ৰাক্তন আমোলা তথা ৰাজ্যসভাৰ সদস্য সিঙে যোৱা বছৰ ৮ জুলাইত ধৰ্মেন্দ্ৰ প্ৰধানৰ স্থানত দায়িত্ব গ্ৰহণ কৰিছিল (former bureaucrat and rajya sabha member RCP Sing) । ধৰ্মেন্দ্ৰ প্ৰধানক কেবিনেটৰ সালসলনিৰ সময়ত দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ লগতে শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব প্ৰদান কৰা হৈছিল (Dharmendra Pradhan Minister of Skill Development and Industry) ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বুধবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী সিন্ধিয়াক তেওঁৰ বিদ্যমান দপ্তৰৰ উপৰি তীখা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে বুলি এক চৰকাৰী বিবৃতিত প্ৰকাশ কৰা হৈছে (President give the charge to Scindia in advice of Modi) ।

লগতে পঢ়ক :এইবাৰ কাজিৰঙাত বিজেপিৰ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক !

ABOUT THE AUTHOR

...view details